এডভান্টেজ অসমঃ ডুবাইত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ ৰোড শ্ব’

Advantage assam: অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ। এই দ্বিতীয় সংস্কৰণৰ নাম দিয়া হৈছে এডভান্টেজ অসম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ (Advantage Assam 2.0)।

এডভান্টেজ অসমঃ ডুবাইত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ ৰোড শ্ব

এডভান্টেজ অসম

Published: 

16 Jan 2025 10:56 AM

অহা ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ অসম ২.০ ক সফল কৰি তোলাৰ উদ্দ্যেশ্যে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইৰ হিলটন হোটেলত ১৫ জানুৱাৰীত আয়োজিত এক ৰোড শ্ব’ ত অংশ গ্ৰহণ কৰে ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বৰাই। এই ৰোড শ্বোত ডুবাইৰ বিনিয়োগকাৰীৰ সৈতে হোৱা বৈঠকত মুখ্য অতিথি ৰূপে উপস্থিত থাকে উদ্যোগ মন্ত্ৰী গৰাকীয়ে।  বৰাই অসমৰ সমৃদ্ধিশালী খণ্ডসমূহত বিনিয়োগ, সহযোগিতা আৰু বিকাশৰ অপৰিসীম সুযোগসমূহৰ দিশত গুৰুত্ব প্ৰদান কৰি সমূহ বিনিয়োগকাৰীৰে তথা প্ৰতিনিধিবৃন্দক এডভান্টেজ আছাম ২.০ৰ অংশ হ’বলৈ অসমলৈ আমন্ত্ৰণ জনায়।

ইয়াৰ পাছতে মন্ত্ৰী বড়াই সংবাদ মাধ্যমৰ লোক সকলৰ সৈতেও মত বিনিময় কৰে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সাংবাদিক সকলৰ আগত ব্যক্ত কৰি অসমক সৰ্বাধিক সম্ভাৱনাপূৰ্ণ বিনিয়োগৰ গন্তব্যস্থান হিচাপে বড়াই প্ৰকাশ কৰে। লগতে দক্ষিণ-পূৱ এছিয়ান বজাৰৰ সৈতে ভৌগলিক নিকটতা আৰু অসমৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ বিষয়েও মন্ত্ৰী বড়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

উল্লেখ্য যে, উল্লেখ্য যে, অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ। এই দ্বিতীয় সংস্কৰণৰ নাম দিয়া হৈছে এডভান্টেজ অসম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ (Advantage Assam 2.0)। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰোপৰি কেন্দ্ৰ চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, দেশৰ বিশিষ্ট উদ্যোগপতিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

এই সন্মিলনতে অসমৰ চাহ বাগিচাৰ বহু যুৱক-যুৱতীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। ৮০০ খন চাহ বাগিচাৰ মুঠ ৭৫০০ নাচনী, কলা-কুশলীয়ে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব য’ত দেশ বিদেশৰ বহু বিনিয়োগকাৰী উপস্থিত থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ কেইবাগৰাকী নেতাই অতিথিসকলক আমন্ত্ৰণ জনাইছে। এই সন্মিলন সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে, দেশ বিদেশৰ বহু বিনিয়োগকাৰীৰ আগমন ঘটিব। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বিশিষ্ট উদ্যোগপতি নোৱেল টাটা, মহেন্দ্ৰ গ্ৰুপৰ শ্বেয়াৰমেন আদিৰ লগতে বিভিন্নজনক সাক্ষাৎ কৰি এই সন্মিলনলৈ আমন্ত্ৰণ জনাইছিল।

 

 

 

অন্য খবৰ পঢ়কঃ অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০, উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?
সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...