শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Advantage Assam 2.0 : সম্ভাৱনাৰ সুযোগ ল’লে আম্বানী-আদানীৰ দৰে কোম্পানীয়ে ! অসমত হ’ব প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগ, কোনটো খণ্ডই সৰ্বাধিক দৃষ্টি কাঢ়িলে বিনিয়োগকাৰীৰ ?

দুদিনীয় কাৰ্যসূচীৰে আয়োজন কৰা বিনিয়োগত সন্মিলনৰ শেষ মুহূৰ্তলৈকে প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সৰ্বাধিক কোনটো খণ্ডই লাভ কৰিলে সৰ্বাধিক বিনিয়োগ প্ৰতিশ্ৰুতি...?

Advantage Assam 2.0 : সম্ভাৱনাৰ সুযোগ ল’লে আম্বানী-আদানীৰ দৰে কোম্পানীয়ে ! অসমত হ’ব প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগ, কোনটো খণ্ডই সৰ্বাধিক দৃষ্টি কাঢ়িলে বিনিয়োগকাৰীৰ ?
প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 27 Feb 2025 00:23 AM

এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন আজি অন্ত পৰিল । দুদিনীয় কাৰ্যসূচীৰে আয়োজন কৰা এই বিনিয়োগত সন্মিলনৰ শেষ মুহূৰ্তলৈকে প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, দুদিনীয়া বিনিয়োগ সন্মিলনত ৰিলায়েন্স, আদানী, বেদান্ত আৰু টাটা গ্ৰুপৰ দৰে একাংশ বৃহৎ উদ্যোগ কোম্পানীয়ে প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে ।

উল্লেখ্য যে, অনুষ্ঠানৰ বিদায়ী অনুষ্ঠানৰ সময়ত অসমৰ মুখ্য সচিব ৰবি কোটাই কয় যে, এডভান্টেজ আছাম ২.০ দ্বিতীয় দিনটোত ৰাজ্য চৰকাৰ আৰু বিভিন্ন কোম্পানীৰ মাজত প্ৰায় ২৭০ খন বুজাবুজি চুক্তি হয় । এই চুক্তিসমূহৰ মুঠ মূল্য হৈছে ২.৭৫ লাভ কোটিতকৈ অধিক ।

ইফালে, কার্যসূচী সমাপ্ত হোৱাৰ পাছত সামাজিক মাধ্যম এক্স হেণ্ডেলত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰী শর্মাই কয় যে, এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ সফলতাৰে সামৰণি পৰে । দুয়োটা দিনতে অসমত মুঠ ৪৯১,৫০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা গৈছে ।

তেওঁ কয় যে, ৰাজ্য চৰকাৰে ৬-৭ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছিল যদিও উপযুক্ত নিৰীক্ষণৰ পিছত সেই সকলোবোৰ মানি লোৱা নাছিল। অনুষ্ঠানৰ শেষত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমাৰ বিষয়াসকলে সকলো প্ৰস্তাৱৰ ওপৰত চকু ৰাখিছিল আৰু অহা তিনি-চাৰি বছৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা প্ৰস্তাৱসমূহৰ সৈতেহে আগবাঢ়িছিল। ”

অসম চৰকাৰে পৰিমাণতকৈ গুণগত মানৰ ওপৰত অধিক গুৰুত্ব দিয়ে আৰু এনে বৃহৎ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰাটো ৰাজ্যখনৰ বাবে এক ইতিবাচক কথা। মুখ্যমন্ত্রীয়ে দৃঢ়তাৰে কয় যে, এতিয়াৰ পৰা অসমৰ প্ৰগতিৰ যাত্ৰা সলনি হ’ব আৰু ভাৰতৰ ভূ-প্ৰকৃতিত এখন ‘অৱদানকাৰী’ ৰাজ্য হ’ব অসম ৷ লগতে হাইড্ৰ’কাৰ্বন, খনি আৰু নতুন শক্তি খণ্ডই সৰ্বাধিক বিনিয়োগ আকৰ্ষণ কৰাৰ বিপৰীতে কৃষি আৰু উদ্যান শস্য খণ্ডইও উল্লেখযোগ্য বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, এডভান্টেজ আছাম ২.০ ৰ পৰাই ৰাজ্যখনৰ “নিৰ্ভৰশীল” ৰাজ্য হোৱাৰ পৰা “অৰিহণা যোগোৱা” ৰাজ্য হোৱাৰ যাত্ৰা আৰম্ভ হৈছে । “স্বাধীনতাৰ পূৰ্বে আমাৰ জনমূৰি আয় ৰাষ্ট্ৰীয় গড়তকৈ ৪ শতাংশ বেছি আছিল। আমাৰ হাতত এছিয়াৰ প্ৰথমটো শোধনাগাৰ, কয়লা মজুত, পৰ্যটন উদ্যোগ আৰু এনে বহু শক্তি আছে। কিন্তু, বিভাজনে আমাৰ আটাইতকৈ নিৰ্ভৰযোগ্য বাণিজ্যিক সংযোগবোৰক প্ৰভাৱিত কৰিছিল আৰু যিটোৱে আঠ ঘণ্টাৰ ভ্ৰমণৰ সময় ৪৮ ঘণ্টালৈকে লৈ গৈছিল।” এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।

তেওঁ কয়, “আমাৰ ‘বৰ অসম’ ছটা ভাগত বিভক্ত হয় । তাৰ পিছত আমি চাৰি দশকৰ আন্দোলন আৰু বিদ্ৰোহ দেখিছিলো।” তেওঁ কয় যে, ২০২৩ চনত অসমত ১৯ শতাংশ প্ৰগতিৰ হাৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে অপৰাধৰ হাৰ ৬৬ শতাংশ হ্ৰাস পাইছে। ৰাজ্যখনৰ প্ৰগতিক আগুৱাই নিয়া প্ৰকল্পসমূহৰ ভিতৰত টাটাৰ অৰ্ধপৰিবাহী ইউনিট আৰু এন আৰ এলৰ জৈৱ শোধনাগাৰৰ সুবিধাও অন্যতম বুলি কয় বুলি মুখ্যমন্ত্ৰীয়ে । চিকিৎসা পৰ্যটন হৈছে অসমৰ বাবে উন্নতিৰ সম্ভাৱনা থকা আন এক খণ্ড বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।