5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ADRE: তৃতীয়-চতুৰ্থ বৰ্গৰ ১২,৬০০ টা পদৰ বিপৰীতে প্ৰাৰ্থীৰ সংখ্যা ৩২ লাখৰো অধিক…

এইবাৰ স্নাতক পৰ্যায়ৰ পদৰ বাবে মুঠ ১৫০ টা প্ৰশ্নত ১৭৫ নম্বৰ থাকিব। HSSLC পৰ্যায়ৰ বাবে মুঠ ১৫০ টা প্ৰশ্নৰ বাবে ১৫০ নম্বৰ থাকিব। লগতে  হাইস্কুল পৰ্যায়ৰ পৰীক্ষাৰ বাবে মুঠ ১৫০ টা নম্বৰৰ বিপৰীতে ১৫০ নম্বৰ থাকিব আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত মুঠ ১৩৫ টা প্ৰশ্ন থাকিব।

ADRE: তৃতীয়-চতুৰ্থ বৰ্গৰ ১২,৬০০ টা পদৰ বিপৰীতে প্ৰাৰ্থীৰ সংখ্যা ৩২ লাখৰো অধিক…
তৃতীয়- চতুৰ্থ বৰ্গৰ মুঠ পদ, প্ৰাৰ্থী
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 12 Sep 2024 13:40 PM

অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকীয়ে অৱতীৰ্ণ হ’ব। অর্থাৎ এটা পদৰ বাবে গড় হিচাপত  ৩৬৭ জন প্ৰাৰ্থীয়ে পৰীক্ষাত বহিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে এই তথ্য সদৰি কৰিছে। তথ্য অনুসৰি এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৩২ লাখতকৈ অধিকে পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইয়াৰ বিপৰীতে তৃতীয়-চতুর্থ বৰ্গৰ মুঠ পদৰ সংখ্যা ১২,৬০০ টা।

আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কয় যে, ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা। তেওঁ কয় যে, এইবাৰ পৰীক্ষাৰ বাবে ২৮ খন জিলাত মুঠ ২৩০৫ টা কেন্দ্ৰ থাকিব। পৰীক্ষা কেন্দ্ৰসমূহৰ ৪২৯ টা কেন্দ্ৰ স্পৰ্শকাতৰ বুলি উল্লেখ কৰে তিৱাৰীয়ে। লগতে কয় যে এই কেন্দ্ৰসমূহত অতিৰিক্ত আৰক্ষী, নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব। লগতে গাওঁৰক্ষা বাহিনীৰো সহযোগ বিচৰা হৈছে। এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা পৰিচালনা কৰিব ছেবাই। অর্থাৎ  সকলো প্ৰশ্নকাকত ছেবাই প্ৰস্তুত কৰিব, ছপা কৰিব আৰু অ’ এম আৰ শ্বীটৰ ব্যৱস্থা কৰিব।

ইয়াৰ লগতে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাত ৫,২৯,৯৮৯ গৰাকী, তৃতীয় বৰ্গৰ চালক পদত ২,০৪,০৯১ জন আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৮,২৭.১৩০ জন, অষ্টম শ্ৰেণী পৰ্যায়ৰ পৰীক্ষাত ৫,৫২,০০২ জন প্ৰাৰ্থী অৱতীৰ্ণ  হ’ব। আয়োগৰ তথ্য অনুসৰি এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ৩২ লাখতকৈ অধিক লোকে আবেদন কৰিছে। এইবাৰ মুঠ ১২,৬০০ টা পদত তৃতীয় বৰ্গৰ  বাবে ৭৬০০ আৰু চতুৰ্থ বৰ্গৰ বাবে ৫০০০ পদ আছে।

আয়োগে কয় যে, এইবাৰ পৰীক্ষা সুকমলে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এখন বিশেষ আইন অনা হৈছে। নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব। পৰীক্ষাক লৈ সামাজিক মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে ল’ব ব্যৱস্থা। ৩-১০ বছৰ পৰ্যন্ত জে’ল হোৱাৰ লগতে ভৰিব লাগিব ১ লাখ-১০ কোটি টকাৰ জৰিমনা। ইয়াৰ লগতে আৰু বহু নিৰ্দেশনা জাৰি কৰে আয়োগে।

পৰীক্ষাৰ্থীসকলৰ যাতায়তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে স্থানীয় বাছ, টেম্পো, আদি পৰ্যাপ্ত ৰূপত চলোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ জাৰি কৰিছে। এই ক্ষেত্ৰত আয়োগে এন এফ ৰে’লৱেকো যোগাযোগ কৰিছে। প্ৰাৰ্থীৰ সুবিধাৰ বাবে এন এফ ৰে’ল কৰ্তৃপক্ষই অতিৰিক্ত ১২ খন ৰেলৰ ব্যৱস্থা কৰিব। প্ৰাৰ্থীসকলৰ সকলো সুবিধাৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে পৰীক্ষা কেন্দ্ৰসমূহতো বিশেষ নজৰ দিব বিভাগীয় কৰ্তৃপক্ষই।

উল্লেখ্য যে, এইবাৰ স্নাতক পৰ্যায়ৰ পদৰ বাবে মুঠ ১৫০ টা প্ৰশ্নত ১৭৫ নম্বৰ থাকিব। HSSLC পৰ্যায়ৰ বাবে মুঠ ১৫০ টা প্ৰশ্নৰ বাবে ১৫০ নম্বৰ থাকিব। লগতে  হাইস্কুল পৰ্যায়ৰ পৰীক্ষাৰ বাবে মুঠ ১৫০ টা নম্বৰৰ বিপৰীতে ১৫০ নম্বৰ থাকিব আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত মুঠ ১৩৫ টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব। এইবাৰ পৰীক্ষাত ঋণাত্মক নম্বৰৰ ব্যৱস্থাও কৰিছে আয়োগে।

Latest News