Advantage Assam 2.0 : আন্তঃগাঁথনিৰ বাবে ১ লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে অসমে ! নিশ্চিত কৰিলে মুখ্য়মন্ত্ৰীয়ে…
মুখ্যমন্ত্ৰী শৰ্মাই কয়, কালিৰে পৰা পথ, ৰে'ল, বিমানপথ, জলপথ আৰু ঘাই পথৰ বিভিন্ন প্ৰকল্পৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসকলে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। যদি সকলো ধন একেলগে লোৱা হয়, তেন্তে প্ৰায় ১ লাখ কোটি টকা হয়।

ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক লাখ কোটি টকাতকৈ অধিক মুঠ বিনিয়োগৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনৰ এক অধিৱেশনত দিয়া ভাষণত মুখ্য়মন্ত্ৰীয় কয় যে,পথ পৰিবহণ, ৰে’ল সংযোগ, জলপথ বৃদ্ধি আৰু বিমান সংযোগ আদি খণ্ডত কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিব ।
পথ, ৰে’ল আৰু জলপথৰ আন্তঃগাঁথনি সন্দৰ্ভত আয়োজিত এডভান্টেজ আছাম ২.০ ৰ এক অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “কালিৰে পৰা পথ, ৰে’ল, বিমানপথ, জলপথ আৰু ঘাই পথৰ বিভিন্ন প্ৰকল্পৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসকলে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। যদি সকলো ধন একেলগে লোৱা হয়, তেন্তে প্ৰায় ১ লাখ কোটি টকা হয়।” হাতত ল’বলগীয়া পথ প্ৰকল্পৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, এই প্ৰকল্পবোৰে যাতায়তৰ সময় হ্ৰাস কৰাৰ লগতে অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।
তেওঁ কয় যে, এক্সপ্ৰেছ-হাইৱে হিচাপে পৰিগণিত হ’বলগীয়া গুৱাহাটী-পঞ্চগ্ৰাম ঘাই পথটোৱে শিলচৰলৈ যাতায়তৰ সময় এতিয়াৰ ১০ ঘণ্টাৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰিব। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড’ৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ তলৰ সুৰংগৰ দৰে এই প্ৰকল্পসমূহ ৰাজ্যখনৰ বাবে গেম চেঞ্জাৰ হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
তেওঁ কয় যে, গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ এক্সপ্ৰেছ হাইৱেৰ বাবে যাৱতীয় কাম-কাজ ইতিমধ্যে আৰম্ভ হৈছে যাতে যাতায়তৰ সময় হ্ৰাস পায়। মুখ্য়মন্ত্ৰী শৰ্মাই স্পষ্টভাৱে কয় যে, আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পসমূহ সম্পন্ন কৰাৰ বাবে অভিযন্তা আৰু অন্যান্য কাৰিকৰী যোগ্যতাসম্পন্ন লোককে ধৰি দক্ষ জনশক্তিৰ প্ৰয়োজন হ’ব। এই প্ৰকল্পসমূহ কাৰ্যকৰী কৰাৰ বাবে আমাক দক্ষ শ্ৰমিকৰ প্ৰয়োজন হ’ব আৰু সেয়েহে আমি এই শীৰ্ষ সন্মিলনত যুৱক-যুৱতীসকলক জড়িত কৰিছো বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
লগতে অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহক উদ্যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শৰ্মাই কয় যে, আমাৰ পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে শৈক্ষিক সংস্কাৰ। আমি আমাৰ শিক্ষা ব্যৱস্থাক সলনি কৰি দক্ষ জনশক্তি সৃষ্টি কৰিব লাগিব। সঠিক পৰিকল্পনা আৰু প্ৰশিক্ষণৰ দ্বাৰা অসমে প্ৰকল্পসমূহৰ বাবে দক্ষ জনশক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ব আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।