কাইলৈৰ পৰা আৰম্ভ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা! ভালদৰে জানি লওক নিয়মাৱলী, অন্যথা পৰিব পাৰে বিপদত

নিৰ্দেশনা অমান্য কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা। নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব। পৰীক্ষাক লৈ সামাজিক মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে ল’ব ব্যৱস্থা। ৩-১০ বছৰ পৰ্যন্ত জে’ল হোৱাৰ লগতে ভৰিব লাগিব ১ লাখ-১০ কোটি টকাৰ জৰিমনা।

কাইলৈৰ পৰা আৰম্ভ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা! ভালদৰে জানি লওক নিয়মাৱলী, অন্যথা পৰিব পাৰে বিপদত

কাইলৈৰ পৰা আৰম্ভ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা!

Published: 

14 Sep 2024 14:11 PM

কাইলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকীয়ে অৱতীৰ্ণ হ’ব। পৰীক্ষাৰ বাবে ৰাজ্যৰ ২৮ খন জিলাত ২৩০৫ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ তাৰ ভিতৰত ৪৩৯ টা স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । এই পৰীক্ষা কেন্দ্ৰৰ বাবে প্ৰায় ৭০ হাজাৰ নিৰীক্ষকক নিয়োগ কৰা হ’ব ।

পৰীক্ষাৰ প্ৰশ্নকাকতত মুঠ ১৫০ টা প্ৰশ্ন থাকিব । প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ০.২৫ কৈ ঋণাত্মক নম্বৰ থাকিব। ২৯ ছেপ্টেম্বৰত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাত ৫ লাখ ২৯ হাজাৰ প্ৰাৰ্থী আৰু ২৭ অক্টোবৰ চতুৰ্থ বৰ্গত ১৩ লাখ ৮০ হাজাৰ প্ৰাৰ্থী অৱৰ্তীণ হ’ব ।২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা।

কি কি নিব পাৰিব

  • তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে কেৱল এডমিট কাৰ্ড (Admit card) নিব পাৰিব।
  • নীলা বা কলা বল পেন, পেঞ্চিল, স্কেল, ৰবৰ নিব পাৰিব।
  • পৰিচয় পত্ৰ, এটিএম, ড্ৰাইভিং চাইসেন্স, নগদ ধন নিব পাৰিব।

কি কি নিব নোৱাৰে

  • মোবাইল ফোন
  • যিকোনো ইলেক্ট্ৰনিৰ সঁজুলি বা প্ৰগ্ৰেম বল ডিভাইচ বা সংৰক্ষণ মাধ্যম ডিভাইছ যেনে- স্মাৰ্ট ঘড়ী, ইলেক্ট্ৰিক পেন, স্কেনাৰ,ব্লুটুথ ডিভাইছ আদি।
  • এয়াৰ ফোন বা মাইক্ৰফোট আদি
  • কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা।

নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব । যাৰ বাবে নতুন আইন অনা হৈছে । ADREৰ পৰীক্ষা স্বচ্ছ আৰু নিকা ভাবে অনুষ্ঠিত কৰিবলৈ অসম আৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ। অসৎ উপায় অৱলম্বন কৰা প্ৰাৰ্থীৰ ৩ বছৰৰ পৰা ১০ বছৰৰ কাৰাদণ্ড লগতে ১ লাখৰ পৰা ১০ কোটি টকালৈকে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে । কোনোবা ধৰা পৰিলে দুবছৰলৈ দিব নোৱাৰিব পৰীক্ষা । সামাজিক মাধ্যমত চোকা দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে । পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ১০০ মিটাৰলৈ ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হ’ব । পৰীক্ষা কেন্দ্ৰত CCTV স্থাপন কৰা হৈছে । য’ত CCTV নাই তাত Videography কৰা হ’ব । তিনিজন ব্যক্তিয়ে কৰিব Videography ।

ইয়াৰ উপৰিও পৰীক্ষা কেন্দ্ৰত ২ ঘণ্টাৰ পূৰ্বেই উপস্থিত হ’ব লাগিব প্ৰতিগৰাকী প্ৰাৰ্থী। স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হ’ব । ষ্ট্ৰং ৰূমত পৰীক্ষাৰ প্ৰশ্ন কাকত, বহী ৰখা হ’ব।

পৰীক্ষাৰ্থীসকলৰ যাতায়তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে স্থানীয় বাছ, টেম্পো, আদি পৰ্যাপ্ত ৰূপত চলোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ জাৰি কৰিছে। এই ক্ষেত্ৰত আয়োগে এন এফ ৰে’লৱেকো যোগাযোগ কৰিছে। প্ৰাৰ্থীৰ সুবিধাৰ বাবে এন এফ ৰে’ল কৰ্তৃপক্ষই অতিৰিক্ত ১২ খন ৰেলৰ ব্যৱস্থা কৰিব। প্ৰাৰ্থীসকলৰ সকলো সুবিধাৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে পৰীক্ষা কেন্দ্ৰসমূহতো বিশেষ নজৰ দিব বিভাগীয় কৰ্তৃপক্ষই।

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?