লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিলে অমিত শ্বাহে, কি কি সুবিধা আছে একাডেমীখনত…?

লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে ।

লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিলে অমিত শ্বাহে, কি কি সুবিধা আছে একাডেমীখনত...?

অমিত শ্বাহ

Published: 

15 Mar 2025 13:26 PM

আজি দেৱগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে । উদ্বোধনী অনুষ্ঠানৰ অন্তত অমিত শ্বাহক ‘লাচিত বৰফুকন পুলিচ একাডেমী’ত থকা সা-সুবিধাৰ বিষয়ে ডিজিপি হৰমিত সিঙে অৱগত কৰে। ইয়াৰ পিছত আৰক্ষী একাডেমীৰ ভৱনটো ভ্ৰমণ কৰে অমিত শ্বাহে। য’ত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে গৃহমন্ত্ৰীৰ সৈতে ফটো ক্লিক কৰাও দেখা গৈছিল।

তেওঁৰ লগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অসম আৰু মিজোৰামৰ তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ শুকুৰবাৰে সন্ধিয়া যোৰহাটত উপস্থিত হয় অমিত শ্বাহ। ৩৪০ একৰ মাটিত বিস্তৃত এই একাডেমীখন দুটা পৰ্যায়ত আনুমানিক ১০২৪ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিছে।

প্ৰথম পৰ্যায়ত নিৰ্মাণ কৰা ১৬৭.৪ কোটি টকাৰ এই পাঁচ মহলীয়া ভৱনত স্মাৰ্ট শ্ৰেণীকোঠা, অস্ত্ৰ ষ্টিমুলেটৰ, গৱেষণাগাৰ আৰু প্ৰশাসনিক কাৰ্যালয়ৰ লগতে অন্যান্য সুবিধাসমূহৰ উপৰিও সংগ্ৰহালয় আৰু আধুনিক পেৰেড খেলপথাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এজন বিষয়াই কয় যে, এই আধুনিক আন্তঃগাঁথনি প্ৰশিক্ষাৰ্থীসকলক আৰক্ষীৰ প্ৰশিক্ষণৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশ নিৰৱচ্ছিন্নভাৱে প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে।

তেওঁ কয় যে, অস্ত্ৰ প্ৰশিক্ষণৰ ষ্টিমুলেটৰটোৱে কোনো বিপদ নোহোৱাকৈ সম্পূৰ্ণ নিৰাপদ পৰিৱেশত বাস্তৱ জগতৰ যুদ্ধ পৰিস্থিতিৰ বাবে আইন প্ৰয়োগকাৰী কৰ্মীসকলক প্ৰস্তুত কৰাত সহায় কৰিব । ইফালে, স্মাৰ্ট শ্ৰেণীকোঠাসমূহত ইন্টাৰেক্টিভ ডিজিটেল বৰ্ড আৰু ব্যক্তিগত কম্পিউটাৰৰ ব্যৱস্থা থাকিব। এই ভৱনটোত পুথিভঁৰাল, কম্পিউটাৰ লেব আৰু আলোচনা চক্ৰ কক্ষও থাকিব। প্ৰথম পৰ্যায়ৰ অংশ হিচাপে সংগ্ৰহালয় আৰু আধুনিক পেৰেড গ্ৰাউণ্ডো নিৰ্মাণ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জনায়।

একাডেমীখনত ৪২৫.৪৮ কোটি টকা ব্যয় সাপেক্ষে দ্বিতীয় পৰ্যায়ত গৃহ নিৰ্মাণৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ জৰিয়তে ২৪০টা পৰিয়ালৰ বাবে আৱাসিক কোৱাৰ্টাৰ, ৩১২জন বিষয়া/কৰ্মী আৰু ২৬৪০জন প্ৰশিক্ষাৰ্থীৰ বাবে হোষ্টেলৰ ব্যৱস্থা কৰা হ’ব।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ