লংকাত জঘন্য কাণ্ড! প্ৰথমে শাৰীৰিক নিৰ্যাতন, তাৰ পাছত পিতৃক জীৱন্তে জ্বলাই দিয়ে পাষাণ পুত্ৰই

লংকাৰ কাকীৰ বেলতলা মিলনপুৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে  অনুসৰি সামন্য কথাতে পিতা- পুত্ৰৰ মাজত কাজিয়াৰ সৃষ্টি হয়। যাৰ বাবে পুত্ৰ ৰাজকুমাৰ ছাম্পিয়াৰে হত্যা কৰে পিতৃক।  সুৰামত্ত অৱস্থাত থকা পুত্ৰই পিতৃৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই লগতে হাত- ভৰি ভাগি দিয়ে।

লংকাত জঘন্য কাণ্ড! প্ৰথমে শাৰীৰিক নিৰ্যাতন, তাৰ পাছত পিতৃক জীৱন্তে জ্বলাই দিয়ে পাষাণ পুত্ৰই

পিতৃক জীৱন্তে জ্বলাই দিয়ে পাষাণ পুত্ৰই

Published: 

16 Apr 2025 13:41 PM

ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে নৃশংস ঘটনা। পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। পিতৃ ছাৰ্জন ছাম্পিয়াৰক ঘুচিয়াই ঘুচিয়াই নিৰ্যাতন পুত্ৰৰ। কেৱল ইমানে নহয় ৰৰ ভিতৰতে প্ৰহাৰ কৰি পিতৃৰ গাত পাষাণ পুত্ৰই অগ্নিসংযোগ কৰাৰ অভিযোগ। এই ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লংকাৰ কাকীৰ বেলতলা মিলনপুৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে  অনুসৰি সামন্য কথাতে পিতা- পুত্ৰৰ মাজত কাজিয়াৰ সৃষ্টি হয়। যাৰ বাবে পুত্ৰ ৰাজকুমাৰ ছাম্পিয়াৰে হত্যা কৰে পিতৃক।  সুৰামত্ত অৱস্থাত থকা পুত্ৰই পিতৃৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই লগতে হাত- ভৰি ভাগি দিয়ে। কেৱল ইমানেই নহয়, পুত্ৰৰ প্ৰহাৰ মুমূৰ্ষু অৱস্থা হোৱা জন্মদাতা পিতৃক জীৱন্তে জ্বলাই দিয়ে পাষাণ পুত্ৰই। তাৰ পাছতে শেষ নিশ্বাস ত্যাগ কৰে পিতৃ ছাৰ্জন ছাম্পিয়াৰে।

ইতিমধ্যে ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ আজি পুৱা আটক কৰিছে অভিযুক্ত পাষাণ পুত্ৰ ৰাজকুমাৰক। সুৰাৰ বাবেই এনে জঘন্য ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দোষীৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবী ওচৰ-চুবুৰীয়া তথা ৰাইজৰ।

এই ঘটনা প্ৰমাণ কৰিছে কিমান তললৈ গৈছে আমাৰ সমাজখন। দিনে দিনে যেন সকলোৱে হেৰুৱাইছে মানৱতা। নোহোৱা হৈছে ভাবিব পৰা, চিন্তা কৰিব পৰা ক্ষমতা। সুৰামত্ত অৱস্থাত থকা এজন মানুহে হয়তো পাহৰি যায় যে তেওঁ কি কৰিব গৈ আছে। সুৰাৰ ৰাগীত ভাল-বেয়া সকলো পাহৰি হৈ পৰে ৰাক্ষস। এইবোৰ ঘটনাই এক উদাহৰণ যে, কিমান ভৱিষ্যতৰ দিশে গৈ আছো আমি। কি হ’ব আমাৰ ভৱিষ্যত প্ৰজন্মৰ? এইখন মানুহৰ বসবাসৰ বাবে উপযোগী পৃথিৱী হৈ থাকিবনে? কিমান নিষ্ঠুৰ হ’ব পাৰে মানুহ? যাৰ বাবে নিজৰ নিজৰ পিতৃক হত্যা কৰিবলৈ কুন্ঠাবোধ নকৰিলে এইগৰাকী পাষাণ পুত্ৰই।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক