ADRE results 2025: কেনেকৈ চাব প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ আপোনাৰ ফলাফল ? জানি লওক সবিশেষ
ADRE ৰ ফলাফললৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে প্ৰাৰ্থীসকলে । কেতিয়া ঘোষণা হ'ব ফলাফল আৰু কিদৰে পাব ফলাফল ? জানি লওক সবিশেষ-

অসম পোনপটীয়া নিযুক্তি পৰীক্ষা (ADRE)ৰ ফলাফল মাৰ্চ মাহৰ ভিতৰতে ঘোষণা কৰাৰ সম্ভাৱনা আছে । দশম উত্তীৰ্ণ আৰু স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদৰ পৰীক্ষা, চতুৰ্থ বৰ্গৰ পদৰ পেপাৰ-১ (দশম উত্তীৰ্ণ) আৰু পেপাৰ-২ (অষ্টম শ্ৰেণী পৰ্যন্ত) পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত এতিয়া অপেক্ষা ফলাফললৈ । মুঠ পদৰ সংখ্যা ১২৬০০ । আশা কৰা হৈছে যে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা ছেবাই মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ বিতৰতে ফলাফল ঘোষণা কৰিব । ফলাফল উপলব্ধ হ’ব ছেবাৰ বিভাগীয় ৱেবছাইট https://site.sebaonline.org ত । কেনেকৈ লাভ কৰিব পৰীক্ষাৰ ৰিজাল্ট, এই প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে ৰিজাল্ট লাভ কৰাৰ পদ্ধতি ।
কেতিয়া অনুষ্ঠিত হৈছিল পৰীক্ষা ?
অসম পোনপটীয়া নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত । ছেপ্টেম্বৰ মাহৰ ১৫ আৰু ২৯ তাৰিখে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ স্নাতক আৰু দশম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষা । চতুৰ্থ বৰ্গৰ পেপাৰ-১ (HSLC) আৰু পেপাৰ-২ (অষ্টম শ্ৰেণীলৈকে) ৰ পৰীক্ষা অনুষ্ঠিত হয় ২৭ অক্টোবৰত । এই পৰীক্ষাত উত্তীৰ্ণসকল নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব । লিখিত পৰীক্ষাত উত্তীৰ্ণসকলক দক্ষতা পৰীক্ষণৰ বাবে বাচনি কৰা হ’ব । যিটো তথ্য-পাতি পৰীক্ষণৰ দ্বাৰা সম্পন্ন কৰা হ’ব ।
কেতিয়া ঘোষণা হ’ব ফলাফল?
মুখ্যমন্ত্ৰীয়ে পূৰ্বেই ঘোষণা কৰিছিল যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত ADRE ৰ ফলাফল ঘোষণা হ’ব পাৰে । কিন্তু বৰ্তমান এই ফলাফল মাৰ্চ মাহৰ প্ৰথম সপ্তাহতহে ঘোষণা হ’ব বুলি চৰ্চা চলিছে । অৱশ্যে চৰকাৰীভাৱে কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই ।
কেনেদৰে চাব আপোনাৰ ৰিজাল্ট ?
প্ৰাৰ্থীসকলে কোনো অসুবিধা বা জটিলতাৰ সন্মুখীন নোহোৱাকৈয়ে অতি সহজেই নিজৰ ৰিজাল্ট চাব পাৰিব । তাৰ বাবে অনুসৰণ কৰিবলগীয়া পদ্ধতি হৈছে-
- প্ৰথমে ছেবাৰ বিভাগীয় ৱেবছাইটলৈ যাবলৈ টাইপ কৰক https://site.sebaonline.org
- নতুন উইনড’ খোলাৰ লগে লগে ক্লিক কৰক “ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি তৃতীয়/চতুৰ্থ বৰ্গ”ত
- সোঁফালে আপুনি “ডাউনলোড ৰিজাল্ট” বুলি লিংক দেখা বাব
- নিজৰ তথ্যৰে লগ ইন কৰি ৰিজাল্ট ডাউনলোড কৰিব পাৰিব ।
ৰিজাল্ট লাভৰ পাছত কি কৰিব ?
ADRE ৰ তৃতীয় বৰ্গৰ ৰিজাল্ট লাভ কৰাৰ পাছত বাচনী হোৱা প্ৰাৰ্থীসকল পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে যাব লাগিব । য’ত নথি-পত্ৰ আৰু দক্ষতা পৰীক্ষা কৰা হ’ব ।
দক্ষতা পৰীক্ষণ: প্ৰাৰ্থীসকলে কম্পিউটাৰ/ষ্টেনোগ্ৰাফী/ড্ৰাইভিং আদি দক্ষতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । পদ অনুসৰি দক্ষতাৰ পৰীক্ষা অনুষ্ঠিত হ’ব । উদাহৰণ স্বৰূপে চালক পদৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ।
নথি-পত্ৰ পৰীক্ষণ: বাচনিভুক্ত প্ৰাৰ্থীয়ে নিজ শিক্ষা আৰু অনান্য প্ৰয়োজনীয় নথি-পত্ৰ (Original) লগত আনিব লাগবি । শিক্ষা, বয়স, জাতি-জনজাতি (সংৰক্ষিত শ্ৰেণীৰ বাবে), কম্পিউটাৰ, দিব্যাংগ আদি প্ৰয়োজনীয় নথি প্ৰাৰ্থীৰ লগত থকাতো বাধ্যতামূলক ।