আজি উত্তৰ-পূব ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ, আলোচনাৰ বিষয়বস্তু কি ?
কোকৰাঝাৰ ভ্ৰমণেৰে আজিৰ দিনটো আৰম্ভণি কৰিব অমিত শ্বাহে । সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কোকৰাঝাৰ ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে । উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য়ৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ ।

অমিত শ্বাহ
আজি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য়ৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ । এই বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে ভাৰতীয় ন্যায় সংহিতা চমুকৈ বিএনএছ (বিএনএছ) ৰূপায়ণৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, শনিবাৰে গৃহমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰি মিজোৰাম ভ্ৰমণ কৰে । মিজোৰামত আছাম ৰাইফলছৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ।
কোকৰাঝাৰ ভ্ৰমণেৰে আজিৰ দিনটো আৰম্ভণি কৰিব অমিত শ্বাহে । সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কোকৰাঝাৰ ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে । মনকৰিবলগীয়া যে, পাঁচ বছৰ পূৰ্বে স্বাক্ষৰিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী আছিল সদৌ বড়ো ছাত্ৰ সন্থা।
কোকৰাঝাৰ ভ্ৰমণৰ পাছতে বিয়লি গুৱাহাটীত উপস্থিত হৈ অসম, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড আৰু ছিকিমৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব গৃহমন্ত্ৰীগৰাকী। যোৱা মাহত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পিছত মণিপুৰ বৰ্তমান ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত আছে । এনে পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰীৰ বৈঠকত মণিপুৰক কোনে প্ৰতিনিধিত্ব কৰিব সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই।
বৈঠকত বিএনএছ ৰূপায়ণৰ ক্ষেত্ৰত এতিয়ালৈকে যি অগ্ৰগতি লাভ কৰিছে তাৰ এক খতিয়ান দাঙি ধৰিব ৰাজ্যসমূহে। অঞ্চলটোৰ ভ্ৰমণৰ সামৰণি মাৰি নিশা নতুন দিল্লীলৈ পুনৰ ৰাওনা হ’ব অমিত শ্বাহ। শুকুৰবাৰে নিশা অসমত উপস্থিত হৈছিল অমিত শ্বাহ । শনিবাৰে মিজোৰামলৈ যোৱাৰ পূৰ্বে গোলাঘাটৰ লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিছিল শ্বাহে।