মুছলমানক কবৰ দিবলৈ ঠাই নোহোৱা হ'ব, কাঢ়ি ল'ব বিচাৰিছে সকলো : আজমল | AIUDF Chief Badruddin Ajmal's Explosive Remarks Against BJP Amid Assam By-Elections Assam news - Assam Tv9

Badruddin Ajmal : ‘মুছলমানক কবৰ দিবলৈ ঠাই নোহোৱা হ’ব…’, বিস্ফোৰক মন্তব্য AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ

বিজেপিক লক্ষ্য কৰি কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে । বদৰুদ্দিন আজমলে কয় যে, বৰ্তমানৰ চৰকাৰখনে মুছলমানৰ পৰা সকলো সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে ।

Badruddin Ajmal : মুছলমানক কবৰ দিবলৈ ঠাই নোহোৱা হব..., বিস্ফোৰক মন্তব্য AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ

আইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল

Updated On: 

21 Oct 2024 14:08 PM

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনীক তৎপৰতা বৃদ্ধি পাইছে । এই সময়তে বিজেপিক লক্ষ্য কৰি কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে । বদৰুদ্দিন আজমলে কয় যে, বৰ্তমানৰ চৰকাৰখনে মুছলমানৰ পৰা সকলো সম্পত্তি কাঢ়ি ল’ব বিচাৰিছে ।

উল্লেখ্য যে, ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়তে আজমলৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰে মুছলমানৰ পৰা কবৰস্থান কাঢ়ি ল’ব বিচাৰিছে, ঈদগাহ কাঢ়ি ল’ব বিচাৰিছে, মছজিদ কাঢ়ি ল’ব বিচাৰিছে । ইয়াৰ লগতে বিজেপিয়ে মছজিদ ধ্বংস কৰিব বিচাৰি আছে বুলিও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে ।

তেওঁ কয়,’যেতিয়া মুছলমানৰ এই সম্পত্তিবোৰ কাঢ়ি ল’ব, তেতিয়া মছুমানৰ বাবে কবৰস্থান,ঈদগাহ একোৱেই নাথাকিব । মুছলমান সকলক কবৰ দিবৰ বাবে ঠাই নোহোৱা হৈ পৰিব । মৃতদেহ লগত লৈ কবৰ দিবৰ বাবে ঠাই বিচাৰি ফুৰিব লাগিব মুছলমানে ।’ তেওঁ লগতে কয়, ‘বৰ্তমানৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে মছুলমানৰ সকলো সম্পত্তি কাঢ়ি ল’ব বিচাৰিছে আৰু নিজৰ মানুহক দিব বিচাৰিছে ।’

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । ইতিমধ্যে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছে এই উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । কিন্তু এই নিৰ্বাচনটোত এইআইইউডিএফে প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই সেই সন্দৰ্ভত কোনো নিশ্চয়তা নাই । কিন্তু ৰাজ্যখনত উপ-নিৰ্বাচনী বতাহ বলি থকাৰ সময়তে আজমলৰ এই মন্তব্যই ৰাজনৈতিক পৰিৱেশত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে কেনেকুৱা লক্ষণে দেখা দিয়ে ? জানক...
লাই আৰু গাহৰি মাংসৰ আঞ্জা আপোনাৰ প্ৰিয় নে ? কেনেকৈ ৰান্ধিব জানক...
Aimee Baruah Birthday : আজি জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ ওপজা দিন
লংকাৰ অধিপতি মহাবলবান ৰাৱণে লক্ষ্মণ ৰেখা কিয় পাৰ হ’ব পৰা নাছিল?