ADRE: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল! অথলে গ'ল কঠোৰ নিৰাপত্তা | ADRE 3rd grade exam question papers goes viral assam social media Assam news - Assam Tv9

ADRE: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল! অথলে গ’ল কঠোৰ নিৰাপত্তা

Updated On: 

16 Sep 2024 19:17 PM

পৰীক্ষা নিকা- স্বচ্ছকৈ অনুষ্ঠিত কৰিব বিচৰাৰ পাছতো ভাইৰেল হৈ পৰিল ADRE ৰ প্ৰশ্নকাকত। কালি অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ঘৰলৈ লৈ যাব দিয়া হোৱা নাছিল। তাৰ পাছতো এতিয়া মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে প্ৰশ্নকাকত।

ADRE: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল! অথলে গল কঠোৰ নিৰাপত্তা

প্ৰশ্নকাকত ভাইৰেল

Follow Us On

বিতৰ্কই লগ নেৰে অসমৰ নিযুক্তি পৰীক্ষাত। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন প্ৰশ্ন কাকত। একাংশই দাবী কৰিছে যে ভাইৰেল হোৱা এই প্ৰশ্নকাকতখন দেওবাৰে অনুষ্ঠিত হৈ যোৱা ADRE ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ। PDF ফৰ্মেটত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে প্ৰশ্নকাকতখন। যাৰ পাছত পৰীক্ষাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ্থীক ঘৰলৈ আনিবলৈ দিয়া হোৱা নাছিল,  লগতে সেই সময়ত নাছিল ইন্টাৰনেট সেৱাও। তেনে অৱস্থাত পৰীক্ষাৰ কাকতৰ ফটো তুলি কোনে ভাইৰেল কৰিলে তাক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

প্ৰশ্নকাকত

এইবাৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰিছিল অসম চৰকাৰে। পৰীক্ষাৰ সময়ত যাতে কোনো বিসংগতিয়ে দেখা নিদিয়ে বা প্ৰশ্নকাকত ভাইৰেল হোৱাৰ দৰে ঘটনা সংঘটিত নহয় তাৰ বাবে সমগ্ৰ দেশত ১০ বজাৰ পৰা ১.৩০ বজালৈ ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল। কেৱল ইমানেই নহয়, পৰীক্ষাগৃহত এডমিট কাৰ্ড, কলমৰ বাহিৰে একোৱে নিবলৈ দিয়া হোৱা নাছিল। বাইক , গাড়ীৰ চাবি পৰ্যন্ত পৰীক্ষাৰ্থীয়ে বাহিৰত থৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল।

 

প্ৰশ্নকাকত

পৰীক্ষাৰ্থীসকলে পৰীক্ষা গৃহত প্ৰৱেশ কৰাৰ সময়তো কঠোৰ তালাচী চলোৱা হৈছিল।  একাংশই অভিযোগ তুলিছে যে একাংশ মহিলা আৰক্ষী কৰ্মীয়ে যুৱতীসকলৰ অন্তৰ্বাসত হাত ভৰাইও তালাচী চলাইছিল। এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্তও ঘোষণা কৰিছে।

ইমান নিষেধাজ্ঞা, কঠোৰ তালাচীৰ পাছতো কোনে প্ৰশ্ন কাকত ভাইৰেল কৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন।  যিহেতু পৰীক্ষাৰ্থীৰ কঠোৰ তালাচী চলোৱা হৈছিল আৰু পৰীক্ষা গৃহৰ ভিতৰত মোবাইল নিব দিয়া হোৱা নাছিল গতিকে এই ক্ষেত্ৰত পৰীক্ষা পৰিচালনা কৰা কোনোলোকৰ হাত থকা বুলি অনুমান কৰিব পাৰি।  অৱশ্যে এই পৰীক্ষাৰ প্ৰশ্ন কাকত কেতিয়া ভাইৰেল হৈছিল সেই সন্দৰ্ভত সময় এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব যে ভাইৰেল হোৱা প্ৰশ্নকাকত খন ক’ৰ পৰা কেনেকৈ মোবাইলে মোবাইলে বিয়পি পৰিছে। একাংশ পৰীক্ষাৰ্থীয়ে ভাইৰেল হোৱা প্ৰশ্নকাকতখন কালি হৈ যোৱা পৰীক্ষাৰ বুলি দাবী কৰিছে।

 

প্ৰশ্নকাকত

১৫ ছেপ্টেম্বৰৰ পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ অনুষ্ঠিত হোৱা এই পৰীক্ষাত ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকীয়ে অৱতীৰ্ণ হয়। তথ্য অনুসৰি এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৩২ লাখতকৈ অধিকে পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইয়াৰ বিপৰীতে তৃতীয়-চতুর্থ বৰ্গৰ মুঠ পদৰ সংখ্যা ১২,৬০০ টা।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version