ক্ষমা বিচাৰিলে অসমৰ ইতিহাস আৰু পৰম্পৰাক লৈ অপমানজনক মন্তব্য কৰা অভিষেকে…
অভিষেক কৰে কয় যে, অসমৰ জনসাধাৰণ, মুখ্যমন্ত্ৰী, অসম আৰক্ষী আৰু প্ৰতিজন সংশ্লিষ্ট পক্ষৰ ওচৰত ক্ষমা বিচাৰিছো। কাকো আঘাত দিয়াৰ উদ্দেশ্য নাছিল আৰু আগলৈও এনে ভুল নহয় বুলি উল্লেখ কৰিছে কাৰে ।
অৱশেষত অসম ৰাইজৰ ওপৰত ক্ষমা বিচাৰিলে অসমৰ ইতিহাস আৰু পৰম্পৰাক অপমান কৰা অভিষেক কৰ নামৰ ব্যক্তিজনে । সামাজিৰ মাধ্যমত অসমৰ ইতিহাস আৰু পৰম্পৰাকলৈ অপমানজনক মন্তব্য প্ৰকাশ কৰিছিল এই গৰাকী ব্যক্তিয়ে। অসমকলৈ তেওঁ কৰা অপমানজনক মন্তব্যৰ পাছতে সচেতন মহলত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছিল । সকলোৱে ব্যক্তি জনৰ মন্তব্যক গৰিহণা দিয়ে । আনকি অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ও অভিষেক কৰৰ মন্তব্য লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
শেহতীয়াকৈ সামাজিক মাধ্যমত অসমৰ ইতিহাস আৰু পৰম্পৰাকলৈ অপমানজনক মন্তব্য কৰা অভিষেকে তেওঁৰ কোনো লোকক আঘাত দিয়া উদ্দেশ্য নাছিল বুলি দাবী কৰি ক্ষমা বিচাৰিছে । সূত্ৰৰ পৰা জানিব পৰা মতে, অভিষেক কৰৰ অপমানজনক মন্তব্যৰ লগতে ভুল তথ্য বিয়পোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়ে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই।
Apologies to people, @CMOfficeAssam, @gpsinghips and every concerned party who was hurt. The intent wasn’t to hurt anyone and it will be kept in mind going forward that such incidents dont happen again 🙏🏻 pic.twitter.com/KUFIkele1o
— Abhishek Kar (@Abhishekkar_) January 10, 2025
শনিবাৰে অভিষেক কৰে ক্ষমা বিচাৰি দাবী কৰে যে, তেওঁৰ কাকো আঘাত কৰা উদ্দেশ্য নাছিল। ইউটিউব চেনেলৰ বিৱৰণীত নিজকে ‘ব্যৱসায়ী, বিনিয়োগকাৰী’ বুলি পৰিচয় দিয়া অভিষেকে জনসাধাৰণৰ আগত তথ্য প্ৰকাশ কৰাৰ পূৰ্বে ভৱিষ্যতে সেই তথ্য প্ৰথমে শুদ্ধ নে অশুদ্ধ নিশ্চিত কৰাৰ আশ্বাস দিয়ে।
এটা প’ডকাষ্টত অভিষেকে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসম চৰকাৰে । মুখ্যমন্ত্রী কার্যালয়ৰ তৰফৰ পৰা কোৱা হয় যে, “ৰিয়া উপৰেতি নামৰ এটা ইউটিউব চেনেলৰ এটা ভিডিঅ’ প্ৰকাশ কৰা হৈছে । য’ত অভিষেক কৰ নামৰ এজন ব্যক্তিয়ে অসমৰ ইতিহাস আৰু পৰম্পৰাৰ ওপৰত মানি ল’ব নোৱাৰা মন্তব্য কৰা দেখা গৈছে। উক্ত ব্যক্তিজনৰ বিৰুদ্ধে ভুল তথ্য বিয়পোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।” অসম আৰক্ষীক টেগ কৰি যোৱা শুকুৰবাৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্য়মন্ত্ৰী কাৰ্যালয়ে ।
A video from a YouTube channel ,named Riya Upreti, is in circulation where an individual named Abhishek Kar is seen making unacceptable comments on Assam’s history and traditions.
Appropriate action may be initiated against the said individual for spreading misinformation.… pic.twitter.com/NBpJSTWwMC
— Chief Minister Assam (@CMOfficeAssam) January 10, 2025
ইয়াৰ উত্তৰত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ব্যক্তি গৰাকীৰ মন্তব্য বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল । একে সময়তে অতিৰিক্ত ডিজিপি (চিআইডি) মুন্না প্ৰসাদ গুপ্তাই শনিবাৰে পিটিআইক জনোৱা মতে, অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। গুপ্তাই কয় যে, তেওঁ আপত্তিজনক মন্তব্য কৰিছে আৰু আমি তদন্তৰ যথাযথ প্ৰক্ৰিয়া আৰম্ভ কৰিছো।
এটা ইউটিউব চেনেলৰ ভিডিঅ’টোৰ এটা শিতানত অভিষেকে দাবী কৰিছে যে, অসমৰ এখন গাঁও আছে, য’ত প্ৰধান তান্ত্ৰিক প্ৰথা আছে, য’ত নাৰীৰ ইমান শক্তি আছে যে তেওঁলোকে এজন ব্যক্তিক ছাগলীলৈ ৰূপান্তৰিত কৰি পুনৰ মানুহলৈ ৰূপান্তৰিত কৰিব পাৰে । ইফালে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পোষ্টটোৰ উত্তৰত কৰে লিখিছে- ” অসমৰ জনসাধাৰণ, মুখ্যমন্ত্ৰী, অসম আৰক্ষী আৰু প্ৰতিজন সংশ্লিষ্ট পক্ষৰ ওচৰত ক্ষমা বিচাৰিছো। কাকো আঘাত দিয়াৰ উদ্দেশ্য নাছিল আৰু আগলৈও এনে ভুল নহয় বুলি উল্লেখ কৰিছে কাৰে । কৰে লগতে কয় যে, গৌণ তথ্য ব্যৱহাৰ কৰাৰ পূৰ্বে গৱেষণা ভিত্তিক তথ্যৰ ওপৰত অধিক গুৰুত্ব দিব ।