বঢ়াই দিয়া হ’ব ৰকিবুল হুছেইনৰ নিৰাপত্তা: দুর্বৃত্তৰ আক্ৰমণক লৈ ক’লে মুখ্যমন্ত্ৰীয়ে…

চামগুৰি আৰু ৰূপহীত গ'লে ৰকিবুল হুছেইনৰ নিৰাপত্তা বঢ়াই দিয়া হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁৰ নিজৰ ঠাইতে আক্ৰমণ চলোৱা হৈছে। তাত বিগত এবছৰৰ পৰা ৰকিবুল হুছেইনৰ ওপৰত এনে আক্ৰমণ কৰি অহা হৈছে। সেয়ে চামগুৰি, ৰূপহীলৈ যাওঁতে বঢ়াই দিয়া হ’ব তেওঁৰ নিৰাপত্তা।

বঢ়াই দিয়া হব ৰকিবুল হুছেইনৰ নিৰাপত্তা: দুর্বৃত্তৰ আক্ৰমণক লৈ কলে মুখ্যমন্ত্ৰীয়ে...

সাংসদ গৌৰৱ গগৈ , ৰকিবুল হুছেইন, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Updated On: 

20 Feb 2025 18:46 PM

সাংসদ ৰকিবুল হুছেইন ওপৰত প্ৰহাৰ দুর্বৃত্তৰ দলৰ। ৰূপহীহাটৰ নতুন বজাৰত ক্ৰিকেটৰ বেটেৰে প্ৰহাৰ কৰা হয় সাংসদগৰাকীক। হেলমেট পৰিধান কৰি থকাৰ বাবে কোনোমতে  ৰক্ষা পৰে সাংসদগৰাকীৰ প্ৰাণ।  এখন স্কুটীৰে ঘটনাস্থলীৰ পৰা কোনোমতে প্রাণ লৈ পলায়ন কৰে হুছেইনে। সাংসদগৰাকীৰ লগতে দেহৰক্ষী আৰু পুত্ৰকো গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে দুর্বৃত্তৰ দলে।

ইয়াৰ পাছতে ঘটনাক লৈ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চামগুৰি আৰু ৰূপহীত গ’লে ৰকিবুল হুছেইনৰ নিৰাপত্তা বঢ়াই দিয়া হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁৰ নিজৰ ঠাইতে আক্ৰমণ চলোৱা হৈছে। তাত বিগত এবছৰৰ পৰা ৰকিবুল হুছেইনৰ ওপৰত এনে আক্ৰমণ কৰি অহা হৈছে। সেয়ে চামগুৰি, ৰূপহীলৈ যাওঁতে বঢ়াই দিয়া হ’ব তেওঁৰ নিৰাপত্তা। সাংসদগৰাকীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে সাংসদগৰাকীৰ ওপৰত আক্ৰমণৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিজিপি হৰমিত সিঙে। জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনাৰ তদন্ত কৰি আছে বুলি জনাই ডিজিপিয়ে। ঘটনাত দুজন PSO কিছু আঘাতপ্ৰাপ্ত হোৱা তথ্য প্ৰকাশ কৰে। ডিজিপিয়ে কয় যে, কনভয়ৰ পৰা নামি  স্কুটীৰে গৈ থাকোতেই ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ সংঘটিত হয়। বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি আছে ৰকিবুল হুছেইনে। পৰৱৰ্তী সময়ত দোষীক চিনাক্ত কৰা হ’ব বুলিও সদৰী কৰে ডিজিপি সিঙে৷

ঘটনা লৈ সাংসদ গৌৰৱ গগৈৰ মন্তব্য, “ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ কংগ্ৰেছ দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ পুত্ৰৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এগৰাকী জনপ্ৰতিনিধিক সুৰক্ষা দিয়াত বিফল এইখন চৰকাৰ।”

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়,  “আমাৰ দলৰ জ্যেষ্ঠ নেতা তথা ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত যি আক্ৰমণ সংঘটিত হৈছে তাৰ আমি নিন্দা প্ৰকাশ কৰিছোঁ। দেশত সন্মানীয় সাংসদ এগৰাকী নিৰাপত্তাহীনতাই দেশৰ নিৰাপত্তা ব্যৱস্থা কেনেকুৱা পৰ্যায়ত আছে সেয়া প্ৰমাণিত হৈছে। এই আক্ৰমণৰ লগত জড়িত সকলৰ কঠোৰ পৰা কঠোৰতম শাস্তিৰ কামনা কৰিছোঁ। চৰকাৰ ওচৰত দাবী জনাইছো অতি শীঘ্ৰে এই কাণ্ডত জড়িত সকলোৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰক।”

প্ৰাক্তন সাংসদ আব্দুল খালেকে সামাজিক মাধ্যমত লিখিছে, “নগাঁও জিলাত সাংসদ ৰকিবুল হুছেইন চাহেবৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ । আক্ৰমণকাৰী দুৰ্বৃত্তকেইটাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাটোৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰিলো ।”

আক্ৰমণৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি লুৰিণজ্যোতি গগৈয়ে কয়,  “সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক কৰা আক্ৰমণক গৰিহণা দিছোঁ। অসমৰ ৰাজনীতিত বিজেপি চৰকাৰৰ দিনত এই অসুস্থ সংস্কৃতিৰ আৰম্ভণি হৈছে। ইয়াৰ পূৰ্বে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনতো আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। আজি দিনৰ পোহৰতে এগৰাকী সাংসদক আক্ৰমণ কৰা হ’ল। এগৰাকী সাংসদেই যদি নিৰাপদ নহয়, তেন্তে অসমৰ সাধাৰণ নাগৰিকৰ নিৰাপত্তা ক’ত? আমি দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছোঁ। এই ঘটনাৰ নৈতিক দায়িত্ব গ্ৰহণ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে উন্মত্ত ৰাজনৈতিক সংস্কৃতিক অসমলৈ আমদানি কৰিবলৈ বিচৰা হৈছে। এয়া হ’বলৈ দিয়া নহ’ব। ২০২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে। তাৰ পূৰ্বে এনেধৰণৰ ঘটনাবোৰেৰে বিভিন্ন এজেণ্টে আহিবলগীয়া নিৰ্বাচনতো ৰক্তাক্ষয়ী সংঘাত সৃষ্টি কৰিব পাৰে। এই দিশটোৰ প্ৰতি নজৰ ৰাখি সুস্থ গণতন্ত্ৰ অটুত ৰখাৰ স্বাৰ্থত জনসাধাৰণক সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনাইছোঁ।”

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত