5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আৰক্ষীৰ জালত মহানগৰীৰ জঘন্য কাণ্ডৰ ৯ অভিযুক্ত! ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ পলাতক কৃষ্ণ বর্মনক

ৰাজ্য কঁপাই যোৱা বৰাগাঁৱৰ দুৰ্গা মন্দিৰ কাণ্ডৰ শেষৰটো অভিযুক্ত কৃষ্ণক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ইতিমধ্যে শুকুৰবাৰেই আৰক্ষীৰ জালত পৰিছিল ৮ নৰপিশাচ। ধৃত পাষণ্ডকেইটা কুলদীপ নাথ, মৃণাল ৰাভা, গগন দাস, বিজয় ৰাভা, সৌৰভ বড়ো, দীপাংকৰ মুখিয়া, পিংকু দাস। আজি ধুবুৰীৰ গোলকগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পলাতক ধৰ্ষণকাৰী কৃষ্ণ বর্মনক।

আৰক্ষীৰ জালত মহানগৰীৰ জঘন্য কাণ্ডৰ ৯ অভিযুক্ত! ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ পলাতক কৃষ্ণ বর্মনক
আৰক্ষীৰ জালত মহানগৰীৰ জঘন্য কাণ্ডৰ ৯ অভিযুক্ত!
trishna-kalita
Trishna Kalita | Updated On: 14 Dec 2024 11:55 AM

অৱশেষত আৰক্ষীৰ জালত মহানগৰীৰ বৰাগাঁৱৰ জঘন্য কাণ্ডৰ পলাতক পাষণ্ড কৃষ্ণ বর্মন। ৰাজ্য কঁপাই যোৱা বৰাগাঁৱৰ দুৰ্গা মন্দিৰ কাণ্ডৰ শেষৰটো অভিযুক্ত কৃষ্ণক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ইতিমধ্যে শুকুৰবাৰেই আৰক্ষীৰ জালত পৰিছিল ৮ নৰপিশাচ। ধৃত পাষণ্ডকেইটা কুলদীপ নাথ, মৃণাল ৰাভা, গগন দাস, বিজয় ৰাভা, সৌৰভ বড়ো, দীপাংকৰ মুখিয়া, পিংকু দাস। আজি ধুবুৰীৰ গোলকগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পলাতক ধৰ্ষণকাৰী কৃষ্ণ বর্মনক।

মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত সংঘটিত হৈছিল এই জঘন্য ঘটনাটো। এগৰাকী মহিলাৰ সৈতে অ অপকৰ্ম সংঘটিত কৰিছিল যুৱকৰ দলে। দলটোত আছিল ৯জনকৈ যুৱক। ইমানতে শান্ত নাথাকি দলবদ্ধ ধৰ্ষণ কৰি প্ৰস্তুত কৰিছিল ভিডিঅ’। ‘ভিডিঅ’ বনাই মহিলাগৰাকীক নিৰ্মম অত্যাচাৰ চলাইছিল ৯ পাষণ্ডৰ। ধর্ষণ কাণ্ডৰ পাছতে যুৱক কেইজনে সামাজিক মাধ্যমত ভাইৰেল কৰি দিছিল ভিডিঅ’। ভিডিঅ’ ভাইৰেল হৈ হোৱাৰ পাছতহে পোহৰলৈ আহে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, অপৰাধটো ১৭ নৱেম্বৰত সংঘটিত হৈছিল। যিটো ঘটনা শুকুবাৰে পোহৰলৈ আহিছিল যেতিয়া ভাইৰেল কৰি দিছিল ভিডিঅ’টো পোহৰলৈ আহিছিল। ভিডিঅ’টো আৰক্ষীৰ হাতত পৰাৰ লগে লগে আৰম্ভ কৰা হৈছিল তদন্ত। ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গড়চুক আৰক্ষী থানাত কোনো গোচৰ ৰুজু হোৱা নাই যদিও ভাইৰেল ভিডিঅ’ত থকা যুৱককেইজন বৰাগাঁৱৰে বুলি নিশ্চিত কৰিছিল একাংশ লোকে। ভিডিঅ’টোৰ ভিত্তিত অনুসন্ধান চলাই আৰক্ষীয়ে আটক কৰে ঘটনাৰ জড়িত ৬জনক। আৰক্ষীয়ে আটক কৰা যুৱককেইজন ক্ৰমে কুলদ্বীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ। তাৰ পাছতে লাহে লাহে পোহৰলৈ আহে আন অভিযুক্তসকলৰ পৰিচয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, ১৮-২৩ বছৰ বয়সৰ অভিযুক্তকেইজনক ৰবীন দাস, কুলদীপ নাথ, বিজয় ৰাভা, পিংকু দাস, গগন দাস, সৌৰভ বড়ো, মৃণাল ৰভা আৰু দীপংকৰ মুখিয়া বুলি চিনাক্ত কৰা হৈছিল। কিন্তু যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীক এতিয়াও চিনাক্ত কৰা হোৱা নাই।

ঘটনা অনুসৰি যুৱকৰ দলটোৱে সেই সময়ত চলি থকা  ‘ৰাস মহোৎসৱ’ চাবলৈ উপস্থিত হৈছিল আৰু তেওঁলোকে নিজৰাপাৰত থকা দুৰ্গা মন্দিৰ পৰিদৰ্শন কৰিছিল। যুৱকৰ দলটোৰ কেইজনমানে সুৰাপান কৰি এনে অপকৰ্ম সংঘটিত কৰিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে। তেওঁলোকৰ মাজৰ এজনে দলবদ্ধ ধৰ্ষণৰ  ভিডিঅ’ ৰেকৰ্ড কৰিছিল। ভিডিঅ’টোত ৰেকৰ্ড হৈছিল জঘন্য কাণ্ডটো সকলো দৃশ্য।  মহিলাগৰাকীক উলংগ কৰি নিৰ্মম অত্যাচাৰ চলাইছিল নৰপিশাচে। ভিডিঅ’টোৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আটাইকে। বৰ্তমান আটাইকেইজনক জেৰা চলাই  থকা হৈছে গড়চুক আৰক্ষী থানাত।

Latest News