শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৰ্তমান অসমৰ অৰ্থনীতি ৬ লাখ কোটি, বিজেপিৰ দিনত বৃদ্ধি পাইছে ৩ লাখ কোটিঃ মোদী

Advantage assam Modi speech: ৰে'ল বাজেটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ ৰে’ল বাজেট ৪ গুণ বৃদ্ধি কৰা হৈছে। ইমানেই নহয় অসমৰ বিমান পথৰো অগ্ৰগতি হৈছে।

বৰ্তমান অসমৰ অৰ্থনীতি ৬ লাখ কোটি, বিজেপিৰ দিনত বৃদ্ধি পাইছে ৩ লাখ কোটিঃ মোদী
প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 25 Feb 2025 14:18 PM

আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এডভান্টেজ আছাম ২.০ (Advantage assam 2.0)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিনিয়োগ সন্মিলনৰ শুভ উদ্বোধন কৰাৰ পাছতে বহু কেইজন উদ্যোগপতিয়ে ডাঙৰ ঘোষণা কৰে। আজিৰ এই সন্মিলনত বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানীয়ে  অসমত ৫০,০০ কোটি টকাকৈ বিনিয়োগ কৰাৰ ঘোষণা কৰে।  এই সভাত প্ৰধানমন্ত্ৰীৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশ বিদেশৰ বহু বিনিয়োগকাৰী উপস্থিত থাকে।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মোদীয়ে কয় যে, উত্তৰ পূৱ ভাৰতৰ ভূমি নতুন ভৱিষ্যতৰ আৰম্ভণি কৰিব গৈ আছে। এডভান্টেজ আছাম সমগ্ৰ ভাৰতৰ  বিকাশত অসমৰ উন্নতি-বিকাশ যোগ কৰাৰ এক ডাঙৰ অভিযান। ইতিহাস সাক্ষী আছে যে আগতেও ভাৰতৰ সম্ভাৱনাত উত্তৰ-পূৱৰ ভূমিকা আছিল। আজি যেতিয়া ভাৰত বিকশিত হোৱাৰ পিনে আগবাঢ়িছে আকৌ এবাৰ উত্তৰ পূৱে নিজৰ সামৰ্থ দেখুৱাবলৈ গৈ আছে। এডভান্টেজ আছামক মই সেই দৃষ্টিতে দেখো। তাৰ বাবে অসম চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভকামনা।

মোদীয়ে কয়, মই ২০১৩ চনত নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিছিলো। তেতিয়া এখন সভাত কৈছিলো যে এনে এটা দিন আহিব যেতিয়া মানুুহে বৰ্ণমালা পঢ়িলে এ ফৰ অসম (A for assam)  বুলি ক’ব।  আজিৰ সময়ত ভাৰত ২৫ বছৰৰ ভিজন লৈ আগবাঢ়ি আছে। দেশৰ যুৱ প্ৰজন্ম দ্ৰুতগতিত আগবাঢ়ি আছে। সমগ্ৰ বিশ্বৰ ভাৰতৰ ১৪০ কোটি জনতাৰ ওপৰত বিশ্বাস আছে বুলি কয় মোদীয়ে।

মোদী লগতে কয় যে, আজিৰ দেশে স্থানীয় যোগাযোগ ব্যৱস্থা মজবুত কৰিছে। বৰ্তমান সময়ত অসম ৬ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হৈছে। বিজেপিৰ শাসনকালত অসমত ৬ বছৰত ৩ লাখ কোটিৰ অৰ্থনীতি বৃদ্ধি পাইছে। ভাৰতৰ বিকাশত অসমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অসম চৰকাৰে এতিয়া প্ৰকৃত অৰ্থত বিনিয়োগৰ সৃষ্টিত গুৰুত্ব দিছে। সংযোগৰ ক্ষেত্ৰখনতো বিজেপিয়ে কাম কৰি আছে। ৭০বছৰত কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত ৩ খন দলং বনাইছিল কিন্তু বিজেপিৰ কাৰ্যকালত নতুনকৈ ৪ খন দলং নিৰ্মাণ নিৰ্মাণ হৈছে ব্ৰহ্মপুত্ৰত।

ৰে’ল বাজেটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ ৰে’ল বাজেট ৪ গুণ বৃদ্ধি কৰা হৈছে। ইমানেই নহয় অসমৰ বিমান পথৰো অগ্ৰগতি হৈছে। অসমত ৩০ টা বিমানপথ আছে। বিজেপি চৰকাৰে নীতিৰে আগবাঢ়ি আছে। নিৰ্মাণ খণ্ডক নেতত্ব দিয়াত পদক্ষেপ গ্ৰহণ কৰিছে। ইলেকট্ৰনিক, ছেমিকণ্ডাক্টৰ, গ্ৰীণ এনাৰ্জী খণ্ডত অসম দ্ৰুতগতিত আগবাঢ়িছে। কেন্দ্ৰই এইবাৰ নামৰূপ কাৰখানাৰ চতুৰ্থ ইউনিট নিৰ্মাণত অনুমোদন দিছে। অনাগত দিনত এই প্ৰকল্পই সমগ্ৰ দেশৰ ইউৰিয়াৰ চাহিদা পূৰণ কৰিব।

আইন শৃংখলা পৰিস্থিতিৰ উন্নতি হোৱাৰ কথাও উল্লেখ কৰে মোদীয়ে। তেওঁ কয় যে, বিগত দশকত ২০ খন শান্তি চুক্তি কৰা হৈছে। যাৰ ফলত দশক দশক ধৰি চলি অহা সমস্যাৰ অৱসান হৈছে। এতিয়া অসমৰ প্ৰতিগৰাকী নাগৰিকে দিনে নিশাই বিকাশৰ বাবে কাম কৰিছে। অসমৰ অৰ্থনীতি ২০৩০ চনৰ ভিতৰত ১৫০ বিলিয়নলৈ আগবঢ়াবলৈ চেষ্টা কৰি আছে। মোৰ বিশ্বাস আছে যে এই লক্ষ্যত অসম উপনীত হ’ব।

 

অন্য খবৰ পঢ়়কঃ এডভান্টেজ আছাম ২.০ঃ আম্বানী আৰু আদানীয়ে ৫০,০০০ কোটিকৈ বিনিয়োগ কৰিব অসমত…