ADREৰ ফলাফলৰ পৰা গাহৰি বজাৰলৈ…ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে ক’লে কেইবাটাও গুৰুত্বপূৰ্ণ কথা…
ফেচবুক লাইভযোগে ADREৰ ফলাফলক লৈ বিশেষ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত প্ৰাৰ্থীসকলক বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, "ADREৰ ফলাফলক লৈ আপোনালোকে অত্যন্ত উৎকণ্ঠিত হৈ থকাৰ কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহী বা OMR শ্বীট বা Answer Key এতিয়া আপোনালোকৰ হাততে আছে।"

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
ADREৰ ফলাফলক লৈ ক্ৰমাৎ উৎকণ্ঠিত হৈ পৰিছে প্ৰাৰ্থীসকল। পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছৰে ফলাফলক লৈ আৰম্ভ হৈছে বহু জল্পনা- কল্পনা। মনত বহু আশা লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰাৰ্থীসকল। ইয়াৰ মাজতে ফলাফলৰ তাৰিখক লৈ বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
নিশা ফেচবুক লাইভযোগে ADREৰ ফলাফলক লৈ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে , ADREৰ ফলাফলক লৈ বহুতৰ মনৰ প্ৰশ্ন উত্থাপন হৈছে। প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৭ মাৰ্চৰ আগতে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। এই ক্ষেত্ৰত প্ৰাৰ্থীসকলক বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, “ADREৰ ফলাফলক লৈ আপোনালোকে অত্যন্ত উৎকণ্ঠিত হৈ থকাৰ কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহী বা OMR শ্বীট বা Answer Key এতিয়া আপোনালোকৰ হাততে আছে।” তেওঁ কয় যে, ছেবাই ফলাফল দিয়ক বা নিদিয়ক, প্ৰাৰ্থীসকলে নিজৰ ফলাফলৰ স্থিতি ইতিমধ্যেই অনুমান কৰিব পাৰিছে।
ইফালে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ তদন্তই উদঙাইছে কংগ্ৰেছৰ দিনত নিযুক্তিৰ নামত হোৱা ভয়ংকৰ দুৰ্নীতিৰ ছবি। কংগ্ৰেছ চৰকাৰ থাকিলে আজিৰ তাৰিখতো টকা-পইচাৰ লেনদেনেই হলহেঁতেন চাকৰি লাভৰ একমাত্ৰ মাপকাঠি। টকা-পইচাৰ লেনদেনে সম্পন্ন হ’লেহে ঘোষণা কৰা হলহেঁতেন ফলফল।
উল্লেখ্য যে ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) । ছেপ্টেম্বৰ মাহৰ ১৫ আৰু ২৯ তাৰিখে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ স্নাতক আৰু দশম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষা । চতুৰ্থ বৰ্গৰ পেপাৰ-১ (HSLC) আৰু পেপাৰ-২ (অষ্টম শ্ৰেণীলৈকে) ৰ পৰীক্ষা অনুষ্ঠিত হয় ২৭ অক্টোবৰত । এই পৰীক্ষাত উত্তীৰ্ণসকল নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব । লিখিত পৰীক্ষাত উত্তীৰ্ণসকলক দক্ষতা পৰীক্ষণৰ বাবে বাচনি কৰা হ’ব । যিটো তথ্য-পাতি পৰীক্ষণৰ দ্বাৰা সম্পন্ন কৰা হ’ব ।
ইয়াৰ উপৰিও ফেচবুক লাইভত ঝুমইৰ নৃত্য আৰু এডভাণ্টেজ আছাম ২.০’ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে সদৰী কৰে একাধিক তথ্য। ২৪ ফেব্ৰুৱাৰীত ৮০০০ ডেকা-গাভৰুৱে প্ৰদৰ্শন কৰিব ঝুমইৰ নৃত্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৫১খন ৰাষ্ট্ৰত প্ৰতিনিধিয়ে ঝুমইৰ নৃত্য উপভোগ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০। ২৫ তাৰিখে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিশিষ্ট উদ্যোগপতি টাটা গ্ৰুপৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেক্ৰন, ৰিলায়েন্সৰ পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ লগতে আন বহুতো বিশিষ্ট ব্যৱসায়ী উপস্থিত থাকিব বুলি জনাই মুখ্যমন্ত্ৰীয়ে। লগতে উদ্যোগপতিসকল অসমলৈ আহি গাহৰি বজাৰ দখল কৰা বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে কয় যে, সমাজে বেয়া পোৱা আৰু যুৱক-যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম কৰা নহয়। সেয়ে তেওঁলোক চিন্তিত হোৱাৰ প্ৰয়োজন নাই।