আছুৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, কিয় নিজকে শেষ কৰি দিব বিচাৰিছিল যুৱতীয়ে? | allegation against aasu general secretary sankar jyoti baruah Assam news - Assam Tv9

আছুৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, কিয় নিজকে শেষ কৰি দিব বিচাৰিছিল যুৱতীয়ে?

Published: 

08 Sep 2024 17:30 PM

যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি দীৰ্ঘদিন ধৰি শংকৰজ্যোতি বৰুৱাৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল তেওঁ। দুয়োৰে বিয়া পতাৰ কথাও আছিল কিন্তু চলিত বৰ্ষৰ প্ৰথম ভাগত ছাত্ৰ নেতাগৰাকীয়ে যুৱতীগৰাকীক প্ৰতাৰণা কৰে।

আছুৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, কিয় নিজকে শেষ কৰি দিব বিচাৰিছিল যুৱতীয়ে?

শংকৰজ্যোতি বৰুৱা

Follow Us On

অসমৰ ছাত্ৰ- ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত মাত মাতি অহা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। এগৰাকী যুৱতীয়ে বৰুৱাৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই সমগ্ৰ ছ’চিয়ল মিডিয়াত এতিয়া ইয়াক লৈ চৰ্চা চলিছে। যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি দীৰ্ঘদিন ধৰি শংকৰজ্যোতি বৰুৱাৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল তেওঁ। দুয়োৰে বিয়া পতাৰ কথাও আছিল কিন্তু চলিত বৰ্ষৰ প্ৰথম ভাগত ছাত্ৰ নেতাগৰাকীয়ে যুৱতীগৰাকীক প্ৰতাৰণা কৰে।

শংকৰজ্যোতি বৰুৱাৰ এনে কাণ্ডৰ পাছতেই যুৱতীগৰাকী শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল আৰু আৰম্ভ কৰিছিল ঔষধ সেৱন কৰাৰ। এনেকৈয়ে মানসিক হতাশাৰ বলি হৈ যুৱতীগৰাকীয়ে অত্যাধিক মাত্ৰাত টেবলেট খাই আত্মহত্যাৰ চেষ্টা চলায়। প্ৰায় ২ দিন পূৰ্বে নিশা প্ৰায় ১২.৩০ মান বজাত ছাত্ৰীৰগৰাকীৰ মুমূৰ্ষ অৱস্থাত জি এম চি এইচত ভৰ্তি কৰোৱা হয়। জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাৰ মতে ছাত্ৰীগৰাকীয়ে কেইবাটাও এন্টিবায়টিক সেৱন কৰাৰ ফলত মানসিক অৱস্থাৰ অৱনতি ঘটিছিল। জানিব পৰা মতে, বৰ্তমান যুৱতীগৰাকী সুস্থ আছে যদিও তেওঁ ডিপ্ৰেছন মুক্ত হোৱা নাই।

সংবাদ মাধ্যমৰ আগত যুৱতীগৰাকীয়ে জনোৱা মতে ২০২১ চনৰ পৰাই তেওঁ শংকৰজ্যোতিৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল। ছাত্ৰীগৰাকীৰ ঘৰলৈ শংকৰজ্যোতি প্ৰতি মাহে অহা- যোৱা কৰাৰ লগতে তেওঁক বিয়া কৰাৰ প্ৰতিশ্ৰুতিও দিছিল। শংকৰজ্যোতিৰ ঘৰতো ছাত্ৰীগৰাকীৰ কথা জানিছিল আৰু ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ অইন লোকৰ সৈতে ফোনত কথাও পাতিছিল। ২০২৫ ত দুয়োৰে বিবাহ সম্পন্ন হোৱাৰ কথা আছিল।

ছাত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় যে, পৰৱৰ্তী সময়ত তেওঁলোকৰ ঘৰলৈ শংকৰজ্যোতিৰ আহ- যহ কমিছিল কিয়নো ভৰদ্বাজ উপাধিৰ এগৰাকী কণ্ঠশিল্পীৰ সৈতে শংকৰজ্যোতি বৰুৱাৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ছাত্ৰীগৰাকীয়ে বাৰে বাৰে শংকৰজ্যোতিক ফোন কৰিছিল যদিও ছাত্ৰ নেতাগৰাকীয়ে কোনো সঁহাৰি দিয়া নাছিল। প্ৰেমাস্পদৰ এনে আচৰণক শাৰীৰিক- মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল যুৱতীগৰাকী। বিগত ৬ মাহে শংকৰজ্যোতি বৰুৱাই যুৱতীগৰাকীক অপমান কৰি আহিছিল যি তেওঁ সহ্য কৰিব পৰা নাছিল।

জানিব পৰা মতে যুৱতীগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়া আছিল। ইয়াৰোপৰি যুৱতীগৰাকীয়ে কয় যে, সময়ত শংকৰজ্যোতি আৰু কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে সকলো প্ৰমাণ তেওঁ ৰাজহুৱা কৰিব। ইতিমধ্যে এই সন্দৰ্ভত তেওঁ ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।  মন কৰিবলগীয়া যে, এই গুৰুতৰ অভিযোগৰ পাছতো আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে একো মন্তব্য প্ৰকাশ কৰা নাই।

এই অভিযোগ যদি সঁচা হয় তেন্তে প্ৰশ্ন হয়, এনে একাংশৰ হাতত সুৰক্ষিত জানো ছাত্ৰ- ছাত্ৰীৰ ভৱিষ্যৎ?  এগৰাকী যুৱতীক শাৰীৰিক- মানসিকভাৱে ব্যৱহাৰ কৰাৰ এজনৰ হাতত সুৰক্ষিত নেকি অসমৰ ছাত্ৰ সমাজ? ইয়াৰোপৰি এই বিষয়টোৱে ছাত্ৰ সংগঠনটোৰ লগত জড়িত হৈ থকা যুৱতী সকলৰ সুৰক্ষাৰ দিশটোতো এক প্ৰশ্নবোধকৰ সৃষ্টি কৰে। গতিকে পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত চলালে ঘটনাৰ সবিশেষ পোহৰলৈ আহিব।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version