শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Advantage Assam 2.0 : কি কি খণ্ডক সৰ্বাধিক গুৰুত্ব দিছে ৰাজ্য চৰকাৰে ?

'এডভাণ্টেজ আছাম ২.০'ত এইবাৰ কেইবাটাও বিশেষ খণ্ডক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । বিশেষকৈ হাইড্ৰ'কাৰ্বন, পৰ্যটনভিত্তিক উদ্যোগৰ সমান্তৰালভাৱে ছেমিকণ্ডাক্টৰ, প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ আৰু মেৰামতি উদ্যোগৰ বাবে দেশৰ আগশাৰী বিনিয়োগকাৰীক আকৰ্ষণ কৰিবৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ।

Advantage Assam 2.0 : কি কি খণ্ডক সৰ্বাধিক গুৰুত্ব দিছে ৰাজ্য চৰকাৰে ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 08 Jan 2025 08:29 AM

অসমক বিনিয়োগৰ এক উৎকৃষ্ট ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে । সেয়েহে ৰাজ্য চৰকাৰে আয়োজন কৰা ‘এডভাণ্টেজ আছাম ২.০’ত দেশৰ আগশাৰী বিনিয়োগকাৰীৰ অংশগ্ৰহণৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও তিনিদিনীয়া কাৰ্যসূচী লৈ মুম্বাই ভ্ৰমণ কৰি কেইবাগৰাকী আগশাৰী উদ্যোদপতিক সাক্ষাৎ কৰি ‘এডভাণ্টেজ আছাম ২.০’ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে । একে সময়তে যোৱা কালি মুম্বাইত এক ৰোড শ্ব’ তো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে,’এডভাণ্টেজ আছাম ২.০’ত এইবাৰ কেইবাটাও বিশেষ খণ্ডক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । বিশেষকৈ হাইড্ৰ’কাৰ্বন, পৰ্যটনভিত্তিক উদ্যোগৰ সমান্তৰালভাৱে ছেমিকণ্ডাক্টৰ, প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ আৰু মেৰামতি উদ্যোগৰ বাবে দেশৰ আগশাৰী বিনিয়োগকাৰীক আকৰ্ষণ কৰিবৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । সোমবাৰে মুম্বাইত ৰোড শ্ব’আয়োজন কৰাৰ পাছতে এক সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্টভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ।

‘এডভাণ্টেজ আছাম ২.০’ৰ আভাস দিবলৈ আয়োজন কৰা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই কেইবাগৰাকী আগশাৰী উদ্যোগপতিৰ সৈতে মনবিনিময় কৰিছিল । অহা ২৫ আৰু ২৬ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই ‘এডভাণ্টেজ আছাম ২.০’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব ।

অসমত বিনিয়োগৰ সম্ভাৱনীয়তাৰ কথা আলোকপাত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, হাইড্ৰ’কাৰ্বন আৰু পৰ্যটনভিত্তিক উদ্যোগৰ ক্ষেত্ৰত উত্তৰ-পূবৰ এই ৰাজ্যখন আগৰ পৰাই সাৰুৱা ক্ষেত্ৰ । ইয়াৰ সমান্তৰালভাৱে এই ৰাজ্যখনত ছেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি অন্যান্য উদ্যোগ স্থাপনলৈকে এক নতুন সম্ভাৱনীয়তা দেখা গৈছে ।

একেদৰে অসমত ৫০০০ হাজাৰ মেগাৱট সৌৰশক্তি উৎপাদনৰ চলি থকাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ লগতে চাহ বাগিচাৰ মুকলি ভূমিত সৌৰশক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘অসমলৈ আহক, আমি মাটি দিম । সৌৰশক্তি উদ্যোগ স্থাপন কৰক ।’

Latest News