ADRE: কি কি প্ৰশ্ন আহিল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত, চাওক... | ADRE 4rd grade exam question papers know what type of question in exam assam Assam news - Assam Tv9

ADRE: কি কি প্ৰশ্ন আহিল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত, চাওক…

ADRE 4th grade: আজি অনুষ্ঠিত হৈ যায় ADRE ৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩ টা পদৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ১৩ লাখৰো অধিক প্ৰাৰ্থীয়ে আবেদন জনাইছিল। দুটা শ্বিফ্টত অনুষ্ঠিত হয় আজিৰ পৰীক্ষা।

ADRE: কি কি প্ৰশ্ন আহিল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত, চাওক...

চতুৰ্থ বৰ্গৰ পৰীক্ষা

Updated On: 

27 Oct 2024 20:22 PM

আজি অনুষ্ঠিত হৈ যায় ADRE ৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ১৫ আৰু ২৯ ছেপ্টেম্বৰত ADREৰ তৃতীয় বৰ্গৰ নিযুক্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত আজি চতুৰ্গ বৰ্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হয়।। ৫,০২৩ টা পদৰ বাবে দুটা শ্বিফ্টত অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ বাবে প্ৰায় ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থী অৱেদন জনাইছিল। ইয়াৰে মেট্ৰিক পৰ্যায়ৰ পদসমূহৰ বাবে ৮,২৭,১৩০ গৰাকী আৰু সপ্তম শ্ৰেণী পৰ্যায়ৰ পদৰ বাবে ৫,৫২,০০২ সংখ্যক প্ৰাৰ্থীয়ে আবেদন জনাইছিল। আজিৰ এই পৰীক্ষাত অহা কেইটামান প্ৰশ্ন তলত উল্লেখ কৰা হ’ল-

 

  • সতী সাধনী কোনখন ৰাজ্যৰ সৈতে সংলগ্নিত আছিল-

A) কোচ ৰাজ্য                                    B) আহোম ৰাজ্য

C)     ডিমাছা ৰাজ্য                             D)চুটীয়া ৰাজ্য

 

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল-

ক) নবীন চন্দ্ৰ বৰদলৈ                       খ)গোপীনাথ বৰদলৈ

গ)কমলাকান্ত ভট্টাচাৰ্য                      ঘ)কৃষ্ণকান্ত সন্দিকৈ

 

  • বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়-

ক)হাইড্ৰমিটাৰ                              খ)অল্টিমিটাৰ

গ)বেৰমিটাৰ                               ঘ) থাৰ্মমিটাৰ

 

  • কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল

ক)মিকিৰ পাৰ্বত্য জিলা          খ) লুচাই পাৰ্বত্য জিলা

গ)কাছাৰ পাৰ্বত্য জিলা             ঘ)পশ্চিম নগা পাৰ্বত্য জিলা

 

  • গোভা ৰজা কোন সম্প্ৰদায়ৰ উপাধি ৰজা

ক)আহোম                   খ)মিছিং

গ)খামতি                      ঘ)তিৱা

  • নিম্মলিখিত সমূহৰ কোনটো ভাৰতৰ নাগৰিকত্বৰ মাপকাঠি নহয়-

ক)ভূমি অধিগ্ৰহণ        খ)সম্পত্তি ক্ৰয়

গ)প্ৰাকৃতিকৰণ             ঘ)বংশজ

  • নিম্নলিখিত কোনজন মুছলমান সেনাপতিৰ বিৰুদ্ধে মূলা গাভৰুৱে যুদ্ধ কৰিছিল-

ক)মিৰি কাচিম                     খ)তুৰ্বক

গ)ইলতুৎমিছ                      ঘ)উবৈদুল্লাহ

  • অসমৰ কোন সম্প্ৰদায়ত চকলং প্ৰথাৰে বিয়া অনুষ্ঠিত হয়

ক)বড়ো       খ)ডিমাছা

গ)মিছিং       ঘ)আহোম

  • কোন পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে-

ক)শিৱালিক পৰ্বতমালা        খ)বৰাইল পৰ্বতমালা

গ)ছাতপুৰা পৰ্বতমালা           ঘ)আৰবালী পৰ্বতমালা

  • নিম্ল লিখিত কোনটো শব্দ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাই-

ক)ভাতৃত্ব        খ)মৰ্যদা

গ)বিনয়           ঘ)স্বাধীনতা

  • নিম্নলিখিত সমূহৰ কোনখন ছত্তিশগড়ৰ ৰাজধানী চহৰ
  • ক)ৰায়পুৰ                   খ)ৰাঁচী
    গ)ভগলপুৰ                    ঘ)ডেৰাডুন

 

  • আলেকজেণ্ডাৰ কোনখন প্ৰাচীন ৰাজ্যৰ আছিল

ক)পাৰ্চিয়া                খ) বিজান্তিন
গ)মেচিডোনিয়া           ঘ)অটমন

 

  • নিম্ন লিখিত কোনখন দেশৰ সৈতে অসম আন্তঃৰাষ্ট্ৰীয় সীমাৰ উমৈহতীয়া অংশীদাৰ-

ক)থাইলেণ্ড              খ)ভূটান
গ)চীন                 ঘ) নেপাল

 

  • সংসদৰ উচ্চ সদনত কোৱা হয়-

ক) লোকসভা             খ)ৰাজ্যসভা
গ)বিধানসভা              ঘ)বিধান পৰিষদ

 

  • নিম্নলিখিত কোনখন জিলা বৰাত উপত্যকাত অৱস্থিত-

ক)হাইলাকান্দি               খ)দক্ষিণ শালমৰা- মানকাছাৰ
গ)চিৰাং             ঘ) মৰিগাঁও

 

  • আলি আঃয়ে লৃগাং কোন সম্প্ৰদায়ৰ উৎসৱ-

ক) খামতি              খ)মিছিং
গ)কাৰ্বি              ঘ)ডিমাছা

 

  • হিমবাহৰ প্ৰধান উপাদান কি

ক) লাভা            খ)লুণীয়া জল
গ)বৰফ            ঘ)বৰ্ষাৰণ্য

 

  • ভাৰতবৰ্ষই কেইখন দেশৰ স্থল সীমা স্পৰ্শ কৰে-

ক) ছয়                খ)সাত
গ)আঠ                       ঘ)ন

 

  • মেকমাহন সীমাৰেখাই কোন দুখন দেশক পৃথক কৰে-

ক) আফগানিস্তান আৰু পাকিস্তান             খ) ম্যানমাৰ আৰু বাংলাদেশ
গ)ভাৰত আৰু চীন                          ঘ) ভিয়েটনাম আৰু থাইলেণ্ড

 

  • কথাকলি কোনখন ৰাজ্যৰ এক নৃত্য শৈলী-

ক) গুজৰাট                 খ)পশ্চিমবংগ
গ) কেৰালা                   ঘ)হিমাচল প্ৰদেশ

 

  • নিম্নলিখিত কোনখন দেশত ইউৰোপৰ ক’কপিট ৰূপে জনা যায়-

ক)চুইজাৰলেণ্ড                খ)বেলজিয়াম
গ)স্পেইন                    ঘ)পৰ্তুগাল

 

উল্লেখ্য যে, কঠোৰ নিৰাপত্তাৰ মাজেৰে ৰাজ্য চৰকাৰে এইবাৰ অনুষ্ঠিত কৰিছে ADRE ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা।নিযুক্তি যাতে নিকা আৰু স্বচ্ছ হয় তাৰ প্ৰতি গুৰুত্ব দি ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। পৰীক্ষাৰ সময়ত ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ লগতে কোনোৱে অসৎ পন্থা গ্ৰহণ কৰিলে জেল আৰু জৰিমণাৰ ব্যৱস্থাও কৰিছে। অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত মুঠ পদৰ সংখ্যা আছিল ১২৬০০ টা, ইয়াৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩২ লাখৰো অধিক পৰীক্ষাৰ্থী।

পৰীক্ষা চলি থকাৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফলাফল সন্দৰ্ভত বিশেষ ঘোষণা কৰে। এক সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় যে, আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ADRE 2.0ৰ ফলাফল ঘোষণা কৰা হ’ব। ইয়াৰ পিছত মে’ মাহত যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়।

 

 

 

পেটৰ কৰ্কট ৰোগ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
ডন ব্ৰেডমেনক অতিক্ৰম কৰি ইতিহাস ৰচিলে এইগৰাকী ভাৰতীয় বেটছমেনে
ৰাজ্যিক কৰ্মচাৰীয়ে কেতিয়াৰ পৰা লাভ কৰিব বকেয়াৰ ধন ?
পাকঘৰৰ এইসমূহ মছলাৰ আছে অনেক গুণ, প্ৰাকৃতিক পেইন কিলাৰৰ দৰে কৰে কাম