আইদেউ সন্দিকৈঃ কিহৰ বাবে আজীৱন অবিবাহিতা হৈ ৰ’ল প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী
প্ৰথম অসমীয়া মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি পুণ্যতিথি। আইদেউ প্ৰতিগৰাকী নাৰীৰ বাবে প্ৰেৰণাৰ উৎস। আইদেউয়ে দেখুৱাইছিল সমাজৰ প্ৰাচীৰ ভাঙি কেনেদৰে আধুনিক সমাজৰ বাট কাটিব পাৰি, কেনেদৰে নিজৰ বলিদান দি হাজাৰজনৰ মুক্তিৰ কাৰণ হ'ব পাৰি
আইদেউ সন্দিকৈ, যিয়ে সমাজৰ বাধাৰ প্ৰাচীৰ ভাঙি আধুনিক চিন্তা ধাৰাক সাৰ পানী যোগাইছিল, যি প্ৰতিগৰাকী নাৰীৰ বাবে আদৰ্শ, যাৰ ওচৰত আজিও চিৰঋণী অসমীয়া ছবিজগত। অসমীয়া ছবি জগতৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী তথা আইদেউ সন্দিকৈ বহু নাৰীৰ বাবে প্ৰেৰণা। আজি এইগৰাকী মহান নাৰীৰ মৃত্যু দিৱস। ২০০২ চনৰ ১৭ ডিচেম্বৰৰ দিনা এইগৰাকী অভিনেত্ৰীয়ে বহু বেথা বুকুত বান্ধি এই জগতৰ পৰা চিৰবিদাল লৈছিল। আইদেউ সন্দিকৈৰ পবিত্ৰ পুণ্যতিথিত বিভিন্নজনে তেওঁক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি।
আইদেউ সন্দিকৈৰ জন্ম হৈছিল ১৯২০ চনৰ ২৭ জুনত গোলাঘাটৰ পানী দিহিঙীয়া গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃ মা- লক্ষ্মী। আইদেউ সন্দিকৈ কেতিয়াও স্কুললৈ যোৱা নাছিল।
জয়মতী
১৯৩৩ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ছবি জয়মতীৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। সেই ছবিখনত সহ- অভিনয়ৰ যোগেদি নাৰী চৰিত্ৰ ৰূপায়নৰ কথা ভাবিছিল আৰু ইয়াক লৈ বিভিন্ন বিজ্ঞাপনো দিছিল। কিন্তু বিজ্ঞাপন দিয়াৰ পাছতো অভিনয়ৰ বাবে কোনো মহিলা আগুৱাই অহা নাছিল। তাৰ মাজতে আইদেউ সন্দিকৈৰ এজন আত্মীয়ই জ্যোতিপ্ৰসাদক আইডদেউৰ ফটো দেখুৱাইছিল। তাৰ পাছতে জ্যোতিপ্ৰসাদে ভাবিছিল যে জয়মতী চৰিত্ৰৰ বাবে আইদেউ সন্দিকৈ হ’ব উপযুক্ত।
তাৰ পাছতে আত্মীয়জনে আইদেউক জাহাজ দেখুওৱাৰ চলেৰে ভোলাগুৰি চাহ বাগিচাত অস্থায়ীভাৱে থকা জ্যোতি চিত্ৰবনলৈ আনে আৰু তাতে তেওঁ জয়মতী চৰিত্ৰৰ বাবে নিৰ্বাচিত হয়। প্ৰথমে এই ছবি কৰিবলৈ আইদেউ মান্তি হোৱা নাছিল যদিও পিতৃৰ অনুমতি মৰ্মে তেওঁ জয়মতীৰ ছবিত অভিনয় কৰে। সেই সময়ত আইদেউৰ বয়স আছিল প্ৰায় ১৬ বছৰ।
সমাজে কৰিছিল এঘৰীয়া
জয়মতী ছবিখন মুক্তি লাভ কৰিছিল ১৯৩৫ চনত আৰু এনেকৈয়ে আইদেউ সন্দিকৈ হয় অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী। ছবিৰ কাম শেষ হোৱাৰ পাছতে আইদেউ সন্দিকৈ নিজ ঘৰলৈ যায় কিন্তু অভিনয় কৰাৰ অপৰাধ স্বৰূপে সমাজে তেওঁলোকক এঘৰীয়া কৰে। ছবিত কোনো মহিলাই অভিনয় কৰা সেই সময়ত মহাপাপ বুলি গন্য কৰা হৈছিল। এমাহ ধৰি কোনো মহিলাই অন্য মানুহৰ লগত ঘৰৰ বাহিৰত থকা সেই সময়ত অপৰাধ বুলি ধৰা গৈছিল। ইয়াৰোপৰি আইদেউ সন্দিকৈয়ে জয়মতীৰ চৰিত্ৰত অভিনয় কৰাৰ সময়ত গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বঙহৰদেউ বুলি সম্বোধন কৰিছিল, যি সেই সময়ত পাপ বুলি ধৰা হৈছিল।
বিয়া হোৱা নাছিল
এই ঘটনাৰ পাছতেই আইদেউৰ পৰিয়ালে সমাজক ক্ষমা খোজে। পৰৱৰ্তী সময়ত সমাজে তেওঁলোকক আঁকোৱালি লয় যদিও আইদেউ সন্দিকৈক পৰিয়ালে মূল ঘৰৰ পৰা বাহিৰত বেলেগকৈ ঘৰ সাজি দিয়ে। ইমানেই নহয়, আইদেউৰ খোৱা পানীৰ পুখুৰী পৰ্যন্ত বেলেগ আছিল। এই ছবিত অভিনয় কৰাৰ বাবে তেওঁ আজীৱন বিয়া নোহোৱাকৈ থাকিবলগীয়া হৈছিল।
জয়মতী ছবিখন মুক্তি দিয়াৰ সময়ত জ্যোতিপ্ৰসাদে তেওঁৰ খবৰ ৰখা নাছিল। ১৯৮৫ চনত আইদেউ সন্দিকৈয়ে নিজে অভিনয় কৰা ছবিখন চাবলৈ সক্ষম হৈছিল। অসম চৰকাৰে আয়োজন কৰা অসমীয়া ছবিৰ ৫০ বছৰীয়া জয়ন্তীত জয়মতীত তেওঁৰ চৰিত্ৰৰ অভিনয় দেখিবলৈ পাইছিল। সেই সময়তে চৰকাৰে আইদেউ সন্দিকৈক ১০০০ টকাকৈ মাহে পেঞ্চন দিয়াৰো ব্যৱস্থা কৰিছিল।
পৰৱৰ্তী সময়ত ১৯৯১ চনত আইদেউ সন্দিকৈৰ নামত সেই গাঁৱত এখন স্কুল স্থাপন কৰা হয়। আইদেউৰ নাম পদ্মশ্ৰীৰ বাবেও মনোনীত কৰা হৈছিল যদিও মাত্ৰ এখন ছবি কৰাৰ অজুহাতত তেওঁক এই সন্মান দিয়া হোৱা নাছিল। আইদেউ সন্দিকৈৰ মৃত্য়ু হৈছিল ২০০২ চনৰ ১৭ ডিচেম্বৰত।
আইদেউ প্ৰতিগৰাকী নাৰীৰ বাবে প্ৰেৰণাৰ উৎস। আইদেউয়ে দেখুৱাইছিল সমাজৰ প্ৰাচীৰ ভাঙি কেনেদৰে আধুনিক সমাজৰ বাট কাটিব পাৰি, কেনেদৰে নিজৰ বলিদান দি হাজাৰজনৰ মুক্তিৰ কাৰণ হ’ব পাৰি। আইদেউ সন্দিকৈ অসম তথা অসমীয়াৰ গৌৰৱ।এইগৰাকী নাৰীৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।