গো-মাংসৰ পাছত এইবাৰ গাহৰি মাংস! মুছলমান বসতিপ্ৰধান অঞ্চলত গাহৰি মাংস নিষিদ্ধ কৰাৰ দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ

গো-মাংসৰ নিষিদ্ধ কৰা পাছতে মছজিদ থকা এলেকাত গাহৰি মাংস নিষিদ্ধ কৰাৰ দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ। "মুছলমান বসতিপ্ৰধান অঞ্চলত জনজাতীয় লোকসকলে মুক্তভাৱে গাহৰি মাংস কাটে। গাহৰি মাংস ইছলাম ধৰ্মৰ লোকসকলৰ বাবে নিষিদ্ধ আৰু হাৰাম। মুছলমান লোক বাস কৰা অঞ্চলত গাহৰি মাংস কাটিলে মুছলমান ধৰ্মীয় আৱেগ-অনুভূতিত আঘাত হানে।'

গো-মাংসৰ পাছত এইবাৰ গাহৰি মাংস! মুছলমান বসতিপ্ৰধান অঞ্চলত গাহৰি মাংস নিষিদ্ধ কৰাৰ দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ

গো-মাংসৰ পাছত এইবাৰ নিষিদ্ধ হ'ব নেকি গাহৰি মাংস?

Updated On: 

05 Dec 2024 13:36 PM

গো-মাংসৰ পাছত এইবাৰ নিষিদ্ধ হ’ব নেকি গাহৰি মাংস? অসমত গো-মাংস নিষিদ্ধ হোৱাৰ পাছতেই প্ৰতিক্ৰিয়া উজনি অসম মুছলিম কল্যাণ পৰিষদৰ। মছজিদ থকা এলেকাত গাহৰি মাংস নিষিদ্ধ কৰাৰ দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ।

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ মন্তব্য-  “মুছলমান বসতিপ্ৰধান অঞ্চলত জনজাতীয় লোকসকলে মুক্তভাৱে গাহৰি মাংস কাটে। গাহৰি মাংস ইছলাম ধৰ্মৰ লোকসকলৰ বাবে নিষিদ্ধ আৰু হাৰাম। মুছলমান লোক বাস কৰা অঞ্চলত গাহৰি মাংস কাটিলে মুছলমান ধৰ্মীয় আৱেগ-অনুভূতিত আঘাত হানে। গাহৰি মাংস কটা কাম বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অনুৰোধ জনাইছোঁ।”

নেতাগৰাকীয়ে আকৌ কয়- “মুছলমান লোক বাস কৰা পাঁচ কিলোমিটাৰ নিলগলৈকে গাহৰি হত্যা আৰু মাংস বিক্ৰী আৰু নিষিদ্ধ কৰক। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰিছে। মুখ্যমন্ত্ৰীক ক’ব বিচাৰিছো আজো ককা দিনৰ পৰাই গো-মাংস ভক্ষন কৰি আছোঁ। গৰু কোৰবানী দিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে দুমাহৰ আগত কৈছিল। আগতে কেৱল মন্দিৰৰ ৫ কিলোমিটাৰৰ আশে- পাশে গো মাংস নিষিদ্ধ আছিল। তেনেদৰে সকলোবোৰ চলি আহিছিল। গো-মাংস অসমীয়া মুছলমানৰ খাদ্যভ্যাসত পৰিণত হৈছিল।”

তেওঁ কয় -” অসমীয়া মুছলমানৰ আৱেগ-অনুভূতিক গুৰুত্ব দিয়াৰ দৰকাৰ। কেবিনেটত গো-মাংস নিষিদ্ধ কৰা সিদ্ধান্তটো মুখ্যমন্ত্ৰীক পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী কৈছে যে ভূপেন বৰা আৰু ৰকিবুল হুছেইনে কোৱা বাবে এনে কৰিছোঁ। কিন্তু এয়া এক তুলুঙা যুক্তি।”

গো-মাংস নিষিদ্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া জনাই মৈৰাবাৰীত অসম মিঞা পৰিষদে কয়, “এয়া এক নিকৃষ্ট ৰাজনীতি। ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত যদি গো-মাংস বন্ধ হয় গাহৰি মাংসও বন্ধ হব লাগিব। এয়া হাস্যকৰ আৰু দুৰ্ভাগ্যজনক কথা।”

ইফালে  গো-মাংস  নিষিদ্ধ কৰাক লৈ সংখ্যালঘু নেতাৰ হুংকাৰ। নেতাগৰাকীয়ে কয়, ‘আমি গো-মাংস খামেই, কোনেও মুছলমান সমাজক এই মাংস খোৱাত বাধা দিব নোৱাৰে। এই বিশেষ মাংসক লৈ ৰাজনীতি কৰিব নালাগে। কোনোবাই গাহৰি খালে আমাৰ আপত্তি নাই, আমি আমাৰ খাদ্য খালে কিহৰ আপত্তি।’ তেওঁ লগতে কয়, মুছলমান সমাজক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি এটা সমষ্টি দিছোঁ, পৰৱৰ্তী সময়ত আটাইকেইটা সমষ্টি কাঢ়ি লৈ যাম। গো-মাংস খাই আছিলোঁ। আগন্তুক দিনটো খাই থাকিম।”

উল্লেখ্য যে ৰাজ্যত ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গো-মাংস। অসমৰ হোটেল, ৰেষ্টুৰেণ্টত নিষিদ্ধ গো-মাংসৰ বিক্ৰী।  বুধবাৰে  সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰে। নতুন দিল্লীত এক  সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসমৰ হোটেল, ৰেষ্টুৰেন্টত আজিৰ পৰা নচলিব গো মাংস। ৰাজহুৱা স্থানতো নিষিদ্ধ গো মাংস।

চামগুৰিৰ বিজেপিৰ জয়ৰ পাছৰ গো মাংস বিতৰ্কই উত্তপ্ত কৰি তুলিছিল অসমৰ ৰাজনীতি । কংগ্ৰেছ সাংসদ ৰকিবুল হুচেইনে অভিযোগ উত্থাপন কৰি কৈছিল যে গো হত্যা কৰি চামগুৰি নিৰ্বাচনত জয়লাভ কৰিছে বিজেপিয়ে। আনকি নিৰ্বাচনৰ আগদিনা গৰু কাটি ভোজ দিছে বিজেপি জয়ী হৈছে। ইয়াৰ পাছতে  ৰকিবুল হুচেইন আৰু ভূপেন বৰাই সন্মতি দিয়ে ৰাজ্যত গো মাংস নিষিদ্ধ কৰিব বুলি কৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বাবে বিধানসভাত বিধেয়ক গৃহীত কৰিব বুলিও কৈছিল মুখ্যমন্ত্ৰীয়ে। এতিয়া কেবিনেটে লোৱা এই সিদ্ধান্তই জোঁকাৰণি তুলিছে সমগ্ৰ ৰাজ্যত।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে