Advantage Assam 2.0 : অসমে লাভ কৰিব চাৰিটা হাইপাৰস্কেল ডাটা চেণ্টাৰ, যিটো হ’ব এছিয়াৰ সৰ্ববৃহৎ, জ্যোতিৰাদিত্য সিন্ধিয়াৰ ডাঙৰ ঘোষণা…

এছিয়াৰ ভিতৰত সৰ্ববৃহৎ হ’বলগীয়া চাৰিটা হাইপাৰস্কেল ডাটা চেণ্টাৰ পাবলৈ গৈ আছে অসমে । মঙলবাৰে এডভান্টেজ আছাম ২.০ ৰ এক কাৰিকৰী অধিবেশনত ভাষণ দি এই কথা সদৰী কৰে কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ।

Advantage Assam 2.0 : অসমে লাভ কৰিব চাৰিটা হাইপাৰস্কেল ডাটা চেণ্টাৰ, যিটো হ’ব এছিয়াৰ সৰ্ববৃহৎ, জ্যোতিৰাদিত্য সিন্ধিয়াৰ ডাঙৰ ঘোষণা...

জ্যোতিৰাদিত্য সিন্ধিয়া

Updated On: 

25 Feb 2025 18:28 PM

অসমত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ হ’বলগীয়া চাৰিটা হাইপাৰস্কেল ডাটা চেণ্টাৰ স্থাপনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। মঙলবাৰে এডভান্টেজ আছাম ২.০ ৰ এক কাৰিকৰী অধিবেশনত ভাষণ দি এই কথা সদৰী কৰে কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই । তেওঁ কয় যে, ৰাজ্যখনৰ টেলিকম আৰু আই টি আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্যখনত ৪০০ কোটি টকা বিনিয়োগ কৰা হৈছে।

তেওঁ কয়, “উত্তৰ-পূবৰ প্ৰথমটো ডাটা চেণ্টাৰটো যোৱা বছৰ পিএম মোদীয়ে উদ্বোধন কৰিছিল। 5G নেটৱৰ্কৰ সমান্তৰালকৈ আমি এছিয়াৰ চাৰিটা বৃহৎ হাইপাৰস্কেল ডাটা চেণ্টাৰ অসমত স্থাপন কৰাৰ ওপৰত দৃষ্টি ৰাখিছো ।” প্ৰতিটো সামৰ্থ্য যাতে উত্তৰ-পূবলৈ যায় সেইটো কেন্দ্ৰই নিশ্চিত কৰিব বিচাৰে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

“আমি নিশ্চিত কৰিব লাগিব যে আমি গৱেষণা আৰু উন্নয়নত বিনিয়োগ কৰিছো আৰু চৰকাৰে প্ৰথম পদক্ষেপ লৈছে। টেলিকম প্ৰযুক্তি উন্নয়ন পুঁজিৰ জৰিয়তে আমি অসমত বিনিয়োগ কৰিছো।” এইদৰে কয় জ্যোতিৰাদিত্য সিন্ধিয়াই ।

“বৰ্তমান আমি আই আই টি-গুৱাহাটীত তিনিটা প্ৰকল্পত বিনিয়োগ কৰি আছো। আই আই টি-গুৱাহাটী আৰু এন আই টি শিলচৰতো আমাৰ দুটা 5G লেব কাৰ্যক্ষম হৈ আছে।” লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত তৃতীয়টো লেব আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ টেলিকম আৰু ডিজিটেল আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ৪০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। “অসমৰ অৰ্থনীতি উত্তৰ-পূবৰ ইঞ্জিন। ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ উন্নত ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংগ হ’বলৈ অসমৰ সকলো সম্ভাৱনা আৰু সামৰ্থ্য আছে।” এইদৰে কয় জ্যোতিৰাদিত্য সিন্ধিয়াই ।

ইফালে, সিন্ধিয়াই কয় যে, ৰাজ্যখনে সঁচা অৰ্থত দক্ষিণ-পূব এছিয়াৰ সকলো ৰাষ্ট্ৰৰ প্ৰৱেশদ্বাৰ হোৱাৰ সম্ভাৱনা আছে বুলি বিগত পাঁচ-ছয় বছৰত প্ৰমাণ কৰিছে। তেওঁ কয়,”অসম এখন উৎপাদন আৰু লজিষ্টিক শক্তিৰ ক্ষেত্ৰত সীমাহীন সুযোগ। মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে এই সন্মিলনৰ নাম এডভান্টেজ আছামৰ পৰা এডভান্টেজ ইণ্ডিয়ালৈ সলনি কৰক। যোৱা বছৰ অসমে ১৯.৬ শতাংশ উন্নতিৰ সাক্ষী হৈছিল আৰু চলিত বৰ্ষত ১৫ শতাংশ উন্নতি পাবলৈ সাজু হৈছে।”

তদুপৰি বিগত পাঁচ বছৰত কেন্দ্রই উত্তৰ-পূর্বাঞ্চলত ৫.২৭ লাখ কোটি টকা বিনিয়োগ কৰা বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে, ইয়াৰে ১.৩ লাখ কোটি টকা বিগত বিত্তীয় বর্ষতেই বিনিয়োগ কৰা হৈছিল ৷ তেওঁ কয় যে, অঞ্চলটোত দুখন ৰাজ্য আছিল য’ত বিমানবন্দৰ নাছিল। ৯ টা বিমানবন্দৰৰ পৰা এতিয়া উত্তৰ পূবত ১৭ টা বিমানবন্দৰ আছে বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Related Stories
২১ মাৰ্চত ল’ব সিদ্ধান্ত ! উচ্চ পৰ্যায়ত বিবেচনাধীন বিদেশী বিতাড়নৰ বিষয়, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
কামৰূপ জিলাৰ প্ৰায় ১ লাখ যোগ্য হিতাধিকাৰীয়ে লাভ কৰিলে ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ৰ ধন
ৰাজ্যৰ ৪ হাজাৰ “ফৰেষ্ট ভিলেজ”ত নাই টেলিকম সেৱা ! কেন্দ্ৰক কি আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ?
Advantage Assam 2.0 : গুৱাহাটী ৰে’লৱে ষ্টেচনত নিৰ্মাণ হ’ব বিশ্বমানৰ আইটি হাব: ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিলে কেইবাটাও ভাল খবৰ
Advantage Assam 2.0 : প্ৰথম দিনটোত ৯০ হাজাৰ কোটিৰো অধিক মূল্যৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
শান্তি চুক্তি-সীমা বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি : প্ৰধানমন্ত্ৰী মোদী
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক