শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘এডভান্টেজ আছাম’ৰ বাবে সাজু অসমঃ সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী

Advantage assam 2.0: এডভান্টেজ আছাম ২.০ ৰ বাবে সাজু অসম। কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব এই অনুষ্ঠান। এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্য দেশ-বিদেশৰ বহু প্ৰতিনিধি ৰাজ্যত উপস্থিত হৈছে।

‘এডভান্টেজ আছাম’ৰ বাবে সাজু অসমঃ সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী
এডভান্টেজ অসম ২.০
barasha-sarma
Barasha Sarma | Updated On: 24 Feb 2025 09:58 AM

দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে (২৫, ২৬ ফেব্ৰুৱাৰী) গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ। এই দ্বিতীয় সংস্কৰণৰ নাম দিয়া হৈছে এডভান্টেজ আছাম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ (Advantage Assam 2.0)।  এডভান্টেজ আছামৰ কাৰ্যসূচীত দেশ বিদেশৰ বহু বিনিয়োগকাৰী আহিব য’ত বিভিন্ন চুক্তি স্বাক্ষৰ হ’ব। ইয়াৰোপৰি এই সময়চোৱাত দেশৰ কেইবাগৰাকী মন্ত্ৰীয়েও ৰাজ্যত উপস্থিত হ’ব।

এডভান্টেজ অছামৰ কাৰ্যসূচীৰ পূৰ্বে আজি অনুষ্ঠিত হ’বলগীয়া  ঝুমেইৰ বিনন্দীয়া কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ লগতে ৫০জনতকৈও অধিক ৰাষ্ট্ৰদূত আহি অসমত উপস্থিত হৈছে। প্ৰথম অৱস্থাত সোমবাৰে পুৱা ৪৩ খন দেশৰ ৬৪ গৰাকী প্ৰতিনিধিৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে এছ জয়শংকৰে। পুৱা কহঁৰা বনাঞ্চলত হাতী আৰু জীপ ছাফাৰী কৰে দলটোয়ে।

দেওবাৰে সন্ধিয়া যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হৈছিল মন্ত্ৰী এছ জয়শংকৰৰ লগতে ৪৩খন দেশৰ পৰা অহা মুঠ ৬২ গৰাকী প্ৰতিনিধি। আজি  পুৱাৰ ভাগত কাজিৰঙা ভ্ৰমণ কৰাৰ পাছতে তেওঁলোক পুনৰ যোৰহাট বিমান বন্দৰলৈ যাব আৰু পাছত তাৰ পৰাই গুৱাহাটীলৈ উৰা মাৰিব।

আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সময়চোৱাত মোদীৰ লগতে বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত তথা বিশ্ববাসীৰ আগত ইতিহাস ৰচিবলৈ সাজু হৈছে সৰুসজাই ষ্টেডিয়াম। কিয়নো সৰুসজাই ষ্টেডিয়ামত আজি প্ৰায় ৯০০০ নাচনীয়া পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হৈ ৰ’ব দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে দেশ-বিদেশৰ পৰা অহা বহু জনপ্ৰতিনিধি আৰু ৰাজ্যবাসী।

অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰ ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক এই নৃত্যই গঢ়িব বিশ্ব অভিলেখ। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে একে সময়তে ইমান সংখ্যক শিল্পীয়ে কেতিয়াও ঝুমুৰ নৃত্য পৰিৱেশন কৰা নাছিল। যুৱতীৰ লগতে বহু যুৱকে এই নৃত্যু পৰিৱেশন কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীকে ২৫,০০০ কৈ টকা আগবঢ়োৱা হব।

তথ্য অনুসৰি এই অনুষ্ঠানত ২৭খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিব। ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব ২,০৭৪গৰাকী।  মুঠ ১৬ মিনিট ৩২ ছেকেণ্ডৰ হ’ব এই অনুষ্ঠান । আজি সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ বাবে দৰ্শকসকলে ৩ বজাৰ আগতে সৰুসজাই ষ্টেডিয়ামত হাজিৰ হ’ব লাগিব।

উল্লেখ্য যে, ঝুমুৰ নৃত্যৰ সমান্তৰালকৈ এডভাণ্টেজ আছাম ২.০ৰ প্ৰদৰ্শনীও উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে। সন্ধিয়া মোদীয়ে প্ৰদৰ্শনী উদ্বোধন কৰি আৰু পাছত ছেমিকণ্ডাক্টৰৰ এক বিশেষ সভা অনুষ্ঠিত হ’ব। এই এডভাণ্টেজ আছাম ২.০ত কেইবাখনো চুক্তি স্বাক্ষৰ হ’ব। ২,৫৯০খন সৰু চুক্তি জিলা আয়ুক্তৰ জৰিয়তে সম্পন্ন হ’ব। অতিৰিক্ত ১৫,৯১১ কোটিৰ এনেকুৱা চুক্তি এই পৰ্যন্ত নিশ্চিত হৈছে বুলি কালি সংবাদমেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ কৰা প্ৰয়োজন যে, এডভান্টেজ আছামৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ দেশ বিদেশৰ বহু বিনিয়োগকাৰী অহাৰ সম্ভাৱনা আছে।