ডলা-কুলা, চালনী-বিচনীয়েই নহয়; বাঁহৰ পৰা প্ৰস্তুত হ’ব মোজা আৰু অন্তৰ্বাস ! চুক্তিও হ’ল

বাঁহৰ পৰা প্ৰস্তুত কৰা হ'ব মোজা আৰু অন্তৰ্বাস। এই সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে দিল্লীৰ কোম্পানীটোৱে।

ডলা-কুলা, চালনী-বিচনীয়েই নহয়; বাঁহৰ পৰা প্ৰস্তুত হব মোজা আৰু অন্তৰ্বাস ! চুক্তিও হল

বাঁহ

Updated On: 

27 Feb 2025 11:56 AM

বাঁহৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰ বিষয়ে আপোনাক নিশ্চয় বহলাই কোৱাৰ প্ৰয়োজন নাই । ডলা-কুলা, পাচি-খৰাহীৰ পৰা আদি কৰি চকী-মেজলৈকে কি কি প্ৰস্তুত নহয় বাঁহেৰে । বাঁহৰ পৰা কাগজ প্ৰস্তুত হোৱাৰ কথাও নিশ্চয় আপুনি জানে । কিন্তু কেতিয়াবা বাঁহৰ পৰা মোজা বা অন্তৰ্বাস প্ৰস্তুত হোৱাৰ কথা শুনিছেনে ?

আচৰিত লাগিলেও এয়াই সঁচা। বাঁহৰ পৰা প্ৰস্তুত কৰা হৈছে মোজা। অৱশ্যে এয়া কোনো সাধাৰণ মোজা নহয়। বাঁহৰ পৰা তৈয়াৰ কৰা এই বিশেষ মৌজাৰ আছে ঔষধি গুণ। এই বিশেষ মোজা মধুমেহৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে বিশেষ উপকাৰী। ইতিমধ্যে দেশৰ বিভিন্ন চিকিৎসালয়ত বাঁহৰ দ্বাৰা এই মোজাৰ ব্যৱহাৰ হৈ আহিছে।

এতিয়া এই বাঁহৰ মোজা উপলব্ধ হ’ব অসমত। বাঁহৰ ক্ষেত্ৰত বিশেষভাৱে চহকী অসম। যাৰ বাবে দিল্লীৰ এই প্ৰকল্প এতিয়া অসমতো ৰূপায়ন হ’ব। অৱশ্যে কেৱল মোজাই নহয়, বাঁহৰ পৰা প্ৰস্তুত হ’ব অন্তৰ্বাসো।

ক’ৰ পৰা প্ৰস্তুত হ’ব

দিল্লী ‘বাৰ্ডকাৰ্টছ’ (birdcarts) নামৰ কোম্পানীটোৱে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত কোম্পানীটোৱে অসমত স্থাপন কৰিব ইয়াৰ এটা উৎপাদন গোট । এই ক্ষেত্ৰত তেওঁলোকে ডিমা হাচাওত স্থাপন কৰিব এই প্ৰকল্পৰ কামকাজ। এই সন্দৰ্ভত কোম্পানীটোৱে অসম চৰকাৰৰ লগত এডভান্টেজ আছাৰ ২.০ ৰ দ্বিতীয় দিনা এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। তথ্য অনুসৰি,  ৩৯ কোটি টকা ব্যয় সাপেক্ষে কোম্পানীটোৱে এই প্ৰকল্পৰ কাম আৰম্ভ কৰিব। এই ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে স্থান পৰিদৰ্শন কৰিছে আৰু বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে।

মোজাৰ গুণ

ই-টিভি ভাৰতে প্ৰকাশ কৰা তথ্য অনুসৰি, বাঁহৰ আঁহৰ পৰা এই বিশেষ মোজা প্ৰস্তুত কৰা হয় । ইয়াত ভেল্যু এডিচনৰ বাবে এলোভেৰা ব্যৱহাৰ কৰা হয় । বাঁহ আৰু এলোভেৰা এণ্টি বেকটেৰিয়েল। যাৰ বাবে ই মধুমেহ ৰোগীৰ বাব উপকাৰী। বিশেষকৈ মধুমেহ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি এই মোজা প্ৰস্তুত কৰা হয়। ছেনজিটিভ ছালৰ বাবেও এই বিশেষ মোজা অতি উপকাৰী ।
এই সন্দৰ্ভত ‘বাৰ্ডকাৰ্টছ’ৰ সঞ্চালক হৰেৰাম মিশ্ৰাই কয় যে, এলোভেৰা আৰু বাঁহেৰে প্ৰস্তুত কৰা এই মোজা বিশেষ আৰামদায়ক । এই মোজাৰ দ্বাৰা গৰমত ঠাণ্ডা আৰু ঠাণ্ডাত গৰম অনুভৱ হয় । আনহাতে এযোৰ মোজা ৭ ৰ পৰা ১০ দিন পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰি ।

জানিব পৰা মতে, ২০২২ চনৰ পৰা এই কোম্পানীটো চলি আছে আৰু  দিল্লীৰ কোম্পানী আৰু মেন্যুফেকচাৰিঙৰ ক্ষেত্রত ইণ্টেলিজেন ফেব্ৰিক টেকন’লজীৰ সৈতে ইয়াৰ টাইআপ আছে । বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা এই মোজাৰ বিশেষ চাহিদা আছে বুলি জনাই হৰেৰাম মিশ্ৰাই। তেওঁ কয় যে, বছৰি আমাৰ ১৫ কোটি টকাৰ টাৰ্ণ-অ’ভাৰ হয় । ইয়াৰ যোগান বৃদ্ধিৰ বাবে ডিমা হাচাওক প্ৰকল্প স্থাপনৰ যো জা চলাই থকা হৈছে। ইয়াৰোপৰি ডিমা হাচাওক বাঁহৰ ভাল উৎপাদন আছে যাৰ বাবে সেই অঞ্চল চিনাক্ত কৰা হৈছে। তেওঁ লগতে জনাই যে, এই প্ৰকল্পটো ৪০ হাজাৰ বৰ্গ ফুট এলেকাত স্থাপন কৰা হ’ব য’ত ২৬০ জনক প্ৰত্যক্ষ নিযুক্তি দিয়া হ’ব। অৱশ্যে পৰোক্ষভাৱে ইয়াত ২,০০০ ৰো অধিকলোক জড়িত হৈ থাকিব।

 

অন্য খবৰ পঢ়কঃ এডভান্টেজ আছাম ২.০ঃ প্ৰথম দিনটোত ১৬৪ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

Related Stories
কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? গৌৰৱ হ’ব নেকি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী…
মাতৃৰ মৃত্যুৰ এমাহৰ পাছতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ঘগ্ৰাপাৰ থানাৰ OC বিৰিঞ্চি দাসে
পুনৰ ভূমিকম্পই জোকাৰি গ’ল অসম, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.০
Advantage Assam 2.0 : সম্ভাৱনাৰ সুযোগ ল’লে আম্বানী-আদানীৰ দৰে কোম্পানীয়ে ! অসমত হ’ব প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগ, কোনটো খণ্ডই সৰ্বাধিক দৃষ্টি কাঢ়িলে বিনিয়োগকাৰীৰ ?
অসম, কেৰালাৰ দলীয় জ্যেষ্ঠ নেতাৰে গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কংগ্ৰেছৰ…
Advantage Assam 2.0 : আন্তঃগাঁথনিৰ বাবে ১ লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে অসমে ! নিশ্চিত কৰিলে মুখ্য়মন্ত্ৰীয়ে…
সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?