শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ADRE: চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহ!গ্ৰেপ্তাৰ অধ্যাপক মজবুল হক চৌধুৰী

ADRE: ৰাজ্যত চলি আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ইয়াৰ মাজতে চাকৰিৰ নামত ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন। এইগৰাকী প্ৰৱঞ্চকে একাংশৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰিছিল।

ADRE: চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহ!গ্ৰেপ্তাৰ অধ্যাপক মজবুল হক চৌধুৰী
গ্ৰেপ্তাৰ
barasha-sarma
Barasha Sarma | Published: 03 Oct 2024 08:50 AM

অৱশেষত গ্ৰেপ্তাৰ হ’ল চাকৰিৰ নামত ধন দাবী কৰা গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰৱঞ্চক অধ্যাপক মজবুল হক চৌধুৰী। প্ৰৱঞ্চক অধ্যাপকগৰাকীয়ে ২ অক্টোবৰৰ দিনা গোৱালপাৰা সদৰ থানাত আত্মসমৰ্পন কৰে আৰু দিনযোৰা সোধাপোছাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। যোৱা মঙলবাৰৰ পৰা পলায়ন কৰি আছিল মজবুল হক চৌধুৰী। অভিযোগ অনুসৰি চৰকাৰী চাকৰি দিয়াৰ নামত দীৰ্ঘদিন ধৰি একাংশ নিবনুৱা যুৱক- যুৱতীক ধন দাবী কৰি আহিছে এইগৰাকী প্ৰৱঞ্চকে।

শেহতীয়াকৈ অধ্যাপকগৰাকীৰ টকা লোৱা এটা ভিডিঅ’ ভাইৰেল হৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছিল যে, একাংশলোকৰ পৰা এজনলোকে টকা সংগ্ৰহ কৰি আছে। অভিযোগ অনুসৰি ADRE ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰি দিয়াৰ নামত লাখে লাখে ধন সংগ্ৰহ কৰিছে গোৱালপাৰা ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মজবুল হক চৌধুৰীয়ে। এই ভিডিঅ’ পোহৰলৈ অহাৰ পাছতেই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

মজবুল হক চৌধুৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা APCC ৰ সদস্য অধিবক্তা আমজাদ আলীৰ পুত্ৰ। একাংশই অভিযোগ কৰা অনুসৰি দীৰ্ঘদিন ধৰি চৌধুৰীয়ে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছে। ইয়াকে লৈ কাৰো হাতত তথ্য প্ৰমাণ নাছিল যাৰ বাবে কোনোৱে মুকলিকৈ তেওঁৰ বিৰুদ্ধে অভিযোগ কৰিব পৰা নাছিল। কিন্তু শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’টোৰ পাছতেই চৌধুৰীৰ সকলো প্ৰৱঞ্চনা পোহৰলৈ আহে।

উল্লেখ্য যে, বৰ্তমান ৰাজ্য়ত অনুষ্ঠিত হৈ আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। ইতিমধ্যে তৃতীয় বৰ্গৰ পৰীক্ষা ২ দিনকৈ অনুষ্ঠিত হৈ যায় যদিও চতুৰ্থ বৰ্গৰ পৰীক্ষা এতিয়াও বাকী আছে। এই নিযুক্তি পৰীক্ষা নিকা আৰু স্বচ্ছকৈ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে সকলো ধৰণৰ চেষ্টা কৰি গৈছে। কিন্তু তাৰ পাছতো বিভিন্ন বিসংগতি পোহৰলৈ অহা দেখা যায়।

১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ অন্তত প্ৰশ্নকাকত ভাইৰেল , তালাচী আদি বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল। পৰৱৰ্তী পৰীক্ষাত এনে বিতৰ্কসমূহ ৰোধ কৰিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। তালাচীৰ ক্ষেত্ৰত অধিক সজাগতা পালন কৰাৰ লগতে প্ৰশ্নকাকতো ঘৰলৈ আনিবলৈ দিয়া হৈছিল। কিন্তু পৰীক্ষাৰ কিছুদিন পাছতেই এইগৰাকী প্ৰৱঞ্চকৰ ভিডিঅ’ ছচিয়েল মিডিয়াই ভাইৰেল হৈ পৰিছিল।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰা অনুষ্ঠিত কৰা পৰীক্ষাত মুঠ পদৰ সংখ্যা ১২৬০০ টা। ইয়াৰ বিপৰীতে এই পৰীক্ষাৰ বাবে আবেদন কৰিছে ৩২ লাখৰো অধিক ছাত্ৰ- ছাত্ৰীয়ে। নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা পৰৱৰ্তী পৰীক্ষা চলিত মাহতেই অনুষ্ঠিত হ’ব।