ADRE: আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাঃ কিছু সময় পিছতে কৰ্তন হ’ব ইণ্টাৰনেট সেৱা | ADRE 4th grade exam today internet will be shut down across Assam Assam news - Assam Tv9

ADRE: আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাঃ কিছু সময় পিছতে কৰ্তন হ’ব ইণ্টাৰনেট সেৱা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, চমুকৈ ADREৰ অধীনত আজি চতুৰ্থ বৰ্গৰ লিখিত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা পদৰ বাবে দুটা শ্বিফ্টত অনুষ্ঠিত হ’ব এই নিযুক্তি পৰীক্ষা। এই পৰীক্ষাৰ বাবে আজি সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব।

ADRE: আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাঃ কিছু সময় পিছতে কৰ্তন হ’ব ইণ্টাৰনেট সেৱা

কিছুসময় পিছতে ৰাজ্যত কৰ্তন হ’ব ইণ্টাৰনেট

Published: 

27 Oct 2024 07:04 AM

আজি ৰাজ্যত অনুষ্ঠিত হ’ব অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, চমুকৈ ADREৰ চতুৰ্থ বৰ্গৰ লিখিত নিযুক্তি পৰীক্ষা। ৰাজ্যৰ মুঠ ২৮ খন জিলাত দুটা শ্বিফ্টত চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। পুৱা ০৯:০০ বজাৰ পৰা পুৱা ১১:৩০ বজালৈ প্ৰথম শ্বিফ্ট আৰু দুপৰীয়া ০১:৩০ বজাৰ পৰা বিয়লি ০৪:০০ বজালৈ দ্বিতীয় শিফ্টৰ পৰীক্ষা অনুষ্ঠিত হ’ব। প্ৰথম শ্বিফ্টত মুঠ ১,৪৮৪টা কেন্দ্ৰত মেট্ৰিক পৰ্যায়ৰ পদৰ বাবে আৰু দ্বিতীয় শিফ্টত ৮০৮টা কেন্দ্ৰত সপ্তম শ্ৰেণী পৰ্যায়ৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব।

ইতিমধ্যে ৰাজ্য চৰকাৰে পৰীক্ষাৰ বাবে আজি সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট কৰ্তন কৰা হ’ব বুলি ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰৰ ঘোষণা অনুসাৰে কিছু সময়ৰ পিছতে সমগ্ৰ ৰাজ্যতে কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱা। পুৱা ৯ বজাৰ পৰা পৰীক্ষা আৰম্ভ হ’ব যদিও তাৰ আধা ঘণ্টা পূৰ্বেই অৰ্থাৎ ৮.৩০ বজাৰ পৰা ইণ্টাৰনেট কৰ্তন কৰা হ’ব আৰু ৪ বজালৈ ৰাজ্যত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব।

বৃ্হস্পতিবাৰে ৰাজ্য চৰকাৰে এক জাননী জাৰি কৰি এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছিল। অৱশ্যে এই সময়ছোৱাত ভইচ কল আৰু নিৰ্দিষ্ট টেলিফোন লাইনৰ ওপৰত ভিত্তি কৰি ব্ৰডবেণ্ড সংযোগ কাৰ্যক্ষম হৈ থাকিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। লক্ষণীয়ভাৱে ইতিপূৰ্বে যোৱা ১৫ আৰু ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই পৰীক্ষাৰ সময়তো এইদৰে সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল।

জাননীখনত কোৱা হৈছে যে অসম চৰকাৰে এই পৰীক্ষাক লৈ জনসাধাৰণৰ মাজত যাতে কোনো সন্দেহ বা অনাস্থা সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা প্ৰক্ৰিয়াত কোনো সুৰুঙা ৰাখিব নিবিচাৰে। লগতে পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীয়ে যাতে কোনো অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তথা তাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাজ্য চৰকাৰে উল্লেখ কৰিছে।

সমান্তৰালকৈ এনে পদক্ষেপৰ দ্বাৰা পৰীক্ষাৰ সময়ত সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ ৰোধৰ প্ৰচেষ্টাও চলোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সম্পূৰ্ণ নিকা পদ্ধতিৰে এই নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰি যোগ্যতাৰ ভিত্তিত প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। ইণ্টাৰনেট কৰ্তনৰ দ্বাৰা এই নিযুক্তি পৰীক্ষা স্বচ্ছ ৰূপত অনুষ্ঠিত কৰাৰ লগতে কোনো আইন-শৃংখলাজনিত সমস্যাৰ উদ্ভৱ হোৱাত বাধা দিয়াৰ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে।

এই ঘোষণা উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ২২৩ৰ অধীনত আৰু লগতে ভাৰতীয় টেলিগ্ৰাফ আইন, ১৯৮৫ৰ প্ৰাসংগিক বিধানৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলি ৰাজ্য চৰকাৰে জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখ্য যে চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে মুঠ ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন জনাইছে। ইয়াৰে মেট্ৰিক পৰ্যায়ৰ পদসমূহৰ বাবে ৮,২৭,১৩০ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে।

আনহাতে সপ্তম শ্ৰেণী পৰ্যায়ৰ পদৰ বাবে ৫,৫২,০০২ সংখ্যক প্ৰাৰ্থীয়ে আবেদন কৰিছে। একেদৰে ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰায় ১৮.৫০ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে। ইতিমধ্যে পৰীক্ষাৰ বাবে সকলো পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ইফালে নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেই পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধা হোৱাকৈ বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে।

হৃদৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে গ্ৰীণ টি অতি উপকাৰী, জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
বুৰ্জ খলিফাই হেৰুৱাব স্বীকৃতি, এই দেশত নিৰ্মাণ হৈ আছে বিশ্বৰ আটাইতকৈ সু-উচ্চ তথা বৃ্হৎ অট্টালিকা
শনিবাৰৰ দিনটোত কৰক এই ৫টা প্ৰতিকাৰ, জীৱনত কেতিয়াও নহ'ব ধনৰ অভাৱ!
দীপাৱলীত ডায়েবেটিছ ৰোগীসকলে কোনবোৰ মিঠাই খাব লাগে?