এডভান্টেজ আছাম ২.০ ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ, জানক আজিৰ দিনৰ কাৰ্যসূচী

Advantage Assam 2.0: মঙলবাৰে এডভান্টেজ আছাম ২.০ ৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ অনুষ্ঠানত উপস্থিত হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিশিষ্ট উদ্যোগতিৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধি।

এডভান্টেজ আছাম ২.০ ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ, জানক আজিৰ দিনৰ কাৰ্যসূচী

প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী

Published: 

25 Feb 2025 11:54 AM

মঙলবাৰে এডভান্টেজ আছাম ২.০ ৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে।  তথ্য অনুসৰি প্ৰায় ৬১ খন কৰিব। আজিৰ অনুষ্ঠানত উপস্থিত হৈয়ে উদ্যোগপতি গৌতম আদানী, মুকেশ আম্বানীৰ লগতে বিভিন্নজনে ডাঙৰ ঘোষণা কৰিব পাৰে।

সোমবাৰে নিশাই গুৱাহাটীত উপস্থিত হৈছে বিশিষ্ট উদ্যোগপতি গৌতম আদানী, ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী। ইয়াৰ লগতে অসমত উপস্থিত হৈছে উপস্থিত হৈছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী। অসমত উপস্থিত হৈছে বাংলাদেশ, ক’ষ্টাৰিকা, কেমেৰুন, চাড, ক’স্তাৰিকা, কংগো, ঘানা, ইৰাক, পোলেণ্ড, ৰাৱাণ্ডা, শ্ৰীলংকা, ছুইডেন, আৰ্মেনিয়া, জৰ্জিয়া, গোয়েনা, আইছলেণ্ড, ইটালী, মালয়েছিয়া, মালদ্বীপ, পানামা, ফীনলেণ্ড, জামাইকা, কেনিয়া, নামিবিয়া, টিমৰ লেষ্টি, কাজাখাস্তান, কিৰগিজস্তান, মালয়েছিয়া, নৰ্থ মেছিদনীয়া, আৰ্মেনিয়া, বটছৱানা, বুলগেৰিয়া, কলম্বিয়া, কিউবা, চাইপ্ৰাছ, এল ছালভেদৰ, এৰিট্ৰিয়া, উগাণ্ডা আৰু ভেনিজুৱেলাৰ প্ৰতিনিধি।

ইয়াক মাজতে ইংলেণ্ডৰ উচ্চায়ুক্ত এণ্ড্ৰিউ ফ্লেমিং, ছিংগাপুৰৰ উচ্চায়ুক্ত এছ ই ছাইমন ৱং আৰু অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত ফিলিপ গ্ৰীণৰ সৈতে নিশা এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে, এডভান্টেজ আছামৰ প্ৰথম দিনটোতে অনুষ্ঠিত হ’ব অসমৰ প্ৰচাৰ আৰু বিনিয়োগ শীৰ্ষক আলোচনা। মোদীৰ উদ্বোধনৰ পাছতে মানস প্ৰেক্ষাগৃহত এই আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। এই আলোচনা দিনৰ ডেৰ বজাৰ পৰা আঢ়ৈ বজালৈ অনুষ্ঠিত হ’ব। দিনৰ ২ বজাৰ পৰা ৩ বজালৈ কপিলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ‘MSME আৰু ODOP’ আলোচনা সত্ৰ । GI তথা ভৌগোলিক পৰিচিতি চিহ্ন, জৈৱিক কৃষি তথা ৰাজ্যৰ অৰ্থনৈতিৰ উন্নয়নৰ ক্ষেত্ৰত কৃষক-উৎপাদক সংস্থাৰ ভূমিকা সন্দৰ্ভত এইখন আলোচনা সত্ৰত আলোচনা হ’ব।

পৰৱৰ্তী সময়চত আজি দিনৰ আঢ়ৈ বজাৰ পৰা চাৰে তিনি বজালৈ ধনশিৰি প্ৰেক্ষাগৃহত ‘আয়ুস, চাহ আৰু সুগন্ধি স্বাদ’ শীৰ্ষক তৃতীয়খন আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। একে সময়তে দিনৰ আঢ়ৈ বজাৰ পৰা চাৰে তিনি বজালৈ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত I-way to Viksit Assam আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। লগতে বিভিন্ন ৰাজ্যৰ মাজত ৩ বজাৰ পৰা ৫ বজালৈ মানৱ প্ৰেক্ষগৃহত ‘অসমঃ প্ৰতিটো ঋতু আৰু সকলো উপলক্ষতে লক্ষ্যস্থান’ শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ’ব।

এডভাণ্টেজ আছামৰ প্ৰথম দিনাই সন্ধিয়া ৭ বজাৰ পৰা ৮ বজালৈ এক্ট ইষ্ট, এক্ট ফাষ্ট, এক্ট ফাৰ্ষ্ট শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। আজি বিয়লি ৪ বজাৰ পৰা ৫ বজালৈ কপিলী প্ৰেক্ষাগৃহত ‘স্বাস্থ্য দিগন্তঃ স্বাস্থ্যখণ্ডৰ পৰিৱৰ্তন’ শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। ৫ বজাৰ পৰা ৬.৩০ বজালৈ বৰাক প্ৰেক্ষাগৃহত ভাৰত-ভূটান অৰ্থনৈতিক অংশাদাৰিত্বৰ উত্তৰণ শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ’ব।

ধনশিৰি প্ৰেক্ষাগৃহত বিয়লি ৫.৩০ বজাৰ পৰা ৬.৩০ বজালৈ ‘অসমৰ জৈৱপ্ৰযুক্তি প্ৰণালীৰ ৰূপপেখা প্ৰস্তুতৰ বাবে জৈৱ উৎপাদন আৰু জৈৱ প্ৰয়ুক্তি’ শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ছেমি কণ্ডাক্টৰ শীৰ্ষক আলোচনা সত্ৰখন ২৫ ফেব্ৰুৱাৰীৰ দিনাই অনুষ্ঠিত হ’ব। তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ২৬ ফেব্ৰুৱাৰীত দিল্লীত আন কাৰ্যসূচীত ব্যস্ত থাকিব বাবে একেদিনাই সেইখন আলোচনা সত্ৰও অনুষ্ঠিত হ’ব।

 

অন্য খবৰ পঢ়কঃ Advantage Assam 2.0: আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ‘এডভান্টেজ আছাম ২.০’, সন্মিলনৰ শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে

Related Stories
শান্তি চুক্তি-সীমা বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি : প্ৰধানমন্ত্ৰী মোদী
Fake encounter: অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত ভুৱা এনকাউন্টাৰৰ গোচৰৰ ৰায় সংৰক্ষিত ৰাখিলে সৰ্বোচ্চ ন্যায়ালয়ে
Advantage Assam 2.0: ১ লাখ যুৱক-যুৱতীয়ে পাব কৰ্মসংস্থাপনৰ সুযোগ ! অসম-ত্ৰিপুৰাৰ তেল আৰু গেছ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বেদান্তা গ্ৰুপে
বৰ্তমান অসমৰ অৰ্থনীতি ৬ লাখ কোটি, বিজেপিৰ দিনত বৃদ্ধি পাইছে ৩ লাখ কোটিঃ মোদী
ৰাজ্যত ৩০ হাজাৰ চাকৰিৰ সৃষ্টিৰে বৃহৎ বিনিয়োগৰ দিশে আগবাঢ়িছে টাটা গ্ৰুপ ! কি ক’লে অধ্যক্ষ এন চন্দ্ৰশেখৰনে ?
২০১৪ চনৰ পিছত পুনৰজনম হৈছে অসমৰ, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আহিছে শান্তি : মুখ্যমন্ত্ৰী
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...