অজাপ-ৰাইজৰ দল কিয় এটা দল হ’ব নোৱাৰে ? এই বিষয়ত বাধা ক’ত ? স্পষ্ট কৰিলে লুৰীণজ্যোতি গগৈ
এই দুয়োটা দল একত্ৰিত হোৱাৰ ক্ষেত্ৰত জটিলতা ক'ত ? এই জটিলতা আদৰ্শগত নে নেতৃত্ব কেন্দ্ৰিক ? কিন্তু এই বিষয়ত অজাপৰ স্থিতি স্পষ্ট কৰি দিছে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।
অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত উত্থাপন হৈ অহা এটা ডাঙৰ প্ৰশ্ন হৈছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত হ’ব পাৰিব নে ? ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বহু সময়ত স্পষ্টভাৱে মন্তব্য প্ৰকাশ কৰি আহিছে যে, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত হ’ব লাগে । এই প্ৰস্তাৱ অসম জাতীয় পৰিষদক দিয়া বুলিও ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে বহু সময়ত উল্লেখ কৰি আহিছে । এই দুয়োটা দল একত্ৰিত হোৱাৰ ক্ষেত্ৰত জটিলতা ক’ত ? এই জটিলতা আদৰ্শগত নে নেতৃত্ব কেন্দ্ৰিক ? কিন্তু এই বিষয়ত অজাপৰ স্থিতি স্পষ্ট কৰি দিছে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।
আগন্তুক পঞ্চায়ত নিৰ্বাচনত শাসকীয় দলৰ লগতে বিৰোধী দলসমূহেও প্ৰস্তুতি আৰম্ভ কৰিছে । প্ৰতিটো দলেই নিজ নিজে ক্ষেত্ৰত ৰাজনৈতিক কৌশল গ্ৰহণ কৰিছে । কিন্তু ইয়াৰ মাজতে ৰাইজৰ দল আৰু অজাপ দুয়োটা দলৰ একত্ৰিকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা কৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । দুয়োটা দলৰ মাজত আদৰ্শগত পাৰ্থক্য থকাৰ বাবেই এই দুয়োটা দল একত্ৰিত হ’ব নোৱাৰে । কিন্তু একেখন মঞ্চত থকাৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি স্পষ্ট কৰি দিছে লুৰীণজ্যোতি গগৈয়ে ।
লুৰীণজ্যোতি গগৈৰ মতে,কেৱল ৰাইজৰ দলৰ লগতেই নহয় বিৰোধী কংগ্ৰেছৰ লগতো আদৰ্শগত পাৰ্থক্য আছে অজাপৰ । দলটোৰ নেতা গৰাকীয়ে স্পষ্ট কৰি দিছে যে, বিজেপিৰ বিৰোধী সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে বিৰোধী সকলো দল একে মঞ্চত থকাটো সমৰ্থন কৰে অজাপে । শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত অজাপৰ সভাপতি গৰাকীয়ে কয় যে, নতুন দল হিচাপে অজাপে এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন আৰু পৰিষদীয় নিৰ্বাচনৰ বাবে নতুন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । লগতে সকলো জাতি-জনগোষ্ঠী আৰু ভাষাভাষীলোকৰ মাজত সংগঠনৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে দলটোৱে চিন্তা-চৰ্চা কৰিছে বুলি কয় লুৰীণজ্যোতি গগৈয়ে ।
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগ হোৱাৰ সন্দৰ্ভত তেওঁ কয় যে, ‘আমি আঞ্চলিক দল সমূহ একেখন মঞ্চত আছোঁ । কিন্তু দুটা দল একেলগ হোৱাটো ইমান সহজ নহয় । ভিন্ন ভিন্ন আদৰ্শৰ দুটা দল একলগ হ’ব নোৱাৰে । একে আদৰ্শৰ দল সমূহো একেলগ হোৱা আমি দেখা নাই । যেনেকৈ বাঁওপন্থী দলসমূহো আজি একত্ৰিত বা একেলগ হ’ব পৰা নাই । ‘
অখিল গগৈৰ আহ্বানক উদ্দেশ্যি তেওঁ কয় যে, ‘যদিও তেওঁ এই দুয়োটা দল একলগ হোৱাৰ কথা কৈছে, কিন্তু এই দুয়োটা দল একলগ হোৱাটো সহজ কথা নহয় । আমাৰ দলৰ মাজত এই বিষয়ত আলোচনা হৈছে । তেওঁ নিজে কৈছে যে তেওঁ মাক্সবাদী হয় ।’ তেওঁ কয় যে, মাক্সে কেতিয়াও জাতীয়বাদৰ বিৰোধীতা কৰা নাছিল । কিন্তু অসমৰ প্ৰেক্ষাপটত বাওঁপন্থী মানুহ আৰু জাতীয়তাবাদীৰ মাজত সংঘাত আছে আৰু থাকিব । অৱশ্যে বিজেপিৰ বিৰুদ্ধে একেখন মঞ্চত থিয় দিয়া কথাও সদৰী কৰে অজাপৰ সভাপতি গৰাকীয়ে ।
‘আমাৰ কংগ্ৰেছৰ লগতো আদৰ্শগত পাৰ্থক্য আছে । কংগ্ৰেছৰ আদৰ্শৰো আমি সম্পূৰ্ণ বিৰোধীতা কৰি আহিছো । এই সময়ত বিজেপিৰ বিৰুদ্ধে ভোট বিভাজন হ’ব নালাগে বাবেহে আমি একেখন মঞ্চত থিয় হৈছো ।’ এই দৰে কয় লুৰীণজ্য়োতি গগৈয়ে । তেওঁ স্পষ্ট কৰি দিছে যে, অখিল গগৈৰ সংগ্ৰামৰ সৈতে আমি লগত আছো । একে মঞ্চত আছোঁ । কিন্তু দুয়োটা দল একেলগ হোৱাৰ ক্ষেত্ৰত আদৰ্শগত আৰু কাৰিকৰী সমস্যা আছে বুলি কয় লুৰীণজ্যোতি গগৈয়ে ।