শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰিং ৰোডৰ পৰা এলিভেটেড কৰিডৰলৈকে ! অসমত শীঘ্ৰেই আৰম্ভ হ’ব ৮০ হাজাৰ কোটি টকাৰ পথ প্ৰকল্পৰ কাম…গাডকাৰীৰ ঘোষণা

শীঘ্ৰে অসমত ৮০ হাজাৰ কোটি টকাৰ পথ প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে । এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত ৰাজ্যখনৰ পথ, ৰে’ল আৰু নদীৰ কেন্দ্ৰিক আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ৰিং ৰোডৰ পৰা এলিভেটেড কৰিডৰলৈকে ! অসমত শীঘ্ৰেই আৰম্ভ হ’ব ৮০ হাজাৰ কোটি টকাৰ পথ প্ৰকল্পৰ কাম…গাডকাৰীৰ ঘোষণা
নীতিন গাডকাৰী
manas-borah
Manas Borah | Updated On: 26 Feb 2025 15:15 PM

অতি শীঘ্ৰে অসমত ৮০ হাজাৰ কোটি টকাৰ পথ প্ৰকল্পৰ কাম আৰম্ভ হ’ব । এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনত সম্বোধন কৰে । তেওঁ এই ভিডিঅ’ বাৰ্তাত উত্তৰ পূৰ্বাঞ্চলৰ পথ সংযোগৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে ।

এই ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দিয়া ভাষণত শীঘ্ৰে অসমত ৮০ হাজাৰ কোটি টকাৰ পথ প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে । লগতে এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত ৰাজ্যখনৰ পথ, ৰে’ল আৰু নদীৰ কেন্দ্ৰিক আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁ কয় যে ২০২৯ চনলৈকে ১৫ বছৰত তেওঁৰ মন্ত্ৰালয়ৰ অধীনত ৩ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম ৰাজ্যখন সম্পূৰ্ণ হ’ব। গাডকাৰীয়ে জনোৱা মতে, কেইবাটাও নতুন প্ৰকল্পৰ কাম শীঘ্ৰে ৰাজ্যখনত আৰম্ভ হ’ব । এই প্ৰকল্পবোৰৰ ভিতৰত আছে গুৱাহাটী ৰিং ৰোড, ব্ৰহ্মপুত্ৰ নদীৰ তলত এটা সুৰংগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে এলিভেটেড কৰিডৰ নিৰ্মাণ প্ৰকল্প।

তেওঁ লগতে কয় যে, ৰাজ্যত ইতিমধ্যে ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম চলি আছে আৰু প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ বিভিন্ন পৰ্যায়ত আছে।