৯ বছৰ পাছত জাতিংগাত বিৰল প্ৰজাতিৰ ‘টাইগাৰ বিটাৰ্ন’! মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো…

জাতিংগা নামটো শুনাৰ লগে লগে আমাৰ মনত পোন প্ৰথমতে পৰিভ্ৰমী চৰাইৰ কথা মনলৈ আহে। পৰিভ্ৰমী চৰাইৰ উপৰি কমলা-লেবুৰ বাবে আজিও বিখ্যাত জাতিংগা। প্ৰতি বছৰে জাতিংগাৰ পাহাৰ পৰিভ্ৰমী পক্ষীৰ সমাগমৰ মাজেৰে জীৱন্ত হৈ উঠে। যি দৃশ্য মানুহে আনন্দ আৰু উৎসাহেৰে উদযাপন কৰে। এই দৃশ্য চাবলৈ জাতিংগালৈ আহে দুৰ-দুৰণিৰ পৰ্যটক।

৯ বছৰ পাছত জাতিংগাত বিৰল প্ৰজাতিৰ টাইগাৰ বিটাৰ্ন! মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো...

৯ বছৰ পাছত জাতিংগাত বিৰল প্ৰজাতিৰ 'টাইগাৰ বিটাৰ্ন'!

Updated On: 

10 Nov 2024 19:12 PM

জাতিংগাত দেখিবলৈ পোৱা গৈছে বিৰল প্ৰজাতিৰ ‘টাইগাৰ বিটাৰ্ন’ ।বছৰি বহু পৰিভ্ৰমী পক্ষীৰ সমাগম ঘটা ডিমা হাচাও জিলাৰ জাতিংগা পক্ষী উদ্যানলৈ চলিত বছৰতো ভালেসংখ্যক বিৰল প্ৰজাতিৰ পক্ষীৰ আগমন ঘটিছে। পক্ষী উদ্যানখনত এইবাৰ ৯ বছৰৰ পাছত বিৰল প্ৰজাতিৰ টাইগাৰ বিটাৰ্ণ পক্ষীবিধ দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত এই ফটো শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

জাতিংগা হৈছে এটা জেমি নাগা শব্দ, যাৰ অৰ্থ হৈছে ‘বৰষুণ আৰু পানীৰ পথ’। জাতিংগা নামটো শুনাৰ লগে লগে আমাৰ মনত পোন প্ৰথমতে পৰিভ্ৰমী চৰাইৰ কথা মনলৈ আহে। পৰিভ্ৰমী চৰাইৰ উপৰি কমলা-লেবুৰ বাবে আজিও বিখ্যাত জাতিংগা। প্ৰতি বছৰে জাতিংগাৰ পাহাৰ পৰিভ্ৰমী পক্ষীৰ সমাগমৰ মাজেৰে জীৱন্ত হৈ উঠে। যি দৃশ্য মানুহে আনন্দ আৰু উৎসাহেৰে উদযাপন কৰে। এই দৃশ্য চাবলৈ জাতিংগালৈ আহে দুৰ-দুৰণিৰ পৰ্যটক। বৰাইল পাহাৰৰ দাঁতত অৱস্থিত জাতিংগা এখন সৰু গাঁও, য’ত মিটাৰগজ ৰে’ল থকাৰ সময়ত এটা সৰু ষ্টেচন আছিল। গুৱাহাটীৰ পশ্চিমে প্ৰায় ৩৩০ কিঃমিঃ দূৰত অৱস্থিত জাতিংগা।

এইবোৰৰ মাজতে জাতিংগালৈ আহিছে এটা ভাল খবৰ। ৯ বছৰৰ পাছত পক্ষী উদ্যানখনত দেখিবলৈ পোৱা গৈছে বিৰল প্ৰজাতিৰ টাইগাৰ বিটাৰ্ন পক্ষীবিধ । এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয়,- “নানা পক্ষীৰ কাকলিৰে মুখৰ জাতিংগা৷ বছৰি বহু পৰিভ্ৰমী পক্ষীৰ সমাগম ঘটে এই পক্ষী কাননলৈ আৰু জীৱন্ত হৈ উঠে ইয়াৰ প্ৰাকৃতিক শোভা৷ পৰ্যটকৰ বাবে প্ৰিয় এই সময়ছোৱা৷ এইবেলি জাতিংগাৰ আটাইতকৈ ভাল লগা খবৰটো হ’ল সুদীৰ্ঘ ৯ বছৰ পাছত জাতিংগাত বিৰল প্ৰজাতিৰ ‘টাইগাৰ বিটাৰ্ন’ দেখিবলৈ পোৱা গৈছে। এই খবৰটিৰ অন্তৰালত নিহিত হৈ আছে স্থানীয় লোকসকলৰ পৰিৱেশ সুৰক্ষাৰ দীৰ্ঘদিনীয়া প্ৰয়াস৷” প্ৰত্যেকলৈ অভিনন্দন জনাইছোঁ৷ লগতে আহ্বান জনাওঁ যে পখীৰ কাকলিত সেউজ প্ৰকৃতিৰ আনন্দ ল’বলৈ আপুনিও যাব পাৰে জাতিংগালৈ…”

 

উল্লেখ্য যে, পৰিভ্ৰমী চৰাইৰ আগমণৰ লগতে জাতিংগাক পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত। কোৱা হয় যে ইয়াত পক্ষীবোৰে আত্মহত্যা কৰে। জাতিংগাত পক্ষীৰ আত্মহত্যাৰ কাৰণক লৈ সদায়ে এই ঠাইখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে ৷ কিন্তু শেহতীয়াকৈ জাতিংগাত পক্ষীৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত শেহতীয়াকৈ উদ্ধাৰ হৈছে কিছু চাঞ্চল্যকৰ তথ্য ৷ নৌসৰ্গিক প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত জাতিংগাত মৌচুমী ঋতুৰ শেষত, বিশেষকৈ অমাৱস্যা আৰু প্ৰচণ্ড ধুমুহা-বৰষুণৰ মাজত সন্ধিয়া ৬ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত পক্ষীৰ আত্মহত্যাৰ ঘটনা সংঘটিত হয় । এই ঘটনাই সকলোৰে মাজত চাঞ্চল্য সৃষ্টি কৰি থকাৰ মাজতে গৱেষকসকলে ইয়াৰ কাৰণ উদ্ঘাটন কৰিবলৈ আহি বিভিন্ন তথ্য প্ৰকাশ কৰিছিল ৷

কিন্তু শেহতীয়াকৈ অহা এক তথ্য অনুসৰি, প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে । পক্ষীসমূহক স্থানীয় লোকসকলেহে হত্যা কৰে । তথ্য অনুসৰি, এই গাঁৱত প্ৰায় ২,৫০০ খাচী জনগোষ্ঠীৰ লোক আৰু কিছু সংখ্যক ডিমাছা লোকে বাস কৰে । একাংশ গাঁওবাসীয়ে অন্ধকাৰ নিশা পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে আৰু তেওঁলোকে বাঁহৰ খুঁটাৰেৰে মৰিয়াই হত্যা কৰে। জাতিংগাত পক্ষীৰ ৰহস্যজনক মৃত্যুৰ কথা প্ৰথম পোহৰলৈ আহে ১৯৬০ দশকত ৷ সম্প্ৰতি ভাৰতৰ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত দল-সংগঠনসমূহে পক্ষীসমূহৰ হত্যা ৰোধ কৰাৰ বাবে অশিক্ষিত গাঁওবাসীক সচেতন কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে ।

শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!
সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী
আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি...