শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Advantage Assam 2.O: কোন কোম্পানীয়ে কিমান বিনিয়োগ কৰিব অসমত ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি, এডভান্টেজ অসম ২.০ ৰ প্ৰথম দিনাই ১৬৪ খন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । বৰ্তমানলৈকে কি কি খণ্ডত আৰু কোন কোন উদ্যোগৰ পৰা বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে অসম চৰকাৰে ? কোন কোন কোম্পানীৰ সৈতে সম্পন্ন হৈছে বুজাবুজি চুক্তি ? সবিশেষ চাওক-

Advantage Assam 2.O: কোন কোম্পানীয়ে কিমান বিনিয়োগ কৰিব অসমত ?
এডভান্টেজ অসম ২.০ ৰ ছবিImage Credit source: Facebook page Himanta Biswa Sarma
raj-saikia
Raj Saikia | Published: 26 Feb 2025 14:40 PM

এডভান্টেজ অসম ২.০, বিনিয়োগ তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে অনুষ্ঠিত কৰিছে বিশাল বিনিয়োগ সন্মিলন । বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, দেশী-বিদেশী প্ৰতিনিধি, বিশিষ্ট উদ্যোগপতিয়ে ভিৰ কৰিছেহি অসমত । ২৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই সন্মিলনৰ প্ৰথম দিনাই আশানুৰূপ সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি, এডভান্টেজ অসম ২.০ ৰ প্ৰথম দিনাই ১৬৪ খন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।

সামাজিক মাধ্যম X ত এক পোষ্টযোগে মুখ্যমন্ত্ৰীয়ে কয়, “AdvantageAssam2 ৰ প্ৰথম দিনটোত আমি ১৫টা খণ্ডৰ কোম্পানীৰ সৈতে ঐতিহাসিক ১৬৪ টা বিনিয়োগ প্ৰস্তাৱৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিলোঁ আৰু আন জিলাৰ পৰাও কেইবাটাও বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিলোঁ, যাতে বিকশিত অসমৰ প্ৰতি আমাৰ দৃষ্টিভংগীক আগুৱাই নিব পাৰো । অসম বিকাশৰ কাহিনীৰ প্ৰতি তেওঁলোকৰ অবিৰত আস্থা আৰু সঁহাৰিৰ বাবে সকলো উদ্যোগৰ মুৰব্বীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।”

বৰ্তমানলৈকে কি কি খণ্ডত আৰু কোন কোন উদ্যোগৰ পৰা বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে অসম চৰকাৰে ? কোন কোন কোম্পানীৰ সৈতে সম্পন্ন হৈছে বুজাবুজি চুক্তি ? সবিশেষ চাওঁ আহক-

আদানি গ্ৰুপ: উদ্যোগপতি তথা আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানীয়ে এডভান্টেজ অসম ২.০ ত অংশ গ্ৰহণ কৰি অসমত অংশগ্ৰহণ কৰি ৰাজ্যখনত ৫০,০০০ টকা বিনিয়োগৰ ঘোষণা কৰে । তাৰে প্ৰথম পদক্ষেপ হিচাপে চিটি গেছ প্ৰকল্পৰ বাবে আদানি টোটেল গেছ লিমিটেড আৰু অসম চৰকাৰৰ মাজত ৫০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় ।

ৰিলায়েন্স গ্ৰুপ: ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়ে এডভান্টেজ অসম সন্মিলনত অংশ গ্ৰহণ কৰি অসমত ৫০,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে । ৰিলায়েন্সে অসমত ২টা বায়’ গেছ ইউনিট, কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ মেগা ফুড পাৰ্ক, ৭ ষ্টাৰ ওবেৰয় হোটেল স্থাপন কৰিব । অৱশ্যে ৰিলায়েন্সৰ সৈতে এতিয়াও চুক্তি স্বাক্ষৰ হোৱা নাই ।

বেদান্তা গ্ৰুপ: বেদান্তা গ্ৰুপেও অসমত বিনিয়োগ কৰিব ৫০,০০০ কোটি টকা । অসম চৰকাৰৰ সৈতে বেদান্তা গ্ৰুপ (CAIRN) ৰ ৫০,০০০ কোটি টকাৰ চুক্তি ইতিমধ্যে স্বাক্ষৰিত হৈছে । তেল আৰু গেছ খণ্ডত বিনিয়োগ কৰিব বেদান্তা গ্ৰুপে ।

টাটা গ্ৰুপ: টাটা গ্ৰুপে ইতিমধ্যেই অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰিছে । পুনৰ এডভান্টেজ অসমৰ জৰিয়তে কোম্পানীটোৱে ৩০,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে । কালি মেছাৰ্ছ টাটা পাৱাৰ কোম্পানী লিমিটেড আৰু অসম চৰকাৰৰ মাজত ৫৮৫০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ হয় । ৫০০০ মেগাৱাট পুনঃনৱীকৰণযোগ্য আৰু ক্লীন এনাৰ্জী শক্তি প্ৰকল্পত(সৌৰ/বায়ু/হাইড্ৰ’ শক্তি ভাণ্ডাৰ) এই বিনিয়োগ কৰিব টাটা পাৱাৰ কোম্পানী লিমিটেডে ।

জেএছডব্লিউ গ্ৰুপ: জেএছডব্লিউ গ্ৰুপৰ সৈতে ৭০০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে অসম চৰকাৰে । পুনঃনৱীকৰণযোগ্য আৰু ক্লীন এনাৰ্জী খণ্ডত বিনিয়োগ কৰিব জেএছডব্লিউ এনাৰ্জীয়ে ।

এছাৰ গ্ৰুপ (ESSAR Group): ২১০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে এছাৰ গ্ৰুপ আৰু অসম চৰকাৰে । পুনঃনৱীকৰণযোগ্য শক্তি আৰু ইলেক্ট্ৰনিক বাহনৰ বেটাৰী নিৰ্মাণ প্ৰকল্পত বিনিয়োগ কৰিব এছাৰ গ্ৰুপে ।

মেছাৰ্ছ গ্ৰীণকো এনাৰ্জীছ প্ৰাইভেট লিমিটেড: পাম্প ষ্টৰেজ প্ৰজেক্ট (PSP) প্ৰকল্পৰ বাবে অসম চৰকাৰৰ সৈতে ৮০০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে মেছাৰ্ছ গ্ৰীণকো এনাৰ্জীছ প্ৰাঃ লিঃ-এ ।

প্ৰতীক্ষা এডুকেশ্যনেল ট্ৰাষ্ট: অসমত এখন বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে প্ৰতীক্ষা এডুকেশ্যনেল ট্ৰাষ্টে অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰে । মহাবীৰ লাচিত বৰফুকনৰ নামেৰে নামকৰণ হ’বলগীয়া “বীৰ লাচিত বৰফুকন বিশ্ববিদ্যালয়”ৰ বাবে ৮০০০ কোটি টকা বিনিয়োগ কৰিব ন্যাসটোৱে ।

ষ্টাৰ চিমেন্ট লিমিটেড: ষ্টাৰ চিমেন্ট নৰ্থ ইষ্ট লিমিটেডৰ দ্বাৰা অসমত চিমেন্ট ক্লিংকাৰ আৰু গ্ৰাইণ্ডিং প্ৰকল্প স্থাপনৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে কোম্পানীটোৱে । ৩২০০ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত লৈছে কোম্পানীটোৱে ।

মাথেছন হাইড্ৰ’জেন প্ৰাইভেট লিমিটেড: অসমত 95 KTPA হাইড্ৰ’জেন আৰু ষ্টীম প্ৰস্তুত প্ৰকল্পৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে কোম্পানীটোৱে । ১৫০০ কোটি টকা বিনিয়োগ কৰিব মাথেছন গ্ৰুপে ।

গ্ল’বেল হেল্থ লিমিটেড (মেডান্তা): মাল্টি স্পেচিয়েলিটি হাস্পতাল স্থাপনৰ বাবে কোম্পানীটোৱে অসম চৰকাৰৰ সৈতে ৫০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ।

বিৰিঞ্চি লিমিটেড: অসমত ২০০ মেগাৱাটৰ ডাটা চেন্টাৰ স্থাপনৰ বাবে (প্ৰাৰম্ভিক পৰ্যায়ত ১০০ মেগাৱাটা আৰু ২০০ মেগাৱাটলৈ বৃদ্ধিৰ সম্ভাৱনা) বিৰিঞ্চি লিমিটেডে অসম চৰকাৰৰ সৈতে ৩০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে ।

ইয়াৰ বাহিৰেও আন বহুকেইটা কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে অসম চৰকাৰে । এই বিনিয়োগে অসমৰ আমুল পৰিৱৰ্তন সাধন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । লগতে ইয়াৰ ফলত অসমত নিয়োগৰ পথো মুকলি হ’ব ।