অসমৰ পৰা হাজাৰ হাজাৰ কোটি টকা লুটি হিমন্তই দিল্লীত জমা দিছেঃ অখিল গগৈ
২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক- বিৰোধী। প্ৰতিটো দলৰ লগতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। বিগত কেইটামান দিনত বিভিন্ন প্ৰান্তত কেইবাখনো জনসভা সম্বোধন কৰি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলক আক্ৰমণ কৰি গৈছে।
পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি ওলোৱা অখিল গগৈয়ে ৰাজ্যৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ কেইবাখনো জনসভা সম্বোধন কৰিছে। প্ৰতিখন সভাতেই গগৈয়ে মুখ্যনন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক লক্ষ্য কৰি গৈছে। ইয়াৰ মাজতে সোমবাৰে শিলচৰত এক সংবাদ মেল সম্বোধন কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। গগৈয়ে কয় যে, অসমৰ পৰা ৩,০০০ কোটি টকা লুটি নিছে মুখ্যমন্ত্ৰীয়ে।
গগৈয়ে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ চিণ্ডিকেটৰ পৰা পোৱা ৩,০০০ কোটি টকা লুটি ঝাৰখণ্ডৰ নিৰ্বাচনত ব্যৱহাৰ কৰিছে। কিন্তু তাৰ পাছতো তেওঁ বিফল হ’ল। হিমন্ত বিশ্ব শৰ্মাৰ ভুল কৌশলৰ বাবে ঝাৰখণ্ডত বেয়াকৈ পৰাজয় বৰণ কৰে বিজেপিয়ে।তেওঁ কয়, কেন্দ্ৰীয় নেতা হোৱাৰ সপোন দেখা হিমন্ত বিশ্ব শৰ্মাই নিজৰ সপোন পূৰাবলৈ অসমত লুণ্ঠন চলাইছে। অসমৰ পৰা হাজাৰ হাজাৰ কোটি টকা লুটি তেওঁ দিল্লীত জমা দিছে। অসমৰ চিণ্ডিকেটৰ পৰা পোৱা ৩,০০০ কোটি টকা লুটি তেওঁ ঝাৰখণ্ডত ব্যৱহাৰ কৰিছে। কিন্তু তাৰ পাছতো বিজেপি ঝাৰখণ্ডত জয়ী হ’ব নোৱাৰিলে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ নাম গোটেই ভাৰতত ডুবাই পেলাইছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্বক ব্যৱহাৰ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ যথেষ্ঠ জনপ্ৰিয়তা আছে আৰু তেওঁৰ ওপৰত আৰ এছ এছৰ হাত আছে। গতিকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক চাপত ৰাখিবলৈ মোদী আৰু শ্বাহে মাজে মাজে হিমন্ত বিশ্ব শৰ্মাক ব্যৱহাৰ কৰে। এইবাৰো ঝাৰখণ্ডতো হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে ব্যৱহাৰ কৰিলে। ঝাৰখণ্ড নিৰ্বাচনৰ সময়ত ৰাজ্যখনৰ প্ৰভাৰীৰ দায়িত্ব দিছিল যদিও তেওঁ সম্পূৰ্ণৰূপে বিফল হ’ল। হিমন্ত বিশ্ব শৰ্মাৰ ভুল কৌশলৰ বাবে বিজেপি হাৰিল।
উল্লেখ্য যে, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও প্ৰায়েই অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে। ২০২৬ চনত বিজেপি চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে অখিল গগৈয়ে এখনৰ পাছত আনখন জনসভা সম্বোধন কৰি ভোট ভিক্ষা কৰি গৈছে। ১২ মাহে খেতিপথাৰত পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰ পৰা আৰম্ভ কৰি অসমৰ সকলো ৰাইজক ধনী কৰাৰ প্ৰতিশ্ৰুতি দিছে গগৈয়ে। গতিকে গগৈৰ নিৰ্বাচনী ৰণ কৌশল কিমান সফল হয় সেয়া, বিজেপিক শাসনৰ পৰা উঠাব পাৰে নে নাই সেয়া সময়ে ক’ব।