ADRE: কাইলৈ পুৱা ৮:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ৰাজ্যজুৰি বন্ধ থাকিব ইণ্টাৰনেট সেৱা | adre internet services will be cut in assam 29 september Assam news - Assam Tv9

ADRE: কাইলৈ পুৱা ৮:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ৰাজ্যজুৰি বন্ধ থাকিব ইণ্টাৰনেট সেৱা

Updated On: 

28 Sep 2024 19:26 PM

১৫ ছেপ্টেম্বৰৰ দৰে কাইলৈও ৰাজ্যত কৰ্তন হ’ব ইণ্টাৰনেট সেৱা। পৰীক্ষাৰ সময়ত যাতে কোনো অনিয়ম সংঘটিত কৰিব নোৱাৰ তাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তত চৰকাৰৰ।দেওবাৰে পুৱা ৮:৩০ বজাৰ পৰা সমগ্ৰ ৰাজ্যতে কৰ্তন হ’ব ইণ্টাৰনেট।

ADRE: কাইলৈ পুৱা ৮:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ৰাজ্যজুৰি বন্ধ থাকিব ইণ্টাৰনেট সেৱা

ইণ্টাৰনেট সেৱা

Follow Us On

কাইলৈ অনুষ্ঠিত হ’ব ADRE  তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ লিখিত পৰীক্ষা। নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজত  নতুন SOPৰে পৰীক্ষাত বহিব পৰীক্ষাৰ্থী। ৰাজ্যত কাইলৈ তৃতীয় বৰ্গত অৱতীৰ্ণ হ’ব মুঠ ৭,৩৪০৮০ গৰাকী। ডিগ্ৰী উত্তীৰ্ণ ৪,০৫৫ পদ আৰু ৪১৭টা চালকৰ পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা। ২৭খন জিলাৰ ৮২২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

১৫ ছেপ্টেম্বৰৰ দৰে কাইলৈও ৰাজ্যত কৰ্তন হ’ব ইণ্টাৰনেট সেৱা। পৰীক্ষাৰ সময়ত যাতে কোনো অনিয়ম সংঘটিত কৰিব নোৱাৰ তাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তত চৰকাৰৰ।দেওবাৰে পুৱা ৮:৩০ বজাৰ পৰা সমগ্ৰ ৰাজ্যতে কৰ্তন হ’ব ইণ্টাৰনেট। বিয়লি ৪:৩০ বজালৈ ৰাজ্যত কৰ্তন হ’ব ইণ্টাৰনেট সেৱা। ADREৰ বাবে সম্পূৰ্ণ ৮ ঘণ্টা ধৰি ইণ্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। এই সময়ছোৱাত ম’বাইল ইণ্টাৰনেট, ম’বাইল ৱাইফাই আৰু ম’বাইল ডাটা থাকিব বন্ধ।

অৱশ্যে এই সময়ছোৱাত ভইচ কল আৰু ফিক্সড টেলিফোন লাইনৰ ওপৰত ভিত্তি কৰি ব্ৰডবেণ্ড সংযোগ কাৰ্যক্ষম হৈ থাকিব। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক নিৰ্দেশনা যোগে এই কথা জানিবলৈ দিছে। ADREৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্যত বিগত সময়ত অনুষ্ঠিত হোৱা নিযুক্ত পৰীক্ষাত বিভিন্ন ধৰণৰ অনিয়মৰ ঘটনা পোহৰলৈ আহে। একাংশ দুষ্ট চক্ৰই পৰীক্ষা হলৰ পৰাই প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা সংঘটিত কৰে। এনে ধৰণৰ ঘটনাসমূহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে এইবাৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে কাইলৈ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব স্নাতক ডিগ্ৰীধাৰী পৰীক্ষা। দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব চালকৰ পৰীক্ষা। সুচাৰুভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু ৰাজ্য চৰকাৰ। তৃতীয় বৰ্গৰ মুঠ ৪৪৭৩টা পদৰ বাবে হ’ব লিখিত পৰীক্ষা। তৃতীয় বৰ্গৰ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ পদৰ সংখ্যা ৪,০৫৫টা। তৃতীয় বৰ্গৰ মেট্ৰিক উত্তীৰ্ণ চালক পদৰ সংখ্যা ৪১৮টা। নিযুক্তি পৰীক্ষা সন্দৰ্ভত নতুনকৈ SOP প্ৰকাশ নিযুক্তি আয়োগৰ।

এই নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে। অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীসকলে ৩ বছৰৰ পৰা ১০ বছৰৰ কাৰাদণ্ড লগতে ১ লাখৰ পৰা ১০ কোটি টকালৈকে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। এনে অসৎ পন্থা গ্ৰহণ কৰা কোনো পৰীক্ষাৰ্থী ধৰা পৰিলে দুবছৰলৈ কোনো পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলিও উল্লেখ কৰা হৈছে।

 

লগতে পঢ়ক : ADRE পৰীক্ষাত কি কি নিয়ম মানিব লাগিব প্ৰাৰ্থীসকলে?

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version