আলি আঃয়ে লৃগাঙৰ শুভেচ্ছাঃ মুখ্যমন্ত্ৰীৰ পৰা নেত-মন্ত্ৰীলৈ সকলোৱে এনেদৰে প্ৰেৰণ কৰিলে শুভকামনা..

Ali aye ligang wish: আজি মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উলহ-মালহেৰে পালন কৰা হৈছে।

আলি আঃয়ে লৃগাঙৰ শুভেচ্ছাঃ মুখ্যমন্ত্ৰীৰ পৰা নেত-মন্ত্ৰীলৈ সকলোৱে এনেদৰে প্ৰেৰণ কৰিলে শুভকামনা..

আলি আঃয়ে লৃগাং

Published: 

19 Feb 2025 16:57 PM

আজি মিচিং সম্প্ৰদায়ৰ লোকসকলে পালন কৰিছে কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। প্ৰতিবছৰৰ দৰে এইবাৰো ফাগুন মাহৰ প্ৰথমটো বুধবাৰত মিচিংসকলে এই উৎসৱ পালন কৰিছে।  যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্ত  গুমৰাগ নৃত্য, ঐনিতমৰ সুৰেৰে মুখৰিত হৈ আছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰো বিভিন্ন স্থানত লৃগাং উদযাপন কৰা হৈছে। এই দিনটোত মিচিং লোকসকলে এক গোট খাই স্ফূৰ্তি কৰে, থলুৱা খাদ্য খাই নৃত্য গীত আদি কৰে।

আলি আঃয়ে লৃগাঙ উপলক্ষে বিভিন্নজনে আজি মিচিং সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি নেতা, মন্ত্ৰী, সাধাৰণলোক সকলোে মিচিং সকলৰ এই বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তলত কেইটামান শুভেচ্ছা বাৰ্তা উল্লেখ কৰা হ’ল

  1. আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা।
  2. মিচিং ভাই-ভনীসকলৰ প্ৰাণৰ উৎসৱ  আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা।
  3. আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা। গুমৰাগ আৰু ঐনিতমৰ সুৰে কঢ়িয়াই আনক শুভ বাৰ্তা।
  4. আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা। আশা কৰো এই লৃগাঙে শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰক।
  5. গুমৰাগ আৰু ঐনিতমৰ মধুৰ সুৰেৰে মুখৰিত ৰাজ্য। সকলোলৈ আলি আঃয়ে লৃগাঙৰ আন্তৰিক শুভেচ্ছা।
  6. আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা। আশা কৰো, এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক, দঞি পঃলৰ ওচৰত এয়াই প্ৰাৰ্থনা।

 

কোনে কেনেকৈ জনালে শুভেচ্ছা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে-মিচিং ভাই-ভনীসকলৰ অতি হেঁপাহৰ উৎসৱ আলি-আঃয়ে-লৃগাং উপলক্ষে সদৌটিকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গুমৰাগ আৰু ঐনিতমৰ উছাহেৰে মুখৰ এই কৃষিভিত্তিক উৎসৱটি আমাৰ ৰাজ্যখনৰ চহকী সংস্কৃতিৰ এক অনন্য সুন্দৰ অংগ৷ ফাগুনৰ প্ৰথম বুধবাৰে পালিত এই উৎসৱে আমাৰ মাজৰ শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰক, লৃগাঙৰ অনন্দময় দিনটোত তাৰেই কামনা কৰিছোঁ।

 

শিক্ষামন্ত্ৰী ৰনোজ পেগুই লিখিছে-গুমৰাগ আৰু ঐনিতমৰ মধুৰ সুৰেৰে মুখৰিত পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ “আলি-আঃয়ে-লৃগাং”ৰ পৱিত্ৰ মুহূৰ্তত সমূহ ৰাইজলৈ আন্তৰিক ওলগ জনালোঁ। মিচিং জনসমাজৰ সাংস্কৃতিক ঐতিহ্যৰ অনন্য চানেকি বহন কৰা উৎসৱটিয়ে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক, এই কামনাৰে দঞি পঃলৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিয়ে লিখিছে- মিচিং জনগোষ্ঠীয় লোকসকলৰ অতি হেঁপাহৰ উৎসৱ আলি-আঃয়ে-লৃগাং উপলক্ষে সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই কৃষিভিত্তিক উৎসৱটি আমাৰ ৰাজ্যখনৰ চহকী সংস্কৃতিৰ এক অনন্য সুন্দৰ অংগ স্বৰূপে পৰিচিত৷ আজি ফাগুনৰ প্ৰথম বুধবাৰে উদযাপিত এই উৎসৱে আমাৰ সমাজত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ বান্ধোন এনাজৰী ডাল অধিক শক্তিশালী কৰক, আজিৰ এই পবিত্ৰ ক্ষণত তাকেই কামনা কৰিছোঁ। এনেকৈ বিভিন্নজনে জনাইছে আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা।

 

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?