5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দুৰ্গা পূজাৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ পথ দুৰ্ঘটনা! নিহত ৩জন

পূজাৰ আনন্দ-উল্লাসৰ মাজতে যোগীঘোপাতো শোকাৱহ ঘটনা। পূজা চাবলৈ বুলি ঘৰৰ পৰা ওলাই আহোতেই মৃত্যুক সাৱটিলে গৌতম ৰাভাই। গৌতম ৰাভাই চলাই অহা বাইকৰ লগত চাইকেল আৰোহীৰ সংঘৰ্ষ। বাইকৰ পৰা ওফৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় গৌতম। চিকিৎসালয়ত নিয়াৰ পথত মৃত্যু গৌতম ৰাভাৰ।

দুৰ্গা পূজাৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ পথ দুৰ্ঘটনা! নিহত ৩জন
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ পথ দুৰ্ঘটনা!
trishna-kalita
Trishna Kalita | Updated On: 12 Oct 2024 16:12 PM

দুৰ্গা পূজা উপলক্ষ্য দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্য। ইয়াৰ মাজত বিভিন্ন প্ৰান্তত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। য’ত কেইবাজনো লোক আহত হোৱাৰ লগতে মৃত্যু হৈছে ৩জনৰ। গুৱাহাটীৰ জু-ৰোডত নিশা চাৰিচকীয়া বাহনে মহটিয়ালে স্কুটাৰ আৰোহীক। বৰপেটাত সংঘটিত দুৰ্ঘটনাত নিহত কেওটকুছিৰ দুই যুৱক।

নাৰায়ণপুৰৰ দেওতোলাত পথ দুৰ্ঘটনা। পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুন্দা বাইক আৰু স্কুটাৰৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২জন যুৱক। আহত এজন যুৱকৰ অৱস্থা অতি সংকটজনক। এতিয়াও উদ্ধাৰ হোৱা নাই আহত যুৱকদ্বয়ৰ পৰিচয়।

পূজাৰ আনন্দ-উল্লাসৰ মাজতে যোগীঘোপাতো শোকাৱহ ঘটনা। পূজা চাবলৈ বুলি ঘৰৰ পৰা ওলাই আহোতেই মৃত্যুক সাৱটিলে গৌতম ৰাভাই। গৌতম ৰাভাই চলাই অহা বাইকৰ লগত চাইকেল আৰোহীৰ সংঘৰ্ষ। বাইকৰ পৰা ওফৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় গৌতম। চিকিৎসালয়ত নিয়াৰ পথত মৃত্যু গৌতম ৰাভাৰ। খোৰাগাঁৱৰ কাছাৰীপাৰাত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্গাপূজাৰ উছাহৰ মাজতে বৰপেটাত শোকাৱহ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই টাৰ্ণিঙৰ ৰেলিঙত খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত নিহত বৰপেটাৰ কেওটকুছিৰ দুই যুৱক। নিহত নিশান্ত পাঠক, কিষাণ শৰ্মা। বৰপেটাৰ নগাঁও টাৰ্নিঙত সংঘটিত এই দুঘটনা।

টিংখং সমষ্টিৰ ঔগুৰিটো শুকুৰবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। টিংখং থানাৰ অন্তৰ্গত ৫২ (B) ৰাষ্ট্ৰীয় ঘাইপথত এখন বলেৰ’ আৰু বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় বাইক আৰোহীজনৰ। জানিব পৰা মতে, AS23L0393 নম্বৰৰ বলেৰ’ বাহনখনে টিংখাঙৰ ৰাজগড়ৰ পৰা ডিব্ৰুগড় কোটোহা অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা নম্বৰপ্লেটবিহীন ডমিনাৰ ৪০০ বাইকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত বাহনখনত থকা একেটা পৰিয়ালৰে তিনিজন সদস্য আহত হয়।

পূজাৰ আনন্দৰ মাজতেই গুৱাহাটী মহানগৰীত পথ দুর্ঘটনা। গুৱাহাটীৰ জু-ৰোডত নিশা সংঘটিত হয় ভয়াৱহ দুর্ঘটনা। চাৰিচকীয়া বাহনে মহটিয়ালে স্কুটাৰ আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী যুৱতী। আহত যুৱতীগৰাকীক GMCHত ভৰ্তি। মহানগৰীৰ জু-ৰোডৰ CENTROৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। চানমাৰি দিশৰ পৰা আহি আছিল চাৰিচকীয়া বাহনখন। দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তেজনাৰ। পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ লৈ আহে পৰিস্থিতি। আনহাতে একেটা স্থানতে সংঘটিত হয় আন এটা দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত খুন্দা বাইক আৰোহীৰ। আহত বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ।

ইয়াৰ উপৰিও গোৱালপাৰাৰ গোপালপুৰ টিলাপাৰাত সংঘটিত হৈছে আন এক শোকাৱহ ঘটনা। বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এগৰাকী মহিলাৰ । মৃত মহিলাগৰাকী মমতাজ বেগম। বন্যহস্তীৰ আক্ৰমণত আহত এটি শিশু। আহত শিশুটিক নিশাই গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰিছিল বন্যহস্তী।

Latest News