২০১৪ চনৰ পিছত পুনৰজনম হৈছে অসমৰ, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আহিছে শান্তি : মুখ্যমন্ত্ৰী
Advantage assam 2.0 Summit: আজিৰ পৰা আৰম্ভ হৈছে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ। এই অনুষ্ঠানত অংশ ল’বলৈ ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে দেশ-বিদেশৰ বহু বিনিয়োগকাৰী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আৰম্ভ হৈছে এডভাণ্টেজ আছাম 2.0 সন্মিলন। সন্মিলনত উপস্থিত দেশৰ শীৰ্ষ উদ্যোগপতি, ৰাষ্ট্ৰদূত তথা উচ্চায়ুক্তসকল। সন্মিলনত ভাষণ প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজিৰ পৰা আৰম্ভ হৈছে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ এডভান্টেজ আছাম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ (Advantage Assam 2.0)। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশ ল’বলৈ ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে দেশ-বিদেশৰ বহু বিনিয়োগকাৰী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আৰম্ভ হৈছে এডভাণ্টেজ আছাম 2.0 সন্মিলন। সন্মিলনত উপস্থিত দেশৰ শীৰ্ষ উদ্যোগপতি, ৰাষ্ট্ৰদূত তথা উচ্চায়ুক্তসকল। সন্মিলনত ভাষণ প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীকে ধৰি এডভান্টেজ আছাম ২.০ৰ কাৰ্যসূচীত উপস্থিত সকলো উদ্যোগপতিকে আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, ২০১৮ত ৩ আৰু ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত প্ৰথমে এডভাণ্টেজ আছাম ছামিট আৰম্ভ কৰা হৈছিল। সেই সময়তে নুমলীগড় ৰিফাইনেৰীলৈ ২৬০০০ কোটি টকাৰ সাহায্যৰে ইয়াৰ পৰিসৰ ৯ মিলিয়ন মেট্ৰিক টনলৈ সম্প্ৰসাৰণ কৰা হয়। লগতে পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ ক্ৰুড পাইপলাইন বহুওৱাৰ কাম কৰা হয়। যাৰ দৈৰ্ঘ্য আছিল ১৬০০ কিঃমিঃ । আৰু সেই সময়তে অসমত টাটাৰ দ্বাৰা ছেমিকণ্ডাক্টৰৰ আৰম্ভণি কৰা হৈছিল বুলি জনাই মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে কয় যে, শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটত নামৰূপত গ্ৰীনফিল্ড ফাৰ্টিলাইজাৰ প্লাণ্টৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যি ১২ লাখ মেট্ৰিক টনৰ হ’ব। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, ১৮৩৯ চনৰ পৰা অসমৰ ঔদ্যোগীকৰণৰ ইতিহাস আৰম্ভ হৈছে। আজি অসমৰ স্থায়ী উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণ হৈছে। ৪টা দশকত অসমে বহু দুৰ্যোগৰ সাক্ষী হৈছে।
অসমৰ শেহতীয়া বিকাশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “২০১৪ চনৰ পিছত অসমৰ পুনৰজনম হৈছে।” তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমলৈ শান্তি আহিছে। এটা সময়ত দেশৰ আটাইতকৈ অশান্তজৰ্জৰ ৰাজ্য আছিল অসম , যি এতিয়া আজি আটাইতকৈ শান্তিপূৰ্ণ ৰাজ্য হৈ পৰিছে। ২০১৪ চনৰ পিছত অসমত ২৩২৪ কিঃমিঃ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। ৬০০ কিঃমিঃ মিটাৰগজক ৰে’লপথ ব্ৰডগজলৈ আৰু ২০০ কিঃমিঃ ৰে’ল ডাবল ট্ৰেকলৈ ৰূপান্তৰ কৰা হয়। যাৰ বাবে আজি গুৱাহাটী বিমানবন্দৰ সপ্তম ব্যস্ততম বিমানবন্দৰ হৈ পৰিছে।
অসমৰ আৰ্থিক অৱস্থাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ২০১৩-১৪ত অসমৰ আছিল জিডিপি ২৯ বিলিয়ন ডলাৰ। আৰু ২০২৩ত অসমৰ জিডিপি ৬৮.৭ বিলিয়ন ডলাৰ হয়। এটা দশকৰ অসম জিডিপি ১৩ শতাংশ বৃদ্ধি হৈছে। এই বছৰ অসমৰ জিডিপি ১৫.২ শতাংশ। লগতে তেওঁ কয় যে, ২০৩০ ভিতৰত ১৪৩ বিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ব অসম। তেওঁ কয়,” আমাৰ ৰাজ্যত টাটাই ছেমিকণ্ডাক্টৰ আৰম্ভ কৰিছে, পেপছি, কেম্পা কোলাৰ দৰে ব্ৰেণ্ড আহিছে। হিন্দুস্তান ইউনিলিভাৰৰ দৰে মাল্টিনেচনেল কোম্পানীয়ে উদ্যোগৰ কাম আৰম্ভ কৰিছে।”
শেষত এডভাণ্টেজ আছাম ২.০ৰ বাবে ভাৰতৰ উদ্যোগপতিসকলক আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভাৰতৰ বিকাশৰ সপোনত অন্তৰ্ভুক্ত হ’বলৈ আহ্বান জনাই।তেওঁ কয়, “উত্তৰ-পূবৰ বিকাশত আপোনালোকেও অংশগ্ৰহণ কৰক। দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখত বিনিয়োগ কৰক।”