শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

টাটাৰ অধ্যক্ষক সাক্ষাৎ কৰি কি আলোচনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

শেহতীয়াকৈ টাটা ছন্স আৰু টাটা গ্ৰুপৰ অধ্য়ক্ষ নটৰাজন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমত বিনিয়োগৰ সম্ভাৱনা আৰু ৰাজ্যত টাটাৰ আগন্তুক বিনিয়োগৰ পৰিকল্পনাৰ সন্দৰ্ভত নটৰাজনৰ সৈতে প্ৰায় এঘণ্টা ধৰি আলোচনা মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

টাটাৰ অধ্যক্ষক সাক্ষাৎ কৰি কি আলোচনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা গ্ৰুপৰ অধ্য়ক্ষImage Credit source: X Handle
manas-borah
Manas Borah | Updated On: 08 Feb 2025 12:45 PM

অসমত বিনিয়োগৰ বাবে দেশৰ লগতে বিশ্বৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবৰ বাবে গুৱাহাটীত আয়োজন কৰা হৈছে এডভান্টেজ আছাম ২.০ । অসম চৰকাৰৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে টাটা ছন্স আৰু টাটা গ্ৰুপৰ অধ্য়ক্ষ নটৰাজন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে অসমত বিনিয়োগৰ সম্ভাৱনা আৰু ৰাজ্যত টাটাৰ আগন্তুক বিনিয়োগৰ পৰিকল্পনাৰ সন্দৰ্ভত নটৰাজনৰ সৈতে প্ৰায় এঘণ্টা ধৰি আলোচনা মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

প্ৰকাশিত খবৰ অনুসৰি, এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাটা ছন্স আৰু গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণৰ সৈতে জাগীৰোডস্থিত অৰ্ধপৰিবাহী উদ্যোগকে ধৰি অসমত টাটাৰ আগন্তুক বিনিয়োগ সন্দৰ্ভত আলোচনা কৰে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনলৈও চন্দ্ৰশেখৰণক আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী শৰ্মাই ।

এই সন্দৰ্ভত এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি টাটা ছন্স আৰু গ্ৰুপৰ অধ্যক্ষগৰাকীক সাক্ষাৎ কৰি নিজৰ অনুভৱ প্ৰকাশ কৰে মুখ্য়মন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,”আজি নতুন দিল্লীত টাটাৰ কোম্পানীৰৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক লগ পাই সঁচাই ভাল লাগিল। অসমত গ্ৰুপটোৰ বিনিয়োগৰ বিষয়ে আমাৰ মাজত কথা-বতৰা হৈছিল । এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনত তেওঁক আদৰণি জনোৱাৰ বাবে মই আগ্ৰহেৰে বাট চাই আছো!”