শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১৪ মাৰ্চত অসমলৈ আহিব অমিত শ্বাহ, তিনিদিনীয়া এই ভ্ৰমণত কালত কি কি কাৰ্যসূচী ৰাখিছে গৃহমন্ত্ৰীগৰাকীয়ে ?

১৪ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ ১৪ মাৰ্চত তিনি দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । অসম ভ্ৰমণৰ সময়ত শ্বাহে সদৌ বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক সন্মিলনকে ধৰি একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

১৪ মাৰ্চত অসমলৈ আহিব অমিত শ্বাহ, তিনিদিনীয়া এই ভ্ৰমণত কালত কি কি কাৰ্যসূচী ৰাখিছে গৃহমন্ত্ৰীগৰাকীয়ে ?
অমিত শ্বাহ
manas-borah
Manas Borah | Updated On: 12 Mar 2025 17:09 PM

১৪ মাৰ্চত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । অসমত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । জানিব পৰা মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া সদৌ বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ পাছতে দেৰগাঁৱত লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব বুলি বুধবাৰে বিষয়াসকলে জানিবলৈ দিয়ে।

১৫ মাৰ্চত আৰক্ষী একাডেমী উদ্বোধন কৰি মিজোৰামলৈ ৰাওনা হ’ব অমিত শ্বাহ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৫ মাৰ্চত মিজোৰাম ভ্ৰমণ কৰিব আৰু আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত জোখোৱাছাঙত আছাম ৰাইফলছৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ১৪ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ তিনিদিনীয়া এই অসম ভ্ৰমণত অমিত শ্বাহে ১৫ মাৰ্চত দিনজোৰা মিজোৰাম ভ্ৰমণ কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি একেদিনাই গুৱাহাটীলৈ উভতি আহিব অমিত শ্বাহ। অসম ভ্ৰমণৰ সময়ত শ্বাহে সদৌ বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক সন্মিলনকে ধৰি একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ১৬ মাৰ্চত শ্বাহে এবছুৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ পাছতে পুনৰ দিল্লীলৈ ৰাওনা হ’ব অমিত শ্বাহ ।

এবছুৰ সভাপতি দিপেন বড়োৱে কয় যে, অহা ১৩ মাৰ্চৰ পৰা কোকৰাঝাৰ জিলাত আৰম্ভ হ’বলগীয়া চাৰিদিনীয়া বাৰ্ষিক সন্মিলনত শিক্ষা আৰু যুৱ বিকাশৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। য’ত উপস্থিত থাকিব নীতি নিৰ্ধাৰক, শিক্ষাবিদ, সম্প্ৰদায়ৰ নেতাসকল।

চূড়ান্ত দিনটোৰ এই মুকলি অধিৱেশনত অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, জ্যেষ্ঠ মন্ত্ৰী, সংসদ সদস্য, আৰু গুৰুত্বপূৰ্ণ অংশীদাৰসকল উপস্থিত থাকিব। আলোচনাত শিক্ষা, অৰ্থনৈতিক পদক্ষেপ আৰু উন্নয়ন কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি কয় বড়োৱে ।