গৰু ছিণ্ডিকেটত জড়িত! দলৰ পৰা নিলম্বন AIUDF ৰ বিধায়ক নিজামুদ্দিন চৌধুৰী

ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী। ইয়াৰ মাজতে এ আই ইউ ডি এফৰ পৰা নিলম্বন হৈছে এজনৰ পাছত আনজন বিধায়ক। শেহতীয়াকৈ দলটোৱে বৰাকৰ এজন বিধায়কক দলৰ পৰা নিলম্বন কৰে।

গৰু ছিণ্ডিকেটত জড়িত! দলৰ পৰা নিলম্বন AIUDF ৰ বিধায়ক নিজামুদ্দিন চৌধুৰী

নিলম্বন

Published: 

03 Dec 2024 11:05 AM

এ আই ইউ ডি এফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক নিলম্বন। দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে বিধায়কগৰাকীক নিলম্বন কৰে । সোমবাৰ, ২ ডিচেম্বৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত দলটোৱে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক হাফিজ বাছিৰ আহমেদে স্বাক্ষৰিত এখন পত্ৰ জাৰি কৰে য’ত নেতাগৰাকীক নিলম্বনৰ কথা উল্লেখ থাকে। অভিযোগ অনুসৰি নেতাগৰাকী দল বিৰোধী আৰু বিতৰ্কিত কাৰ্যাকলাপত লিপ্ত আছিল।

জাননীখন

পত্ৰত নিজামুদ্দিন চৌধুৰিক দলৰ পৰা নিলম্বন কৰাৰ কথা উল্লেখ কৰি কয় যে দীৰ্ঘদিন ধৰি আলগাপুৰৰ বিধায়কগৰাকীৰ নাম গৰু ছিণ্ডিকেট, বালি ছিণ্ডিকেট আজি অ-সামাজিক কাম- কাজৰ লগত সাঙোৰ খাই আছিল। ইয়াৰোপৰি বিভিন্ন সময়ত নিজামুদ্দিন চৌধুৰীয়ে বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলিলৈ সমৰ্থন জনাই আহিছিল। তেওঁৰ এইবোৰ স্থিতিৰ বাবে এ আই ইউ ডি এফ আৰু বদৰুদ্দিন আজমল অস্বস্তিত পৰিবলগীয়া হৈছে। যাৰ বাবে আগন্তুক ৬ বছৰৰ বাবে দলৰ পৰা নিজামুদ্দিন চৌধুৰীক নিলম্বন কৰা হয়।

নিজামুদ্দিন চৌধুৰী বৰাকৰ আলগাপুৰ সমষ্টিৰ বিধায়ক। ২০১৬ চনত প্ৰথমবাৰৰ বাবে তেওঁ এ আই ইউ ডি এফৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০২১ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে একেই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ আহিছিল। কিন্তু দ্বিতীয় কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই দলৰ পৰা নিলম্বন হয় তেওঁ। গতিকে আগন্তুক ৬ বছৰৰ বাবে তেওঁ আৰু এ আই ইউ ডি এফ দলৰ লগত জড়িত হ’ব নোৱাৰিব।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে আন এগৰাকী বিধায়কক এ আই ইউ ডি এফে দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰিছিল। দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ২৪ নৱেম্বৰত এ আই ইউ ডি এফে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুচেইন লস্কৰক দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰিছিল। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এজনৰ পাছত আন জন বিধায়ক নিলম্বন হৈছে এ আই ইউ ডি এফৰ পৰা।

মন কৰিবলগীয়া যে, ২০২৬ চনত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক- বিৰোধী।  প্ৰতিটো দলেই নিজাববীয়াকৈ ইতিমধ্যে প্ৰস্তুত কৰিছে ৰণ কৌশল। তেনে স্থলত এ আই ইউ ডি এফৰ পৰা  বিধায়ক নিলম্বনে দলটোলৈ বিপৰ্যয় নমাই অনা যেন অনুমান হয়। আগন্তুক সময়ত বদৰুদ্দিন আজমলে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ কি কৌশল অৱলম্বন কৰে সেয়া হ’ব লক্ষণীয়।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...