অসমত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত কোৰিয়াৰ মন্ত্ৰী, আগশাৰীৰ প্ৰতিষ্ঠানক সাক্ষাৎ হিমন্তৰ

'এডাভাণ্টেজ আছাম ২.০' ৰ অংশ হিচাপে দক্ষিণ কোৰিয়া ভ্ৰমণৰ শেষৰটো দিনত দক্ষিণ কোৰিয়াৰ মন্ত্ৰী আৰু আগশাৰীৰ প্ৰতিষ্ঠানৰ বিষয়াসকলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই সাক্ষাতৰ সময়ছোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত বিনিয়োগৰ এডাভাণ্টেজ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিছে ।

অসমত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত কোৰিয়াৰ মন্ত্ৰী, আগশাৰীৰ প্ৰতিষ্ঠানক সাক্ষাৎ হিমন্তৰ

কোৰিয়াৰ মন্ত্ৰী, আগশাৰীৰ প্ৰতিষ্ঠানক সাক্ষাৎ হিমন্তৰ

Updated On: 

21 Jan 2025 21:32 PM

পাঁচ দিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি দক্ষিণ কোৰিয়াত শেষৰটো দিন । ইয়াৰ পাছতে জাপানলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী শৰ্মা । ‘এডাভাণ্টেজ আছাম ২.০’ ৰ অংশ হিচাপে হিমন্ত বিশ্ব শৰ্মাই এই ভ্ৰমণ কালত ইতিমধ্য়ে দক্ষিণ কোৰিয়াৰ উদ্যোগপতিসকলৰ সৈতে অসমৰ বিনিয়োগৰ এডাভাণ্টেজ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিছে । আজিৰ দিনটোত দক্ষিণ কোৰিয়া ছিউলত বিশ্বৰ অন্যতম বৃহৎ অৰ্ধপৰিবাহী গোট এছ কে হাইনিক্সৰ উপাধ্যক্ষ ড° জুন চয়ৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

এই বৈঠকৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমক বিশ্বৰ অন্যতম অৰ্ধপৰিবাহী হাব হিচাপে প্ৰতিষ্ঠা কৰাৰ দৃষ্টিভংগী সন্দৰ্ভত ড° জুন চয়ক অৱগত কৰে । লগতে বৈঠকৰ আলোচনা সন্দৰ্ভত তেওঁ কয় যে, চৰকাৰৰ লক্ষ্য হৈছে ইয়াৰ বাবে অসমত এক সুস্থ পৰিৱেশ তন্ত্ৰ নিৰ্মাণ কৰা ৷ আজিৰ এই আলোচনাই অসমক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

এছ এম ই আৰু ষ্টাৰ্টআপৰ মন্ত্ৰী অ’হ য়ংজুক সাক্ষাৎ

ইয়াৰ পাছতে মুখ্য়মন্ত্ৰী শৰ্মাই দক্ষিণ কোৰিয়া গণৰাজ্য চৰকাৰৰ এছ এম ই আৰু ষ্টাৰ্টআপৰ মন্ত্ৰী অ’হ য়ংজুক সাক্ষাৎ কৰে । এক বিবৃতি কোৱা হৈছে যে, এই সাক্ষাৎ কালত অসম আৰু দক্ষিণ কোৰিয়াত অৱস্থিত উদ্যোগী আৰু ষ্টাৰ্টআপৰ মাজত সহযোগিতা ৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা কৰে মুখ্য়মন্ত্ৰী গৰাকীয়ে ।

ছিউল ভাইঅ’ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুক সাক্ষাৎ

ইয়াৰ সামান্তৰালভাৱে দক্ষিণ কোৰিয়াৰ ভ্ৰমণৰ শেষৰ দিনটোত ছেমিকণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভাইঅ’ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । এই সাক্ষাৎ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,’এই সাক্ষাতৰ জৰিয়তে তেখেতসকলক এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণ কৰিবলৈ আৰু অসমত আৰম্ভ হ’বলগীয়া ছেমিকণ্ডাক্টৰ ইক’ছিষ্টেমত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।’

জি এছ গ্ৰুপৰ উপাধ্যক্ষ য়ং হা ৰুক সাক্ষাৎ

ইফালে দক্ষিণ কোৰিয়াৰ নবীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান জি এছ গ্ৰুপৰ উপাধ্যক্ষ য়ং হা ৰুৰ সৈতেও বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এই গুৰুত্বপূৰ্ণ সাক্ষাতৰ সময়ত য়ং হা ৰুৰ সৈতে ২০৩০ চনৰ ভিতৰত ৩০০০ মেগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ অসমৰ লক্ষ্যৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আমি এনে উদ্যোগৰ সৈতে অংশীদাৰ হ’বলৈ অত্যন্ত আগ্ৰহী, যিয়ে আমাক এই লক্ষ্য পূৰণ কৰাত সহায় কৰিব আৰু আমাৰ ক্ৰমবৰ্ধমান উদ্যোগক সেৱা আগবঢ়াবলৈ দক্ষ কৰ্মশক্তিক প্ৰশিক্ষণৰ এক উপযুক্ত মঞ্চ প্ৰদান কৰিব।’

ছিউলৰ পাংগ্য’ টেকন’ ভেলী ভ্ৰমণ

ইয়াৰ সমান্তৰালভাৱে দক্ষিণ কোৰিয়া ভ্ৰমণৰ শেষৰটো দিনত ছিউলৰ পাংগ্য’ টেকন’ ভেলী ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, ইয়াক দক্ষিণ কোৰিয়াৰ ছিলিকন ভেলী বুলিও কোৱা হয়। এই সময়ছোৱাত ভাৰতীয় প্ৰতিভাৱান উদ্যোগীসকলৰ সৈতেও মত বিনিময় কৰাৰ কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে,’অসম আৰু পাংগ্য’ টেকন’ ভেলীৰ উদ্যোগী আৰু ষ্টাৰ্টআপৰ মাজত সহযোগিতা নিশ্চিত কৰিবলৈ আমি আগ্ৰহী ।’ আগন্তুক দিনত এই কামক পৰিকল্পনাৰে আগুৱাই লৈ যাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ৰাজ্যত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ‘এডভান্টেজ আছাম ২.০ ছামিট’ । এই ছামিট শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?
প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...