শিক্ষাৰ্থীৰ অপৰাধমূলক কাণ্ডই বঢ়াইছে উদ্বেগঃ প্ৰশাসনে ল’লে বিশেষ ব্যৱস্থা, জাৰি কৰিলে নিৰ্দেশনা | After increasing number of crimes in schools Kamrup administration takes safety measures Assam news - Assam Tv9

শিক্ষাৰ্থীৰ অপৰাধমূলক কাণ্ডই বঢ়াইছে উদ্বেগঃ প্ৰশাসনে ল’লে বিশেষ ব্যৱস্থা, জাৰি কৰিলে নিৰ্দেশনা

ৰাজ্যৰ কেইখনমান বিদ্যালয়ত শেহতীয়াকৈ সংঘটিত হোৱা কিছুমান অপৰাধমূলক কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কামৰূপ মহানগৰ প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দিপীকা চৌধুৰীয়ে মহানগৰীৰ বিদ্যালয় প্ৰধানসকললৈ এই সন্দৰ্ভত জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা।

শিক্ষাৰ্থীৰ অপৰাধমূলক কাণ্ডই বঢ়াইছে উদ্বেগঃ প্ৰশাসনে ল’লে বিশেষ ব্যৱস্থা, জাৰি কৰিলে নিৰ্দেশনা

কামৰূপ প্ৰশাসনৰ বিশেষ ব্যৱস্থা

Published: 

26 Sep 2024 22:28 PM

ইটোৰ পিছত সিটোকৈ ৰাজ্যৰ পৃথক পৃথক স্থানৰ বিদ্যালয়ত হোৱা অপৰাধৰ ঘটনাই জোকাৰিছে ৰাজ্য। এনে অপৰাধৰ ঘটনাই ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে। বিদ্যালয়ত নিজ সন্তানৰ নিৰাপত্তাৰ বিষয়ক লৈ চিন্তাত পৰিছে অভিভাৱকসকল। চিন্তাত পৰিছে শিক্ষক-শিক্ষয়িত্ৰীসকলো। প্ৰথমে শিৱসাগৰ, তাৰ পিছত শেহতীয়াকৈ দৰং আৰু যোৰহাটত সৃষ্টি হোৱা এনে অপৰাধ কাণ্ডই প্ৰশাসনকো চিন্তাত পেলাইছে। বিদ্যালয়ত সংঘটিত এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কামৰূপ মহানগৰ প্ৰশাসনে।

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দিপীকা চৌধুৰীয়ে মহানগৰীৰ বিদ্যালয় প্ৰধানসকললৈ এই সন্দৰ্ভত জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি কোনো শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ অস্ত্ৰ, শস্ত্ৰ লগত লৈ যাব নোৱাৰিব। চৰকাৰী, বেচৰকাৰী তথা প্ৰাদেশিককৃত সকলো বিদ্যালয়ে মানি চলিব লাগিব এই নিৰ্দেশনা।

এই নিৰ্দেশনাত কোনো শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ লগত চোকা অস্ত্ৰ নিবা নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা দিয়া দিয়া হৈছে। তদুপৰি গুটখা, চিগাৰেট, চাদা, চিগাৰেট, ড্ৰাগছ আদিৰ দৰে মাদক দ্ৰব্য যাতে বিদ্যালয়লৈ নিব নোৱাৰে, তাৰ প্ৰতিও কঠোৰ দৃষ্টি ৰাখিব লাগিব বুলি নিৰ্দেশনাত কোৱা হৈছে। এই নিৰ্দেশনা অনুসৰি, পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে শিক্ষকসকলে বিদ্যালয়ত সকলো শিক্ষাৰ্থীৰ বেগ আৰু জেপ তালাচী কৰিব লাগিব।

তালাচীৰ সময়ত যদি শিক্ষাৰ্থীৰ বেগত বা জেপত কোনো চোকা অস্ত্ৰ, অখাদ্য বা মাদকদ্ৰব্য আদি উদ্ধাৰ হয় তেন্তে বিদ্যালয় কৰ্তৃপক্ষই তেনে সামগ্ৰী লগে লগে জব্দ কৰাৰ লগতে সেই শিক্ষাৰ্থীজনৰ অভিভাৱকক তৎকালীনভাৱে এই বিষয়ে অৱগত কৰিব লাগিব।  তদুপৰি এই সন্দৰ্ভত তথ্যসহ এ্ক সঠিক প্ৰতিলিপি বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ প্ৰেৰণ কৰিব লাগিব।

প্ৰতিখন বিদ্যালয়কে এনে সুৰক্ষামূলক ব্যৱস্থা গুৰুত্বসহকাৰে গ্ৰহণ কৰি প্ৰতিদিনেই কঠোৰভাৱে মানি চলিবলৈয়ো নিৰ্দেশনাত লগতে কোৱা হৈছে। কামৰূপ জিলা প্ৰশাসনৰ এনে ব্যৱস্থা গ্ৰহণৰ পিছত এতিয়া বিদ্যালয়সমূহত দেখা দিয়া এনে অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে আগন্তুক সময়ত ৰাজ্যৰ আন প্ৰান্ততো এনে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে শেহতীয়াকৈ যোৱা ২৩ ছেপ্টেম্বৰত দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। বিদ্যালয়ৰ ভিতৰতে ৪ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰৰ। এই ঘটনাৰ পাছতে সমগ্ৰ ৰাজ্যতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঘটনাৰ পিছতে স্থানীয় আৰক্ষীয়ে ছাত্ৰজনৰ হত্যাত জড়িত থকাৰ অভিযোগত এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ জনক আটক কৰিছিল।

এই ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে একাংশ সহপাঠীয়ে। এই আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰজন সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এগৰাকী ছাত্ৰক। এই দুই ঘটনাৰ পূৰ্বে শিৱসাগৰত এগৰাকী ছাত্ৰৰ দ্বাৰা শিক্ষক হত্যাৰ ঘটনায়ো ৰাজ্য জোকাৰি তুলিছিল।

ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম