5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ADRE: চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অহা প্ৰশ্নৰ সঠিক উত্তৰ জানক…

ADRE 4th grade exam: আজি অনুষ্ঠিত হৈ যায় ADRE ৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩ টা পদৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰায় ১৩ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। আজিৰ প্ৰশ্নকাকতত বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন আহে। ইয়াৰে কেইটামান প্ৰশ্নৰ সঠিক উত্তৰ উল্লেখ কৰা হ'ল-

ADRE: চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অহা প্ৰশ্নৰ সঠিক উত্তৰ জানক…
চতুৰ্থ বৰ্গৰ পৰীক্ষা
barasha-sarma
Barasha Sarma | Updated On: 27 Oct 2024 20:21 PM

আজি অনুষ্ঠিত হৈ যায় ADRE ৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা।  ১৫ আৰু ২৯ ছেপ্টেম্বৰত ADREৰ তৃতীয় বৰ্গৰ নিযুক্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত ৫,০২৩ টা পদৰ বাবে আজি এই পৰীক্ষা অনুষ্ঠিত হয়। দুটাকৈ শ্বীফ্টত ৰাজ্যৰ  ১,৪৮৪টা কেন্দ্ৰত প্ৰায় ১৩ লাখ প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়।চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকতত বিভিন্ন বিষয় সামৰি প্ৰশ্ন তৈয়াৰ কৰা হৈছে। তলত কেইটামান প্ৰশ্নৰ উত্তৰ উল্লেখ কৰা হ’ল-

  • সতী সাধনী কোনখন ৰাজ্যৰ সৈতে সংলগ্নিত আছিল-

A) কোচ ৰাজ্য                                    B) আহোম ৰাজ্য

C)     ডিমাছা ৰাজ্য                             D)চুটীয়া ৰাজ্য

উত্তৰঃ চুটীয়া ৰাজ্য

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল-

ক) নবীন চন্দ্ৰ বৰদলৈ                       খ)গোপীনাথ বৰদলৈ

গ)কমলাকান্ত ভট্টাচাৰ্য                      ঘ)কৃষ্ণকান্ত সন্দিকৈ

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ

  • বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়-

ক)হাইড্ৰমিটাৰ                              খ)অল্টিমিটাৰ

গ)বেৰ’মিটাৰ                               ঘ) থাৰ্মমিটাৰ

উত্তৰঃ বেৰ’মিটাৰ

  • অসমৰ কোন সম্প্ৰদায়ত চকলং প্ৰথাৰে বিয়া অনুষ্ঠিত হয়

ক)বড়ো       খ)ডিমাছা

গ)মিছিং       ঘ)আহোম

উত্তৰঃ আহোম

  • নিম্নলিখিত কোনজন মুছলমান সেনাপতিৰ বিৰুদ্ধে মূলা গাভৰুৱে যুদ্ধ কৰিছিল-

ক)মিৰি কাচিম                     খ)তুৰ্বক

গ)ইলতুৎমিছ                      ঘ)উবৈদুল্লাহ

উত্তৰঃ তুৰ্বক

  • গোভা ৰজা কোন সম্প্ৰদায়ৰ উপাধি ৰজা

ক)আহোম                   খ)মিছিং

গ)খামতি                      ঘ)তিৱা

উত্তৰঃ তিৱা

  • কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল

ক)মিকিৰ পাৰ্বত্য জিলা          খ) লুচাই পাৰ্বত্য জিলা

গ)কাছাৰ পাৰ্বত্য জিলা             ঘ)পশ্চিম নগা পাৰ্বত্য জিলা

উত্তৰঃ মিকিৰ পাৰ্বত্য জিলা

  • নিম্ল লিখিত কোনটো শব্দ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাই-

ক)ভাতৃত্ব        খ)মৰ্যদা

গ)বিনয়           ঘ)স্বাধীনতা

উত্তৰঃ বিনয়

  • কোন পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে-

ক)শিৱালিক পৰ্বতমালা        খ)বৰাইল পৰ্বতমালা

গ)ছাতপুৰা পৰ্বতমালা           ঘ)আৰবালী পৰ্বতমালা

উত্তৰঃ আৰবালী পৰ্বতমালা

  • নিম্নলিখিত সমূহৰ কোনখন ছত্তিশগড়ৰ ৰাজধানী চহৰ
  • ক)ৰায়পুৰ                   খ)ৰাঁচী
    গ)ভগলপুৰ                    ঘ)ডেৰাডুন

উত্তৰঃ ৰায়পুৰ

  • আলেকজেণ্ডাৰ কোনখন প্ৰাচীন ৰাজ্যৰ আছিল

ক)পাৰ্চিয়া                খ) বিজান্তিন
গ)মেচিডোনিয়া           ঘ)অটমন

উত্তৰঃ মেচিডোনিয়া

  • নিম্ন লিখিত কোনখন দেশৰ সৈতে অসম আন্তঃৰাষ্ট্ৰীয় সীমাৰ উমৈহতীয়া অংশীদাৰ-

ক)থাইলেণ্ড              খ)ভূটান
গ)চীন                 ঘ) নেপাল

উত্তৰঃ ভূটান

  • সংসদৰ উচ্চ সদনত কোৱা হয়-

ক) লোকসভা             খ)ৰাজ্যসভা
গ)বিধানসভা              ঘ)বিধান পৰিষদ

উত্তৰঃ ৰাজ্যসভা

  • নিম্নলিখিত কোনখন জিলা বৰাত উপত্যকাত অৱস্থিত-

ক)হাইলাকান্দি               খ)দক্ষিণ শালমৰা- মানকাছাৰ
গ)চিৰাং             ঘ) মৰিগাঁও

উত্তৰঃ হাইলাকান্দি

  • আলি আঃয়ে লৃগাং কোন সম্প্ৰদায়ৰ উৎসৱ-

ক) খামতি              খ)মিছিং
গ)কাৰ্বি              ঘ)ডিমাছা

উত্তৰঃ মিছিং

  • হিমবাহৰ প্ৰধান উপাদান কি

ক) লাভা            খ)লুণীয়া জল
গ)বৰফ            ঘ)বৰ্ষাৰণ্য

উত্তৰঃ বৰফ

  • ভাৰতবৰ্ষই কেইখন দেশৰ স্থল সীমা স্পৰ্শ কৰে-

ক) ছয়                খ)সাত
গ)আঠ                       ঘ)ন

উত্তৰঃ সাত

  • মেকমাহন সীমাৰেখাই কোন দুখন দেশক পৃথক কৰে-

ক) আফগানিস্তান আৰু পাকিস্তান             খ) ম্যানমাৰ আৰু বাংলাদেশ
গ)ভাৰত আৰু চীন                          ঘ) ভিয়েটনাম আৰু থাইলেণ্ড

উত্তৰঃ ভাৰত আৰু চীন

  • কথাকলি কোনখন ৰাজ্যৰ এক নৃত্য শৈলী-

ক) গুজৰাট                 খ)পশ্চিমবংগ
গ) কেৰালা                   ঘ)হিমাচল প্ৰদেশ

উত্তৰঃ কেৰালা

  • নিম্নলিখিত কোনখন দেশত ইউৰোপৰ ক’কপিট ৰূপে জনা যায়-

ক)চুইজাৰলেণ্ড                খ)বেলজিয়াম
গ)স্পেইন                    ঘ)পৰ্তুগাল

উত্তৰঃ বেলজিয়াম

  • ভাৰতীয় সংবিধানৰ আৰম্ভণী অংশক কি বুলি কোৱা হয়

ক) প্ৰস্তাৱনা         খ)আগকথা
গ)পৰিচয়                 ঘ)প্ৰথম পৃষ্ঠা

উত্তৰঃ প্ৰস্তাৱনা

  • আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল-

ক)জৰ্জ ৱাশ্বিংটন             খ)আব্ৰাহম লিংকন
গ)থমাছ জেফাৰচন             ঘ)বেঞ্জামিন ফ্ৰেংকলিন

উত্তৰঃ জৰ্জ ৱাশ্বিংটন

  • নিম্নলিখিত সমূহৰ পৰা আটাইতকৈ দক্ষিণত অৱস্থিত নদীখন চিনাক্ত কৰক-

ক) সিন্ধু নদী              খ)গোদাৱৰী নদী
গ)ব্ৰহ্মপুত্ৰ নদী            ঘ)কাবেৰী নদী

উত্তৰঃ কাবেৰী নদী

 

উল্লেখ্য যে, নিযুক্তি প্ৰক্ৰিয়া নিকা কৰিবলৈ এইবাৰ চৰকাৰে বিভিন্ন পন্থা গ্ৰহণ কৰিছে। পৰীক্ষাৰ সময়ত ৰাজ্যত ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ লগতে কোনোৱে অসৎ পন্থা গ্ৰহণ কৰিলে জেল আৰু জৰিমণাৰ ব্যৱস্থাও কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ADRE ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব। ইয়াৰোপৰি শীঘ্ৰেই ৰাজ্যত নতুন চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

Latest News