Advantage Assam 2.O: কোন কোন অতিথি আহিব এডভান্টেজ অসমৰ সন্মিলনলৈ? ঝুমুৰ চাবলৈ লাগিব প্ৰৱেশ পত্ৰ

এডভান্টেজ অসম ২.০ সন্দৰ্ভত সংবাদমেল সম্বোধন মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । কোন কোন অতিথি আহিব এই অনুষ্ঠানলৈ, ক'ত পাব ঝুমুৰ অনুষ্ঠান উপভোগৰ বাবে প্ৰৱেশ পত্ৰ, সকলো জনালে মুখ্যমন্ত্ৰীয়ে ।

Advantage Assam 2.O: কোন কোন অতিথি আহিব এডভান্টেজ অসমৰ সন্মিলনলৈ? ঝুমুৰ চাবলৈ লাগিব প্ৰৱেশ পত্ৰ

ADRE ৰ ফলাফল সন্দৰ্ভত ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰেই ঘোষণা কৰা হ'ব ADRE পৰীক্ষাৰ ফলাফল। ফ্ৰেব্ৰুৱাৰী শেষত বা মাৰ্চত প্ৰথমতে ঘোষণা হ’ব ফলাফল। গতিকে শীঘ্ৰেই ৩হাজাৰাৰো অধিক যুৱক-যুৱতীয়ে লাভ কৰিব চাকৰি।

Updated On: 

20 Feb 2025 18:27 PM

অসমত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ অসম ২.০ সন্দৰ্ভত বৃহস্পতিবাৰে লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মেগা ঝুমুৰ অনুষ্ঠানৰ সন্দৰ্ভতো মন্তব্য কৰে । তেওঁ কয় যে, শুকুৰবাৰৰ পৰা গুৱাহাটীত ঝুমুৰৰ অনুশীলন হ’ব । ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমুখত প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ নৃত্য । বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে অনুষ্ঠিত হ’ব এই ঝুমুৰ অনুষ্ঠান ।

দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও এই অনুষ্ঠান উপভোগ কৰিব । সকলো বিভাগৰ মুৰব্বী উপস্থিত থাকিব উক্ত অনুষ্ঠানত । ২৩ ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব সকলো । তেওঁলোকে ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ অসম ২.০ ৰ অনুষ্ঠানত অংশ ল’ব । ২৫ ফেব্ৰুৱাৰীত সন্মিলনৰ পাছত সকলো উভতি যাব । এই ভ্ৰমণৰ সকলো খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে । প্ৰধানমন্ত্ৰী মোদীয়ে ঝুমুৰ নৃত্য উপভোগ কৰাৰ পাচতে প্ৰদৰ্শনীও চাব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ উদ্যোগপতি অভিজিৎ বৰুৱাই এডভান্টেজ অসম ২.০ ত প্ৰথমটো ভাষণ আগবঢ়াব । এছ আৰ ডি গ্ৰুপৰ অনুপম ডেকাও এই অনুষ্ঠানত উপস্থিত থাকিব । ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, টাটা গ্ৰুপৰ এন চন্দ্ৰশেখৰণ, সজ্জন জিন্দালৰ দৰে ব্যৱসায়ীয়ে এই অনুষ্ঠানত ভাষণ দিব বুলি মুখ্যমন্ত্ৰীয়ে জনায় । তেওঁ লগতে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, পীযুষ গোৱেল, অশ্বিনী বৈষ্ণৱ আদিয়েও এডভান্টেজ অসম অনুষ্ঠানত ভাষণ প্ৰদান কৰিব । Act East, Act Fast ত ৫০ জন এম্বেছাদৰ উপস্থিত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

তেওঁ কয় যে ছেমিকণ্ডাক্টৰ, নুমলীগড় বাঁহ উদ্যোগক লৈও আলোচনা কৰা হ’ব সন্মিলনত । তাৰোপৰি অসমৰ চাহক লৈ আলোচনা কৰাৰ উপৰিও ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগক কেনেকৈ আগুৱাই নিব পাৰি সেই সন্দৰ্ভতো আলোচনা কৰা হ’ব বুলি সংবাদমেলত জনায় মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।

তেওঁ কয় যে বৰ্তমানলৈকে এডভান্টেজ অসম ২.০ ৰ বাবে ১৮,৫৭৫ জনে আবেদন কৰিছে । ইয়াৰে ১৫০০০ আবেদনত অনুমোদন জনোৱা হৈছে । বৰ্তমানলৈকে ১৫১২ খন MoU লাভ কৰা হৈছে । অসমৰ ক্ষুদ্ৰ উদ্যোগীৰ পৰা ১২,০০০ কোটি টকাৰ MoU আবেদন চৰকাৰে লাভ কৰিছে । লগতে ১,৫১৭ খন আবেদন আহিছে ৰাজ্যৰ বাহিৰৰ পৰা ।

মুখ্যমন্ত্ৰীয়ে কয় যে, ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত এই MoU সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব । ২৭, ২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত সাধাৰণ ৰাইজে প্ৰদৰ্শনী উপভোগ কৰিব পাৰিব । ইফালে ঝুমুৰ অনুষ্ঠানৰ সন্দৰ্ভত তেওঁ কয় যে এই অনুষ্ঠান উপভোগ কৰিবলৈ দৰ্শকে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব লাগিব । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু সৰুসজাইৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰৱেশ পত্ৰসমূহ । লগতে সাংস্কৃতিক সঞ্চালকালয়তো উপলব্ধ হ’ব প্ৰৱেশ পত্ৰ । ২৩ ফেব্ৰুৱাৰীত ঝুমুৰ অনুষ্ঠানৰ অন্তিম অনুশীলন কাৰ্যসূচী উপভোগ কৰিব পাৰিব ইচ্ছুক দৰ্শকে ।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?