5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০, উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব Advantage Assam 2.O. দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই কাৰ্যসূচী। ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ আয়োজনৰ বাবে প্ৰস্তুতি চলাই আছে।

অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০, উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
এডভান্টেজ অসম ২.০
barasha-sarma
Barasha Sarma | Updated On: 24 Nov 2024 17:55 PM

অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত  গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ। এই দ্বিতীয় সংস্কৰণৰ নাম দিয়া হৈছে এডভান্টেজ অসম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ (Advantage Assam 2.0)।  দেওবাৰে লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে সামৰণি অনুষ্ঠানৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আদৰণি জনোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

ইয়াৰ পূৰ্বৰ সন্মিলনত দেশ বিদেশৰ বিনিয়োগকাৰীৰ পৰা যথেষ্ঠ সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি শৰ্মাই কয় যে,  এইবাৰ আমি সন্মিলনখনত বিনিয়োগৰ লগতে আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিছো। কিয়নো ৰাজ্যত আন্তঃগাঁথনি বৃদ্ধি হ’লে বিনিয়োগ হ’ব। সেয়ে এই কাৰ্যসূচত আন্তঃগাঁথনিৰ লগত জড়িত কেইবাটাও  সত্ৰ পৃথককৈ অনুষ্ঠিত হ’ব। পথ পৰিবহন ব্যৱস্থাৰ ওপৰত হ’বলগীয়া সত্ৰৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰাৰ লগতে ৰে’লৱে সত্ৰৰ শুভ উদ্বোধন কৰি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ইয়াৰ লগতে হাইড্ৰ কাৰ্বন, এগ্ৰিকালছাৰ, চিভিলে ইভিয়েশ্যন, উদ্যোগিক ক্ষেত্ৰ আদি সত্ৰৰ শুভ উদ্বোধনৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীক আমন্ত্ৰণ জনোৱা হ’ব।

শৰ্মাই কয় যে, অসমত চেমিকণ্ডাক্টৰ প্ৰকল্পৰ শুভাৰম্ভ হোৱাৰ পাছৰে পৰা দেশ- বিদেশৰ বহু উদ্যোগ প্ৰতিষ্ঠানে ৰাজ্যত বিনিয়োগ কৰাৰ অনুসন্ধান কৰি আছে। ইয়াৰোপৰি আগন্তুক সময়ত ভাৰত চৰকাৰৰ দ্বাৰা কেনেকৈ অসমত বিনিয়োগ কৰিব পাৰি সেই ক্ষেত্ৰত প্ৰচেষ্টা চলোৱা হ’ব ।

এই সন্মিলনতে চাহ বাগিচাৰ যুৱক-যুৱতীৰ দ্বাৰা সৰ্বজনীনভাৱে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ’ব বুলি উল্লেখ কৰি শৰ্মাই কয় যে,  এই সন্মিলনত দেশ- বিদেশৰ বহু বিনিয়োগকাৰী আহিব। এই সন্মিলনতে অসমৰ ৮০০ খন চাহ বাগিচাৰ পৰা ৩২ গৰাকীকৈ যুৱতী, সেই অনুপাতে যুৱকে সাৰ্বজনীন ভাৱে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। শৰ্মাই কয় যে, এই অনুষ্ঠানত ৭৫০০ নাচনী আৰু কলা- কুশলীয়ে অংশ গ্ৰহণ কৰিব। ইয়াৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ, এল এ চি, জিলা ভিত্তিত কাৰ্যসূচী, গুৱাহাটীলৈ অনাকে ধৰি সকলো ব্যৱস্থা কৰা হ’ব। অৱশ্যে এতিয়াও ইয়াৰ বাবে দিন ঠিক কৰা হোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ২৪-২৫ তাৰিখৰ কোনোবা এটা দিনত এই নৃত্য প্ৰদৰ্শন কৰা হ’ব।

শৰ্মাই কয় যে, এইবাৰ এই সন্মিলত ব্যয়বহুল কৰা নহয়। তাৰ প্ৰতি গুৰুত্ব দি ৩ টা প্ৰতিনিধি দলৰ ব্যৱস্থা কৰা  হৈছে যি বিদেশলৈ যাব। ইয়াৰে এটা প্ৰতিনিধি দল চিংগাপুৰ আৰু জাপান, এটা প্ৰতিনিধি দল আমেৰিকা আৰিু এটা প্ৰতিনিধি দল ইংলেণ্ডলৈ যাব। এই ৩ প্ৰতিনিধি দলৰ কোনোবা এটা দলে ডুবাইলৈ যাব বুলি কয় শৰ্মাই । লগতে কয় যে, দেশীয় পৰ্যায়তো মুম্বাইতদিল্লী, বাংগালুৰ, চেন্নাই আৰু আহমেদাবাদত ৬ টাকৈ ৰোড শ্ব’ অনুষ্ঠিত হ’ব।

ইয়াৰো ভূটানৰ পৰা নামি অহা পানীৰ যাতে ভাল ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰি শৰ্মাই কয় যে, ভূটানৰ পৰা নামি অহা পানী অসমৰ জলসিঞ্চন আৰু জল যোগানত ব্যৱহাৰ কৰিব পাৰি।  ভূটানৰ পৰা নামি অহা পানী জলসিঞ্চনত ব্যৱহাৰ কৰিলে নামনি অসমৰ পথাৰসমূহত বছৰৰ প্ৰত্যোক দিনতে পানী থাকিব। এই ক্ষেত্ৰত ভূটান চৰকাৰৰ লগত আলোচনা কৰিবৰ বাবে এটা প্ৰতিনিধি দল ভূটানলৈ যাব বুলি কয় শৰ্মাই।

 

Latest News