দেওবাৰে ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাঃ পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ বন্ধ থাকিব ইন্টাৰনেট | ADRE 4th grade exam internet services will be cut across Assam on Sunday Assam news - Assam Tv9

দেওবাৰে ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাঃ পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ বন্ধ থাকিব ইন্টাৰনেট

দেওবাৰে ADREৰ অধীনত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে মোবাই ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব। পুৱা ৮.৩০ বজাৰ পৰা ৪ বজালৈ ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ থাকিব। ৰাজ্য চৰকাৰে এক জাননী যোগে এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে।

দেওবাৰে ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাঃ পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ বন্ধ থাকিব ইন্টাৰনেট

দেওবাৰে কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱা

Updated On: 

25 Oct 2024 19:42 PM

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, চমুকৈ ADREৰ অধীনত দেওবাৰে চতুৰ্থ বৰ্গৰ লিখিত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষাৰ বাবে সমগ্ৰ ৰাজ্যতে কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱা। পুৱা ৮.৩০ বজাৰ পৰা ৪ বজালৈ ৰাজ্যত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব। ৰাজ্য চৰকাৰে এক জাননী জাৰি কৰি এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছে। ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ সময়তো এইদৰে সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল।

ৰাজ্যৰ মুঠ ২৮ খন জিলাত দুটা শ্বিফ্টত চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰে প্ৰথম শ্বিফ্টত মুঠ ১,৪৮৪টা কেন্দ্ৰত পুৱা ০৯:০০ বজাৰ পৰা পুৱা ১১:৩০ বজালৈ মেট্ৰিক পৰ্যায়ৰ পদৰ বাবে আৰু দ্বিতীয় শিফ্টত দুপৰীয়া ০১:৩০ বজাৰ পৰা বিয়লি ০৪:০০ বজালৈ ৮০৮টা কেন্দ্ৰত সপ্তম শ্ৰেণী পৰ্যায়ৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব।

এই পদসমূহৰ বাবে মুঠ ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন জনাইছে। ইয়াৰে মেট্ৰিক পৰ্যায়ৰ পদসমূহৰ বাবে ৮,২৭,১৩০ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে। আনহাতে সপ্তম শ্ৰেণী পৰ্যায়ৰ পদৰ বাবে ৫,৫২,০০২ সংখ্যক প্ৰাৰ্থীয়ে আবেদন কৰিছে। ইতিমধ্যে অসম চৰকাৰে সম্পূৰ্ণ নিকা পদ্ধতিৰে এই নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰি যোগ্যতাৰ ভিত্তিত প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব বুলি স্পষ্ট কৰি দিছিল।

সেই অনুসাৰে পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তথা পৰীক্ষাৰ্থীয়ে কোনো অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। জাননীখনত কোৱা হৈছে যে অসম চৰকাৰে এই পৰীক্ষাক লৈ জনসাধাৰণৰ মাজত যাতে কোনো সন্দে বা অনাস্থা সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা প্ৰক্ৰিয়াত কোনো সুৰুঙা ৰাখিব নিবিচাৰে।

লগতে পৰীক্ষাৰ সময়ত সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ ৰোধৰ বাবে মোবাইল ইণ্টাৰনেট সংযোগ সাময়িকভাৱে নিষ্ক্ৰিয় কৰাটো উচিত হিচাপে বিবেচনা কৰা হৈছে বুলিও জাননীখনত কোৱা হৈছে। সেই অনুসৰি মুক্ত, ন্যায্য আৰু স্বচ্ছ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থত আৰু লগতে কোনো আইন-শৃংখলাজনিত সমস্যাৰ উদ্ভৱ হোৱাত বাধা দিবলৈ ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে।

অৱশ্যে এই সময়ছোৱাত ভইচ কল আৰু নিৰ্দিষ্ট টেলিফোন লাইনৰ ওপৰত ভিত্তি কৰি ব্ৰডবেণ্ড সংযোগ কাৰ্যক্ষম হৈ থাকিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। সমান্তৰালকৈ এই ঘোষণা উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ২২৩ৰ অধীনত আৰু লগতে ভাৰতীয় টেলিগ্ৰাফ আইন, ১৯৮৫ৰ প্ৰাসংগিক বিধানৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে।

বিবাহ, কেৰিয়াৰ নে নেতৃত্ব! কি বিষয়ত বৃ্হৎ ঘোষণাৰ ইংগিত দিলে পাণ্ডিয়াই?
বেংকৰ সলনি ডাকঘৰত টকা জমা কৰিলে কিমান সূত পাব?
পাকঘৰত ওলোটাকৈ নাৰাখিব কেৰাহী, আহিব পাৰে বিপদ!
কিয় পদুম ফুলৰ ওপৰত বহি থাকে দেৱী লক্ষ্মী?