Advantage Assam 2.0: আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ‘এডভান্টেজ আছাম ২.০’, সন্মিলনৰ শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে
Advantage Assam 2.0: আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব এডভান্টেজ আছাম ২.০ ৰ কাৰ্যসূচী। এই বিনিয়োগ সন্মিলনৰ শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হ’ব এডভান্টেজ আছাম ২.০ । এই দ্বিতীয় সংস্কৰণৰ নাম দিয়া হৈছে এডভান্টেজ আছাম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ (Advantage Assam 2.0)। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম ২.০ উদ্বোধন কৰি আৰু তাৰ পাছতেই ক্ৰম অনুসৰি আৰম্ভ হ’ব ইয়াৰ কাৰ্যসূচীসমূহ। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশ ল’বলৈ দেশ-বিদেশৰ বহু বিনিয়োগকাৰী ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা কেইটামান দিন ধৰি অসমৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী নেতাই এডভান্টেজ আছাম ২.০ সফল কৰি তুলিবলৈ দেশ বিদেশৰ বহু বিনিয়োগকাৰীক আমন্ত্ৰণ জনাই আহিছে। সেই আমন্ত্ৰণ ৰক্ষা কৰি কেবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, উদ্যোগপতি, অভিযানৰ মুৰব্বী, বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে এই বিশাল বিনিয়োগ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
এডভান্টেজ আছাম সফল হৈ উঠাৰ পাছতেই দ্বিতীয় সংস্কৰণৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। এইবাৰ এই সন্মিলনত বিনিয়োগৰ লগতে আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যাৰ বাবে আন্তঃগাঁথনিৰ লগত জড়িত কেইবাটাও সত্ৰ পৃথককৈ অনুষ্ঠিত হ’ব। ইয়াৰ লগতে হাইড্ৰ কাৰ্বন, এগ্ৰিকালছাৰ, চিভিলে ইভিয়েশ্যন, উদ্যোগিক ক্ষেত্ৰ আদি সত্ৰও অনুষ্ঠিত হ’ব।
কিছুদিন পূৰ্বে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমত চেমিকণ্ডাক্টৰ প্ৰকল্পৰ শুভাৰম্ভ হোৱাৰ পাছৰে পৰা দেশ- বিদেশৰ বহু উদ্যোগ প্ৰতিষ্ঠানে ৰাজ্যত বিনিয়োগ কৰাৰ অনুসন্ধান কৰি আছে। ইয়াৰোপৰি আগন্তুক সময়ত ভাৰত চৰকাৰৰ দ্বাৰা কেনেকৈ বিনিয়োগ কৰিব পাৰি তাৰো প্ৰচেষ্ট চলোৱা হ’ব।
এই সন্মিলনত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ২,৫৯০খন সৰু চুক্তি জিলা আয়ুক্তৰ জৰিয়তে সম্পন্ন হ’ব। অতিৰিক্ত ১৫,৯১১ কোটিৰ এনেকুৱা চুক্তি এই পৰ্যন্ত নিশ্চিত হৈছে বুলি সংবাদমেলত ঘোষণা কৰিছিল শৰ্মাই। ইয়াৰোপৰি দেওবাৰৰ কেবিনেটত অসম চৰকাৰে এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত হ’ব লগা ১,২২,০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিটো অনুমোদন জনাইছিল।
এডভান্টেছ আছাম ২.০ ৰ কাৰ্যসূচীত দেশ বিদেশৰ বহু বিনিয়োগকাৰী অহাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে কালি প্ৰধানমন্ত্ৰীৰ লগতে বিশ্বৰ কেইবাখনো দেশৰ ৬০ গৰাকীতকৈ অধিক ৰাষ্ট্ৰদূতে ঝুমৰেই বিনন্দিনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই ৰাষ্ট্ৰদূতসকলৰ একাংশই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰিদৰ্শন কৰে। এই দুদিনত অসমলৈ আৰু কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, উদ্যোগপতি অহাৰ সম্ভাৱনা আছে। চৰকাৰৰ দাবী অনুসৰি এই বিনিয়োগে অসমৰ উন্নয়ন আৰু যুৱ সমাজৰ বাবে নিয়োগ সৃষ্টিত সহায় কৰিব।
অন্য খবৰ পঢ়কঃ ‘এডভান্টেজ আছাম’ৰ বাবে সাজু অসমঃ সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী