আমি এনে এটা জাতি হ’বলৈ গৈ আছো যি কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিব: উৎপল শৰ্মা
"অতীতত স্বৰ্গদেউসকলে বিহুত বিহুদলৰ সন্মুখত মূৰ দোৱাই সেৱা লয়। ৰজাঘৰীয়া এনেকৈ সেৱা লোৱা বিশ্বৰ ক'তো নাই। এই সংস্কৃতি কেৱল অসমৰ। এই নীতি চলি থাকিব লাগিব। আমি কও সমাজ আমাৰ উৰ্ধত"।

সোমবাৰে জজ ফীল্ডত আয়োজন কৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙালী বিহু কাৰ্যসূচীত জাতিয় সংগঠনটোৰ সভাপতি উৎপল শৰ্মা কৰা মন্তব্য বৰ্তমান চৰ্চাত আছে। ভাষণত তেওঁ জাতীয় জীৱনৰ কথা চিন্তা কৰিবলৈ বিহু এক ডাঙৰ উপলক্ষ বুলি কয়।
শৰ্মাই কয়, ” ড০ ভূপেন হাজৰিকাৰ কথাৰে ব’হাগ মাঁথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ,অসমীয়া জাতিৰ ই আয়ুস ৰেখা। এই কথাৰে ভাষণ আৰম্ভ কৰাৰ তাৎপৰ্য এয়াই যে এই বিহুখনৰ জন্মলগ্ন, প্ৰসৱ বেদনাৰ সৈতে ড০ ভূপেন হাজৰিকাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত যেতিয়া ৰজাঘৰৰ দমন নীতি চলিছিল, সকলো ধৰণৰ শোভাযাত্ৰা নিষিদ্ধ কৰা হৈছিল তেতিয়া সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ১৯৮২ চনত গুৱাহাটীৰ বিহু সন্মিলনীসমূহ লগ হৈ জজ ফিল্ডৰ পৰা শোভাযাত্ৰা উলিয়াইছিল। সেই শোভাযাত্ৰাৰ নেতৃত্ব দিছিল ভূপেন হাজৰিকা, খিৰোদা বিষয়া আদিকে ধৰি অগ্ৰহ্যসকলে।
যি বিহুৰ সৈতে ভূপেন হাজৰিকাৰ সম্পৰ্ক আছে, সেই বিহু খনৰ আজিৰ এই মুকলি বিহুস্থলীত উপস্থিত হৈ গভীৰ উপলব্ধিৰে কব বিচাৰো যে এই বহাগ বিশেষ। কাৰণ এইবেলি বহাগে জাতিটোৰ হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী কঢ়িয়াই আনিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াকলৈ পৰিকল্পনা আছে। এই ক্ষেত্ৰত ৰাইজৰ পৰা উপদেশ বিচাৰিছো। ৰাইজকো আহ্বান জনাইছো এই সমগ্ৰ বছৰটো ড০ হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন কৰি সমগ্ৰ বিশ্বক দেখুৱাই দিয়ক যে ড০ ভূপেন হাজৰিকা আমাৰ হিয়াৰ আমঠু আৰু তেওঁৰ অৱৰ্তমানত আমি তেওঁক উদযাপন কৰিবলৈ পাহৰা নাই”।
তেওঁ কয়, “আমি সকলোৱে সৰুৰে পৰা শুনি আহিছো বিহু জাতীয় উৎসৱ। এটা উৎসৱ নিশাটোৰ ভিতৰতে এটা বৃহৎ জাতিৰ জাতীয় উৎসৱ হৈ নপৰে। অসমীয়া জাতি বুলি কোৱাৰ লগে লগে আৰ্য, অনাৰ্য, মংগোলীয়,অস্ত্ৰিক, আলপাইন আদিৰে সমাৱেশৰ সৈতে এই বৃহৎ মহাজাতি গঢ় লৈ উঠিছে। এই বিহুত সকলোৰে উপাদান সন্নিবিষ্ট হৈ আছে।
গৰুক গা ধুৱাই দীৰ্ঘায়ু কামনা কৰা হয়, বিশেষজ্ঞসকলৰ মতে এয়া আৰ্য পৰম্পৰা। দীঘলতীৰে গৰুক কোবাই মংগল কামনা কৰা অনাৰ্য পৰম্পৰা। লাও খা বেঙেনা খা বুলি কলে অস্ত্ৰিকসকলে আৰম্ভ কৰিছিল কৃষি আৰু গীতৰ সংযোজনৰ সৈতে আলপাইনসকলৰ সম্পৰ্ক আছে। গতিকে সকলোৰে কৃষ্টি-সংস্কৃতি বুটলি আজিৰ বিহুৰ এই ৰূপ পাইছে।
চৰকাৰক দাবী উত্থাপন কৰিছো যে ইউনিস্কোৰ হেৰিটেজৰ তালিকাৰ বিহু সন্নিবিষ্ট হোৱা। গুজৰাটৰ গৰবা, মহাকুম্ভ যদি ইউনিস্কোত সন্নিবিষ্ট হব পাৰে অসমৰ বাপতিসাহোন বিহু কিয় নোৱাৰে। এই সমগ্ৰ কথা আমি বিহুত পাতিব লাগিব। আমি পাতিব লাগে ইউনিস্কো হেৰিটেজৰ কথা, কিন্তু আজি আমি পাতি আছো অসমত স্থাপন হোৱা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বিহুৰ বন্ধ দিছে নে নাই বিষয়ক কথা। এয়া কিমান দুৰ্ভাগ্য”।
লগতে কয়, “বিহুৰ সৈতে কেৱল সংস্কৃতি জড়িত নহয়, ইয়াৰ সৈতে অৰ্থনীতিও জড়িত। বিহুৰ সৈতে কৃষক, ভঁৰাল, তাঁতশাল, শিপিনীৰ সম্পৰ্ক আছে। ৭ বিহু সকলোতে বেলেগ বেলেগকে পতা হয়। কিন্তু এই বিহু কৃষি অৰ্থীনিতৰ সৈতে জড়িত। এই বিহুত আমি পাতিব লাগিব বিহুত যঁচা বিহুৱানখন, গামোচাখন যদি অসমৰ শিপিনীৰ তাঁতশালত বোৱা নহৈ হায়দৰাবাদ, মাদ্ৰাছৰ কোনোবা কোম্পানীত প্ৰস্তুত কৰা বিজতৰীয়া গলবস্ত্ৰ হয়, তেতিয়া আমাৰ কেৱল সংস্কৃতি নহয় অৰ্থনীতিতো প্ৰভাৱ পৰিব।
আমি ক’ব লাগিব, নাচনিয়ে খোপাত লোৱা কপৌ ফুল পাহৰ খেতি যদি অসমৰ নহৈ কলকাতাৰ কোনো অৰ্কিড পাৰ্কৰ ১০০ টকা দৰত কিনা হয়, তেন্তে ই অৰ্থনীতিত প্ৰভাৱ পেলাব। এইসকলো আমি পাতিব লাগিব। জাতিটো কোনফালে গৈ আছো। হিতাধিকাৰী সৰ্বস্ব জাতি এটা হবলৈ গৈ আছো। বিহুৰ সৈতে উৰ্বৰা শক্তি, উপজ শক্তি,কৃষিৰ সম্পৰ্ক আছে। তেনে পৰিপ্ৰেক্ষিতত আমি এনে এটা জাতি গঢ়িবলৈ গৈ আছো যি জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে।
আজি অসম চৰকাৰৰ বাজেট ষ্টাৰ্টআপৰ বাবে ৬০ কোটি, বিজ্ঞান প্ৰযুক্তিৰ বাবে ৯০ কোটি ধাৰ্য কৰিছে। ইয়াৰ বিপৰীতে ১২৫০ টকা মাহে দিবলৈ ধাৰ্য কৰিছে ৫০০০ কোটি। গতিকে ভাবক পাৰ্থক্য কত। কাৰোবাক পইচা দিলে বেয়া নাপাওঁ। কিন্তু কামৰ বিনিময়ত পইচা দিয়ক। কাম নিদিয়াকৈ টকা দিয়া এয়া কেনে সংস্কৃতি”।
শৰ্মাই কয়, “অতীতত স্বৰ্গদেউসকলে বিহুত বিহুদলৰ সন্মুখত মূৰ দোৱাই সেৱা লয়। ৰজাঘৰীয়া এনেকৈ সেৱা লোৱা বিশ্বৰ কতো নাই। এই সংস্কৃতি কেৱল অসমৰ। এই নীতি চলি থাকিব লাগিব। আমি কও সমাজ আমাৰ উৰ্ধত। সমাজ বুলি কলে আজিকালি দুখন সমাজ বুজা যায়। আগতে কায়িক ভাৱে লগ পোৱা বা সাহিত্য সংস্কৃতি, সংবাদ মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা সমাজ। ইয়াৰ বিপৰীতে আজিকালি সামাজিৰ মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা সমাজ। ফেচবুক, টুইটাৰ আদিৰে সৃষ্টি হোৱা সমাজ।
অতীজত যেতিয়া পথাৰত বিহু নাচিছিল, কোনোবা হাবিৰ কাষত বিহুনাম জুৰুছিল, সেই বিহু নামৰ শব্দ ৰাইজৰ চোতালৰ হুচৰিত নাথাকে। বিহুয়ে স্থাল -কাল, শিকায়। এতিয়া সামজিক মাধ্যমত কেৱল বেয়া কথা চলে। সেই বেয়া কথা কোৱা ইনফ্লেৱেন্সাৰ সকলক মতি সাক্ষাতকাৰ লোৱা হয়। তেওঁলোকৰ কথাই কি প্ৰভাৱ পেলাব সেই কথা পাতিব লাগিব”। ইয়াৰোপৰি বিয়াৰ ক্ষেত্ৰত কেনেদৰে অসমীয়াই আনৰ সংস্কৃতি সামৰি লৈছে সেই সন্দৰ্ভতো মত পোষণ কৰে তেওঁ।
অন্য খবৰ পঢ়কঃ Rongali bihu: ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ… বিহুৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ…