শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জাতিৰ উত্তৰণত ডাঙৰ ভূমিকা গ্ৰহণ কৰি আহিছেঃ মুখ্যমন্ত্ৰী

দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বড়োলেণ্ড অঞ্চলৰ ৩৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ক মডেল হাইস্কুললৈ ৰূপান্তৰ কৰা হ'ব যাতে বড়োলেণ্ডৰ শিক্ষাৰ এক নতুন পৰিৱেশ গঢ় লৈ উঠে।

নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জাতিৰ উত্তৰণত ডাঙৰ ভূমিকা গ্ৰহণ কৰি আহিছেঃ মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মা Image Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 16 Mar 2025 22:06 PM

দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰকে ধৰি বিভিন্নজনে। অনুষ্ঠানত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, নিখিল বড়ো ছাত্র সন্থাই বড়ো জাতিৰ উত্তৰণত বৃহৎ ভূমিকা গ্রহণ কৰি আহিছে। ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ ট্ৰাইবেল ৰেষ্ট হাউছত নিখিল বড়ো ছাত্ৰ সন্থা গঠনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই দিনটোৰ পৰা সুদীর্ঘ সময়ছোৱাত নিখিল বড়ো ছাত্ৰ সন্থাই অৰাজনৈতিক সংগঠন হিচাপে বড়ো জাতিৰ সৰ্বত্ৰ প্ৰকাৰৰ বিকাশৰ মূল নায়কৰ ভূমিকা গ্রহণ কৰি আহিছে।

শৰ্মাই কয়, ১৯৮৬ চনৰ ৩১ মে’ত দৰং জিলাত আবছুৰ অধিৱেশনত বডোফা উপেন্দ্র নাথ ব্রহ্মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল। তেওঁৰ নেতৃত্বতে বড়ো সমাজে আত্মনিয়ন্ত্ৰণৰ সপোন দেখিছিল। সেই সপোনৰ পম খেদি ২০২০ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মাৰ্গ দর্শনত নিখিল বড়ো ছাত্র সন্থা, এনডিএফবি, বড়ো জাতি আৰু বড়োলেণ্ডবাসীৰ আৰ্শীবাদত গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত নিখিল বড়ো ছাত্র সন্থা, এন ডি এফ বিৰ মাজত শান্তিচুক্তি স্বাক্ষৰ হৈছিল । মুখ্যমন্ত্রীয়ে কয় যে শান্তিচুক্তি স্বাক্ষৰ হোৱাৰ পিছৰে পৰা বড়ো জাতিৰ আৰু বড়োলেণ্ডৰ সর্বাংগীণ বিকাশৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে।

অধিবেশনত শ্বাহৰ উপস্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ মার্গ দর্শনত বড়ো ভূমিলৈ শান্তি উভতি আহিছে। বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক আজি সমগ্ৰ দেশে স্বীকাৰ কৰি লৈছে । মুখ্যমন্ত্রীয়ে অধিৱেশনত উপস্থিত থকাৰ বাবে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সপোনক চৰকাৰে বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে কোকৰাঝাৰ বিশ্ববিদ্যালয়ক পূর্ণাংগ ৰূপ দিবলৈ যাৱতীয় পদক্ষেপ লৈছে। ইয়ে বড়ো সমাজলৈ এক নতুন বৌদ্ধিক গতি নমাই আনিব। মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা নতুন চৌহদ নির্মাণ কৰিব। অহা ৩ বছৰৰ ভিতৰত ওদাগুৰিত এখন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম হাতত লোৱা হ’ব বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গেলেফু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেল লাইনৰ প্ৰস্তাৱ কৰা হৈছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে এই নতুন ৰেল লাইনটোৱে সমগ্র বড়োলেণ্ডৰ আৰ্থ-সামাজিক পৰিৱেশলৈ ব্যাপক পৰিৱৰ্তন আনিব। তেওঁ লগতে কয়, বড়োলেণ্ডৰ শৈক্ষিক উন্নয়নৰ বাবে নিখিল বড়ো ছাত্র সন্থাৰ লগত আলোচনা কৰি বড়ো মাধ্যমক উচ্চতৰ মাধ্যমিক পর্যায়লৈ আৰু পৰৱৰ্তী সময়ত স্নাতক পৰ্যায়লৈ শিক্ষাৰ মাধ্যম হিচাপে অন্তৰ্ভূক্ত কৰাৰ দিশতো পদক্ষেপ লোৱা হৈছে।

অসম বিধানসভাত কৰা ঘোষণাৰ বিষয়ে দোহাৰি তেওঁ কয় যে বড়োলেণ্ড অঞ্চলৰ ৩৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ক মডেল হাইস্কুললৈ ৰূপান্তৰ কৰা হ’ব যাতে বড়োলেণ্ডৰ শিক্ষাৰ এক নতুন পৰিৱেশ গঢ় লৈ উঠে। তেওঁ লগতে কয় যে এই বছৰৰ অক্টোবৰ মাহত ৮ ৰ পৰা ১০ হাজাৰ যুৱক-যুৱতীক লৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বৰদৈচিখলা বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰ পদক্ষেপ লোৱা হৈছে। বড়ো অঞ্চলত ১২০০ মেগাৱাটৰ আৰু এটা নতুন শক্তি উৎপাদন কেন্দ্ৰকে ধৰি সমগ্র বিটিআৰ অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে বুলিও তেওঁ কয়।

মুখ্যমন্ত্রীয়ে কয় যে নিখিল বড়ো ছাত্ৰ সন্থাৰ অনুৰোধ মর্মে ৩১ মাৰ্চত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ ওপজা দিনতো সমগ্ৰ ৰাজ্যতে ছাত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে দতমাত থকা বডোফাৰ সমাধিস্থলি ৰাজ্যিক পৰ্যায়ৰ সমাধি হিচাপে স্বীকৃতি দি ইয়াক সুন্দৰভাৱে সজাই পৰাই তুলিব আৰু প্ৰতি বছৰে ১ মে’ত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ মৃত্যুৰ দিনতো ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰে আনুষ্ঠানিকভাৱে পালন কৰিব।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে বড়ো চুক্তি আখৰে আখৰে ৰূপায়িত হোৱাটো বিচাৰে আৰু বড়ো চুক্তিৰ পিছত বিটিআৰত নতুনকৈ গাঁও অন্তর্ভুক্ত কৰা হৈছে। বড়ো ভাষা সংৰক্ষণৰ কাৰণে সঞ্চালকালয় প্ৰতিষ্ঠা কৰাৰ লগতে বিটিআৰৰ বাহিৰত থকা বড়ো লোকসকলৰ বাবে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে শোণিতপুৰ, বিশ্বনাথকে ধৰি সকলো ঠাইতে থকা বড়ো লোকসকলক ভূমিস্বত্ব প্রদানৰ বাবে ব্যৱস্থা লোৱা হৈছে। তেওঁ লগতে কয়, বড়ো চুক্তি অনুসৰি আৰ্থ-সামাজিক প্রকল্পসমূহ এটাৰ পিছত আনতো আগবঢ়াই লৈ যোৱাৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। আজি বড়োলেও অঞ্চল শান্তিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰিত হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে যোৱা ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰি এক নতুন ইতিহাস ৰচনা কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে একেখন অসমৰ তলতে বাস কৰি বড়ো লোকসকলৰ আত্মনিয়ন্ত্রণ, অধিকাৰ আগবঢ়াই লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই যাব। বিটিআৰক সমৃদ্ধি, শান্তি আৰু উন্নয়নৰ এক নতুন দিগন্তলৈ ৰূপান্তৰ কৰা হ’ব বুলিও তেওঁ কয়।

 

অন্য খবৰ পঢ়কঃ অহা ২ বছৰত ১০০ শতাংশ কাৰ্যকৰী হ’ব বড়ো শান্তি চুক্তি, ইতিমধ্যে সম্পন্ন ৮০% চৰ্ত: অমিত শ্বাহ