বানপানীঃ ৰাজ্যই বিচাৰিছিল ২৮,০০০ কোটি, কেন্দ্ৰই দিলে মাত্ৰ ২০৫ কোটিঃ অখিল – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

বানপানীঃ ৰাজ্যই বিচাৰিছিল ২৮,০০০ কোটি, কেন্দ্ৰই দিলে মাত্ৰ ২০৫ কোটিঃ অখিল

Published: 

21 Jul 2024 17:12 PM

কিন্তু দাবী কৰা ধন ৰাজ্যই লাভ কৰা নাই। ২০১৬ চনত অসমে ক্ষতিপূৰণৰ দাবী কৰিছিল যদিও ১ টকাও নিদিলে। ২০১৭ চনকো কেন্দ্ৰই অসমৰ বানপানীৰ বাবে কোনো ধৰণৰ সাহাৰ্য প্ৰদান নকৰিলে।

বানপানীঃ ৰাজ্যই বিচাৰিছিল ২৮,০০০ কোটি, কেন্দ্ৰই দিলে মাত্ৰ ২০৫ কোটিঃ অখিল

অখিল গগৈ

Follow Us On

২০১৬ চনৰ পৰা ২০২৩ চনলৈ অসম চৰকাৰে বানপানীৰ ক্ষতিপূৰণ হিচাপে কেন্দ্ৰৰ পৰা  বিচাৰিছিল ২৮,০০০ কোটি টকা । কিন্তু এতিয়ালৈকে মাত্ৰ ২০৫ কোটি টকাহে দিছে কেন্দ্ৰই – এই অভিযোগ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। বানৰ ক্ষতিপূৰণ সন্দৰ্ভত এক সংবাদ মেল অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে গগৈয়ে। তেওঁ কয় যে, প্ৰতি বছৰে বানপানীৰ অন্তত ৰাজ্য চৰকাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰি কেন্দ্ৰক ক্ষতি সন্দৰ্ভত জনায়।

এই স্মাৰক পত্ৰত ৰাজ্য়ত হোৱা ক্ষতিৰ বাবে টকা বিচাৰে অসমে। নিয়ম অনুসৰি এই স্মাৰকপত্ৰ প্ৰদানৰ পাছত কেন্দ্ৰ এটা দলে বান প্ৰভাৱিত এলেকাসমূহৰ পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত হোৱা সম্পত্তিৰ এটা সম্যক ধাৰণা লয়। তাৰ পাছতেই ইয়াৰ ভিত্তিত কেন্দ্ৰই টকা মুকলি কৰে।

গগৈয়ে কয় যে এইবাৰ বানপানীত নিয়মীয়া সাহাৰ্যৰ বাবে যি ধন লাগে সেয়া কেন্দ্ৰই যোগান ধৰি আছে। কিন্তু দাবী কৰা ধন ৰাজ্যই লাভ কৰা নাই। ২০১৬ চনত অসমে ক্ষতিপূৰণৰ দাবী কৰিছিল যদিও ১ টকাও নিদিলে। ২০১৭ চনকো কেন্দ্ৰই অসমৰ বানপানীৰ বাবে কোনো ধৰণৰ সাহাৰ্য প্ৰদান নকৰিলে। অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ২০১৬ চনৰ পৰা ২০২৩ চনলৈ অসমে বানপানীৰ বাবে কেন্দ্ৰৰ পৰা ২৮,০০০ কোটি টকা দাবী কৰিছিল। কিন্তু মাত্ৰ ২০৫ কোটি টকা কেন্দ্ৰই মুকলি কৰি দিছে। সোনকালে বানপানীৰ ক্ষতিপূৰণৰ বাবে কেন্দ্ৰৰ পৰা ধন মোকলাই আনিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই গগৈয়ে।

উল্লেখ্য যে. অসমৰ বাবে বানপানী এক জলন্ত সমস্যা। প্ৰতি বছৰে বানত লাখ লাখ লোক প্ৰভাৱিত হোৱাৰ লগতে হাজাৰ হাজৰ হেক্টৰ কৃষি ভূমি নষ্ট হৈ যায়। ইয়াৰোপৰি বহু মানুহৰ মৃত্যু হোৱাৰ লগতে শ শ জীৱ- জন্তুৰো মৃত্যু হয়। মানুহৰ ঘৰ- দুৱাৰ আদি বানপানীত উটি যোৱাৰ লগতে মথাউৰি, ৰাস্তা- ঘাট আদিৰো ক্ষতিসাধন হয়।

এইবাৰো প্ৰায় ২১ লাখলোক বানপানীত প্ৰভাৱিত হোৱাৰ লগতে প্ৰায় ১০০ জন লোকৰ মৃত্যু হৈছে।  এইবাৰৰ প্ৰলয়ংকাৰী বানত ২০০ ৰো অধিক বন্যপ্ৰাণী মৃত্যু মুখত পৰিছে। কেৱল ইমানেই নহয়, এই বানত হাজাৰ হাজাৰ লোকৰ ঘৰ-দুৱাৰ ক্ষতিসাধন হোৱাৰ লগতে ৰাস্তা- ঘাট মথাউৰি  আদি ভাঙি গৈছে। ৰাজ্য চৰকাৰে এই বানাক্ৰান্ত সকলক সকলো ধৰণৰ সাহাৰ্য সামগ্ৰী যোগান ধৰিছে। ইয়াৰোপৰি আগষ্ট মাহৰ ভিতৰত বানাক্ৰান্তসকলক আৰ্থিক অনুদান প্ৰদান কৰিব পাৰে ৰাজ্য চৰকাৰে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version