শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমত বিনিয়োগৰ ‘এডভাণ্টেজ’ কি ? দক্ষিণ কোৰিয়াৰ উদ্যোগপতিৰ আগত কি ক’লে মুখ্য়মন্ত্ৰীয়ে ?

দক্ষিণ কোৰিয়াৰ উদ্যোগপতিসকলৰ সন্মুখত অসমৰ স্থান, কৌশলগত আৰু নীতিগত সুবিধাসমূহৰ বিষয়ে উত্থাপন কৰি ইয়াত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূর্বাঞ্চলৰ ওপৰত কেন্দ্রৰ গুৰুত্ব আৰু অঞ্চলটোৰ উদ্যোগিক বিকাশৰ দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷

অসমত বিনিয়োগৰ ‘এডভাণ্টেজ’ কি ? দক্ষিণ কোৰিয়াৰ উদ্যোগপতিৰ আগত কি ক’লে মুখ্য়মন্ত্ৰীয়ে ?
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: X Handle
manas-borah
Manas Borah | Updated On: 20 Jan 2025 15:49 PM

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কোৰিয়াৰ উদ্যোগপতিসকলৰ সন্মুখত অসমৰ স্থান, কৌশলগত আৰু নীতিগত সুবিধাসমূহৰ বিষয়ে উত্থাপন কৰি ইয়াত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূর্বাঞ্চলৰ ওপৰত কেন্দ্রৰ গুৰুত্ব আৰু অঞ্চলটোৰ উদ্যোগিক বিকাশৰ দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ তেওঁ কয়, ‘এডভান্টেজ ব্যৱসায়িক সম্পৰ্ক ! দক্ষিণ কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভান্টেজ আছাম ৰোডশ্ব’ত ১৪০ জনতকৈ অধিক ব্যৱসায়িক নেতাৰ সৈতে কথা পাতি মই ছিউলত দিনটোৰ আৰম্ভণি কৰিলোঁ।’

উল্লেখ্য যে, ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘এডভান্টেজ আছাম ২.০’ ব্যৱসায়িক সন্মিলনৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে ছিউলত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ লগতে কয়, ‘এডভাণ্টেজ আছাম-২.০ত তেখেতসকলে অংশ ল’বলৈ যি উৎসাহ দেখুৱাইছে সেয়া অসাধাৰণ ।’ বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে ভাৰতৰ স্থান আৰু এই বজাৰত প্ৰৱেশৰ বাবে অসমে তেওঁলোকক দিব পৰা অনন্য সুযোগৰ প্ৰতি কোৰিয়াৰ উদ্যোগপতিসকলে সঁহাৰি জনোৱা বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই বিনিয়োগকাৰীৰ সন্মুখত ৰাজ্যখনৰ তিনিটা ডাঙৰ সুবিধা অৱস্থিতি, কৌশলগত আৰু নীতিগত ‘এডভাণ্টেজ’ অর্থাৎ সুবিধাৰ ওপৰত আলোকপাত কৰে । তেওঁ কয় যে, প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ বিশেষভাৱে অগ্ৰাধিকাৰযুক্ত ক্ষেত্রৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল অন্যতম। ইউনেস্ক’ৰ তিনিটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সৈতে অসম হৈছে এনে এক স্থান য’ত বাণিজ্য আৰু প্রকৃতিৰ আনন্দ লাভ কৰিব পৰা যায়।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এই অনুষ্ঠানত দিয়া ভাষণৰ ক্লিপত মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত দিয়া গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, ‘যেতিয়াই কোনোবাই অসমত কিবা এটা স্থাপন কৰিব বিচাৰিব তেতিয়াই আমি ইয়াৰ সুবিধা প্ৰদান কৰিম। নিশ্চিত যে, ভাৰত চৰকাৰে ইয়াৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত আৰু অধিক আগ্ৰাসী হ’ব।’ শৰ্মাই আঙুলিয়াই দিয়ে যে, কেন্দ্ৰৰ ‘এক্ট ইষ্ট পলিচি’ৰ লক্ষ্য হৈছে উত্তৰ-পূবৰ উন্নয়ন।

‘টাটা আমাৰ বন্ধু আৰু আন বহু বৃহৎ উদ্যোগে অসমত সক্ৰিয়ভাৱে কাম কৰি আছে। কোৰিয়াৰ কোনো উদ্যোগে যদি ভাৰতীয় উদ্যোগৰ সৈতে সহযোগিতা কৰিব বিচাৰে তেন্তে আমি ইয়াৰ সুবিধা কৰিম।’ এইদৰে কয় মুখ্যমন্ত্ৰীয়ে । ইফালে দক্ষিণ কোৰিয়াৰ ছিউলত কোৰিয়া ট্ৰেড-ইনভেষ্টমেণ্ট প্ৰমোচন এজেঞ্চি (KOTRA)-ৰ  অধ্যক্ষ কিউংছুং কাং আৰু তেওঁৰ দলৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ।

উক্ত বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায়কেন্দ্ৰিক পাৰস্পৰিক লাভালাভক প্ৰাধান্য দি ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ হেতু অংশীদাৰিত্বৰ পথ অন্বেষণ কৰাৰ বাবে যৌথ ৰণকৌশলৰ বিষয়ে আলোচনা কৰা হয় জানিবলৈ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া ব্যৱসায়িক সন্মিলনলৈ বিনিয়োগকাৰীক আমন্ত্ৰণ জনোৱাৰ বাবে দক্ষিণ কোৰিয়াৰ পাছতে জাপান ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Latest News